নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হোজাইত পুনৰ চাইবাৰ প্ৰৱঞ্চকৰ জালত অৱসৰপ্ৰাপ্ত শিক্ষক

ৰাজ্যত পুনৰ সংঘটিত হ’ল এক চাঞ্চল্যকৰ চাইবাৰ প্ৰৱঞ্চনাৰ ঘটনা। এইবাৰ অনলাইন প্ৰৱঞ্চকৰ জালত পৰি জীৱনজোৰা কষ্টোপাৰ্জিত সঞ্চয়ৰ বৃহৎ অংশ হেৰুৱাবলগীয়া হ’ল হোজাই জিলাৰ লামডিঙৰ এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকে। এই ঘটনাই সমগ্ৰ অঞ্চলজুৰি উদ্বেগৰ সৃষ্টি কৰিছে।

প্ৰাপ্ত তথ্য অনুসৰি, লামডিং নগৰৰ সাধুকুটি অঞ্চলৰ বাসিন্দা তথা অৱসৰপ্ৰাপ্ত শিক্ষক মনসিজ ঘোষালৰ ভাৰতীয় ষ্টেট বেংক (এছবিআই)-ত থকা সঞ্চয় একাউণ্টৰ পৰা প্ৰৱঞ্চক চক্ৰই মুঠ ২৪ হাজাৰ টকা বিভিন্ন অনলাইন লেনদেনৰ জৰিয়তে আত্মসাৎ কৰে। জানিব পৰা মতে, যোৱা কেইদিনমানৰ ভিতৰত বিভিন্ন অনলাইন শ্বপিং আৰু ডিজিটেল পেমেণ্টৰ নামত একাধিক সৰু-সৰু লেনদেন সংঘটিত কৰি ধনৰাশি ক্ৰমাৎ উলিয়াই নিয়ে। লেনদেনসমূহৰ বিষয়ে অৱসৰপ্ৰাপ্ত শিক্ষকগৰাকী অৱগত নোহোৱাত কিছু সময়লৈকে বিষয়টো ধৰা পৰা নাছিল। পাছত একাউণ্ট পৰীক্ষা কৰোঁতে তেওঁ একাধিক অচিনাকি ট্ৰাঞ্জেকচন দেখা পাই হতবাক হৈ পৰে।

এক সূত্ৰই প্ৰকাশ কৰা মতে, শিক্ষকগৰাকীয়ে প্ৰথমে এই ঘটনাক কোনো কাৰিকৰী বিভ্ৰাট বুলি ধাৰণা কৰিছিল।কিন্তু পিছত বেংকৰ লেনদেনৰ বিৱৰণী পৰ্যালোচনা কৰোঁতে স্পষ্ট হয় যে তেওঁৰ অনুমতি বা জ্ঞান অবিহনেই বিভিন্ন অনলাইন প্লেটফৰ্মৰ জৰিয়তে ধনৰাশি উলিয়াই নিয়া হৈছে।ইয়াৰ ফলত তেওঁ মানসিকভাৱে ভাগি পৰাৰ লগতে আৰ্থিকভাৱেও বিপৰ্যস্ত হৈ পৰে। দীঘলীয়া শিক্ষকতা জীৱনৰ অন্তত ভৱিষ্যতৰ নিৰাপত্তাৰ স্বাৰ্থত সঞ্চয় কৰি ৰখা ধন এইদৰে মুহূৰ্ততে হেৰাই যোৱাত পৰিয়ালটোৰ মাজতো শোক আৰু উৎকণ্ঠাৰ সৃষ্টি হৈছে।

পৰিয়ালৰ সদস্যসকলে জানিবলৈ দিয়া মতে, অৱসৰপ্ৰাপ্ত শিক্ষকগৰাকীয়ে দৈনন্দিন জীৱনৰ ব্যয় আৰু জৰুৰী প্ৰয়োজনৰ বাবে এই সঞ্চয়ৰ ওপৰতে বহু পৰিমাণে নিৰ্ভৰশীল আছিল। উল্লেখযোগ্য যে সকলো সঞ্চয় হেৰুৱাই মানসিকভাৱে ভাৰাক্ৰান্ত হৈ পৰা শিক্ষকগৰাকীয়ে অৱশেষত লামডিং আৰক্ষীৰ কাষ চাপি ঘটনাৰ সম্পূৰ্ণ বিৱৰণ দাঙি ধৰি এখন লিখিত এজাহাৰ দাখিল কৰিছে।অভিযোগৰ ভিত্তিত আৰক্ষীয়ে বিষয়টোৰ প্ৰাথমিক অনুসন্ধান আৰম্ভ কৰা বুলি জানিব পৰা গৈছে।

আৰক্ষী সূত্ৰৰ মতে, বেংক লেনদেনৰ নথি-পত্ৰ পৰীক্ষা কৰাৰ লগতে চাইবাৰ অপৰাধৰ সৈতে জড়িত সম্ভাব্য ডিজিটেল সূত্ৰসমূহৰ সন্ধান চলোৱা হ’ব। প্ৰয়োজনসাপেক্ষে চাইবাৰ বিশেষজ্ঞ আৰু বেংক কৰ্তৃপক্ষৰ সহযোগিতাত ঘটনাটোৰ গভীৰ তদন্ত অব্যাহত ৰখা হ’ব বুলি জানিব পৰা গৈছে। এই ঘটনাত জড়িত প্ৰৱঞ্চকসকলক অতিশীঘ্ৰে চিনাক্ত কৰি আইনগত ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে ক্ষতিগ্ৰস্ত শিক্ষকগৰাকীৰ ধন উদ্ধাৰৰ বাবে উপযুক্ত পদক্ষেপ গ্ৰহণ কৰিবলৈ ৰাইজে দাবী উত্থাপন কৰিছে।

নিয়মীয়া বাৰ্তা, হোজাই, ৬ জুন : 

You might also like