নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁও জিলা সাহিত্য সভাৰ উদ্যোগত অৰুণোদয় দিৱস উদযাপন

নিয়মীয়া বাৰ্তা ১ জানুৱাৰীঃ নগাঁও জিলা সাহিত্যসভাৰ উদ্যোগত আৰু মনচুন কলা পৰিষদ, দক্ষিণপাট শাখা সাহিত্যসভাৰ সহযোগত দক্ষিণপাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি অৰোণোদয় দিৱস উদযাপন কৰা হয় ৷ এই উপলক্ষে জিলা সাহিত্য সভাৰ সভাপতি পৰান কুমাৰ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত সভাত শিক্ষাবিদ মোহিনী মোহন ডেকাই নিৰ্দিষ্ট বক্তাৰ ভাষন প্ৰদান কৰি কয়- আমি যদি ইতিহাস নাজানো ভবিষ্যত আগবাঢ়িবলৈ অসুবিধা হব। অৰুণোদয় কাকতৰ দৃষ্টিভংগী আছিল সমগ্ৰ জ্ঞান বিকাশত প্ৰাধান্য দিয়াৰ প্ৰাথমিক চৰ্ত। ডেকাই লগতে কয়- অৰোণোদয়ে আধুনিক সাহিত্যৰ সূচনা কৰিছিল ৷

সভাত বিশিষ্ট অথিতি হিচাপে অংশগ্ৰহন কৰি মনচুন কলা পৰিষদৰ প্ৰাক্তন সভাপতি প্ৰফুল্ল চন্দ্ৰ বৰাই কয় যে উদিত সূৰ্য্যৰ পোহৰে পৃথিৱীখন পোহৰ কৰাৰ দৰে অৰণোদয়েও তেনে দৃষ্টিভংগী গ্ৰহন কৰিছিল ৷ সভাতেই প্ৰমোদ বৰাৰ “ৰ’দ ভালপোৱা মানুহৰ বাৱে “কাব্যগ্ৰন্থ খন উন্মোচন কৰে সাহিত্য সভাৰ নগাঁও আঞ্চলিক কাৰ্য্যলয়ৰ সম্পাদক মৃণাল কুমাৰ হাজৰিকাই ৷জিলা সাহিত্য সভাৰ সম্পাদক ৰেবত কুমাৰ হাজৰিকাই উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰতি মোহন নাথ,নিত্যানন্দ বৰা উপসভাপতি থগিত মহন্তৰ লগতে জিলা সাহিত্য সভাৰ আন বিষয়ববীয়া ক্ৰমে কুমদ বৰা,ময়ূৰ বৰা,অধৰ ঠাকুৰীয়া ,কৈলান জ্যোতি বৰা, শিক্ষাবিদ বৃন্দাবন বৰা, তৰুণ চন্দ্ৰ দাস,টংকেশ্বৰ দাস, সভাৰাম মজুমদাৰৰ উপৰিওঁ প্ৰবীন মজুমদাৰ ,লক্ষীকান্ত নাথ,শৰৎ গোস্বামী, দিপাংকৰ শইকীয়া,কবিতা ভট্ট ,জাহ্নবী ভূঞা,ৰুবা ফুকন,হিৰুমনি লস্কৰ ,ৰঞ্জিত নাথ,কৃষ্ণ কানাই ভূঞা ,শৰৎ ভৰালী আদিয়ে অংশগ্ৰহণ কৰে ৷

সভাৰ আৰম্ভণিতে “চিৰ চেনেহী মোৰ ভাষা জননী”গীতটি বিদ্যালয়খনৰ ছাত্ৰছাত্ৰী সকলে পৰিবেশন কৰে৷ সভাখন উদ্ধোধন কৰে সাহিত্য সভাৰ কাৰ্য্যনিৰ্বাহক সদস্য আবুল খায়েৰ আহমেদে৷ ইয়াৰ আগতে দক্ষিণপাট শাখা সাহিত্য সভাৰ সভাপতি লৱকান্ত শৰ্মাই পতাকা উত্তোলন আৰু বিদ্যালয় খনৰ ভুবনেশ্বৰ শইকীয়াই স্মৃতি তৰ্পণ কৰে ৷

You might also like