নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰহাত পোন প্ৰথমবাৰৰ বাবে ঐতিহাসিক তিৱা ৰজা বীৰ জোঙালবলহু দিৱস

নিয়মীয়া বার্তা, ২ জানুৱাৰী: মধ্য অসমৰ  ৰহাৰ ইতিহাসপ্ৰসিদ্ধ জোঙালবলহু গড়ত কাইলৈ অনুষ্ঠিত হ’ব ‘তিৱা ৰজা বীৰ  জোঙালবলহু দিবস’। বৰ্ণাঢ্য কাৰ্যসুচীৰে জিলিকি উঠিব অতীতৰ বীৰ ৰজা জোঙালবলহুৰ চানেকি। কেইবাশ বছৰৰ পূৰ্বেই নগাঁও জিলাৰ ৰহাৰ দীঘলিআটিত (চহৰী মৌজা) ৰাজধানী পাতি সাতখলপীয়া গড় বান্ধি নিজৰ বীৰত্বৰে মহীয়ান কৰি কাললৈ খ্যাতি ৰাখি যোৱা তিৱা বীৰ ৰজা জোঙালবলহুৰ কৃতিত্ব আৰু স্মৃতি বিজড়িত ৰহাৰ ঐতিহাসিক জোঙালবলহু গড়ত কাইলৈ  তিনি জানুৱাৰীত দিনযোৰা বৰ্ণাঢ্য কাৰ্যসুচীৰে অনুষ্ঠিত হ’বলগীয়া জোঙালবলহু দিবসৰ বাবে  ব্যাপক প্ৰস্ততি আৰম্ভ হৈছে। সদৌ তিৱা ছাত্র সন্হা, সদৌ তিৱা মহিলা সন্হা, তিৱা সাংস্কৃতিক সমাজৰ উদ্যোগত আৰু তিৱা স্বায়ত্ব পৰিষদৰ আৰু ৰজা বীৰ জোঙালবলহু দিবস উদযাপন সমিতিৰ সহযোগত আয়োজন কৰা  তিৱাসকলৰ ঐতিহ্য-পৰম্পৰা আৰু সাংস্কৃতিক প্ৰতীকস্বৰূপ ‘ৰজা বীৰ জোঙালবলহু দিবস’ উপলক্ষে তিনি জানুৱাৰীত পুৱা ৮ বজাত ৰজা জোঙালবলহুৰ স্মৃতিত তিৱাসকলৰ পৰম্পৰাগত মাংগলিক অনুষ্ঠান অনুষ্ঠিত কৰিব। কাৰ্যসূচী অনুসৰি পুৱা ৮-৪৫ বজাত বন্তি প্ৰজ্বলন আৰু ইয়াৰ পিছতে ৯ বজাত দিবসৰ মূল দ্বাৰ উন্মোচন কৰিব তিৱা স্বায়ত্ব পৰিষদৰ অধ্যক্ষ মদন বৰদলৈয়ে। ৯-৩০ বজাত তিৱা সংগঠনসমূহৰ পতাকা উত্তোলন কৰা হব। দিনৰ ১০ বজাত বীৰ ৰজা জোঙালবলহুৰ ঐতিহাসিক ফলক উন্মোচন কৰিব তিৱা স্বায়ত্ব পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য নাৰায়ণ ৰাডু কাকতিয়ে।

ইয়াৰ পিছতে ১০-৩০ বজাত প্ৰদৰ্শনীৰ দ্বাৰ মুকলি কৰিব অসম চৰকাৰৰ বিত্ত বিভাগৰ সঞ্চালক হেমন্ত কুমাৰ দেউৰীয়ে। ১১ বজাত ৰজা জোঙালবলহুৰ প্ৰতিমূৰ্তি নিৰ্মাতা বিশিষ্ট ভাস্কৰ্য শিল্পী বীৰেণ সিংহৰ লগতে প্ৰতিমূৰ্তি প্ৰতিষ্ঠাৰ লগত জড়িত ব্যক্তি সকলক সম্বৰ্ধনা জনোৱা হব।দুপৰীয়া ১২-৩০ বজাত মুকলি সভা অনুষ্ঠিত হব।তিৱা স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰে উদ্ধোধন কৰিবলগীয়া সভাখনত অসম ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ উন্নয়ন তথা শিক্ষা মন্ত্ৰী ডা:ৰনোজ পেগু, বিশিষ্ট লোকসংস্কৃতিৰ গবেষক ,লেখক মনেশ্বৰ দেউৰী,জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা, কাৰ্বি আংলং স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙ,বিশিষ্ট সাহিত্যিক মিলেশ্বৰ পাটৰ,সদৌ অসম ট্ৰাইবেল সংঘৰ সম্পাদক প্ৰধান আদিত্য খাকলাৰী,সদৌ তিৱা ছাত্র সন্হাৰ মুখ্য উপদেষ্টা ৰিমল আমছি,তিৱা মাখনলাই তখ্ৰাৰ সভাপতি লালসিং মাদাৰ,অসম চৰকাৰৰ প্ৰত্নতত্ব বিভাগৰ সঞ্চালক দিপীৰেখা কুলী,অসম ভৈয়াম জনজাতি উন্নয়ন নিগমৰ অধ্যক্ষ তথা বিধায়ক ৰমাকান্ত দেউৰী আদিৰ ওপৰিও মধ্য অসমৰ ঐতিহাসিক তিৱা ৰাজ্যৰ ১৭ গৰাকী  তিৱা ৰজা উপস্থিত থাকিব বুলি উদযাপন সমিতিৰ সভাপতি প্ৰণৱজ্যোতি মছৰঙ আৰু সাধাৰণ সম্পাদক প্ৰহ্লাদ কুমাৰ মছৰঙে জানিবলৈ দিছে।ইতিমধ্যে জোঙালবলহু দিবস উপলক্ষে জোঙালবলহু ক্ষেত্ৰত উদুলি মুদুলি পৰিবেশৰ সৃষ্টি হৈছে।

প্ৰেৰকঃ ভৱজ্যোতি ডেকা 

You might also like