নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শুৱালকুছিৰ ব্ৰহ্মপুত্ৰৰ সেউজ বালিচৰত দ্বি-শতাধিক বনভোজ দলে আদৰিলে নৱবৰ্ষক

নিয়মীয়া বাৰ্তা, ১ জানুৱাৰীঃ নৱবৰ্ষৰ আজি প্ৰথম দিনটোত এক উখল-মাখল পৰিবেশৰ সৃষ্টি হয় পূৰ্বৰ মানচেষ্টাৰ বস্ত্ৰনগৰী হিচাৱে খ্যাত শুৱালকুছি ৷ শুৱালকুছিৰ ব্ৰহ্মপুত্ৰৰ সেউজ বালিচৰত আজি পুৱাৰে পৰা শুৱালকুছিৰ উপৰিও ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ লগতে ইয়াৰ পাশ্চৱৰ্তী অঞ্চলৰ প্ৰায় দ্বি-শতাধিক বনভোজ দল উপস্থিত হয় ৷ ইংৰাজী নতুন বছৰটো আদৰাৰ বাবে এই দলসমুহ উপস্থিত হৈ যথেষ্ট তামচাফূৰ্তি কৰা পৰিলক্ষিত হয় ৷ প্ৰতিটো দলে ৰন্ধা কাৰ্যত জড়িত হৈ পৰাৰ লগতে লগত অনা ডিজি বজাই নাচ গান কৰি আনন্দত মতলীয়া হৈ পৰে ৷ সৰু সৰু ল’ৰা ছোৱালী সকলে বিভিন্ন খেলা ধুলাত অংশ লৈ মনৰ আনন্দ প্ৰকাশ কৰে ৷ বিশেষকৈ শুৱালকুছিৰ এ চি চি ফিল্ডত বনভোজ দলৰ সংখ্যা সৰ্বাধিক হয় ৷ সন্ধিয়া দল সমুহ উভতি যোৱাৰ পিছত শুৱালকুছিৰ সমগ্ৰ পৰিবেশটো নিজম হৈ পৰে ৷ উল্লেখ যে প্ৰতিবছৰে ইংৰাজী নতুন বছৰৰ প্ৰথম দিনটোত শুৱালকুছিত এনেদৰে বনভোজ দলৰ সমাগম হয় ৷ শুৱালকুছিৰ প্ৰায় পৰিয়ালে ইয়াত অংশ লৈ এক বেলেগ অনুভূতি লাভ কৰে ৷

You might also like