নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চামগুৰিৰ শিঙিয়া ফুকনাখাটত ৰেলৰ খুন্দাত এটা মখনা হাতীৰ মৃত্যু

নিয়মীয়া বাৰ্তা, ২ জানুৱাৰী: নৱবৰ্ষৰ পহিলা দিনাৰ নিশাই নগাঁও জিলাৰ শালনা বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত চামগুৰিৰ শিঙিয়া ফুকনাখাটৰ পথাৰৰ মাজেদি যোৱা ৰেলপথত গুৱাহাটী পৰা শিলঘাট অভিমুখী যাত্ৰীবাহী ৰেলখনে এটা বনৰীয়া মখনা হাতীক মহতিয়াই নিয়ে ৷ৰেলৰ খুন্দাত বনৰীয়া মখনা হাতীটো শোকাবহ ভাবে মৃত্যু মুখত পৰে ৷ নগাঁও জিলা বন সংমণ্ডলৰ শালনা বনাঞ্চলিক কাৰ্যালয়ৰ অধীনৰ উদমাৰী উপ খণ্ড বন কাৰ্যালয়ৰ অন্তৰ্গত চামগুৰিৰ শিঙিয়া ফুকনাখাটৰ পথাৰৰ মাজেদি যোৱা ৰেলপথত যোৱা নিশা প্ৰায় ৮–৪৫ মান বজাত গুৱাহাটীৰ পৰা শিলঘাট অভিমুখী যাত্ৰীবাহী ৰেলখনে এটা প্ৰকাণ্ড মখনা হাতীক মহতিয়াই নিয়ে ৷ ফলত মখনা হাতীটো শোকাবহ ভাবে থিতাতে মৃত্যু হয় ৷খাদ্যৰ সন্ধানত জনাঞ্চলত প্ৰৱেশ কৰা বনৰীয়া হাতীটোৱে যোৱা নিশা ফুকনাখাটৰ পথাৰৰ বৰপুলৰ সমিপত থকা কলগছ খাই থকা সময়তে উক্ত ৰেলখনে মহতিয়াই নিয়ে ৷পৰৱৰ্তী সময়ত বনৰীয়া হাতীটোৰ মৃত্যু হোৱাৰ খবৰ বিয়পি পৰাৰ লগে লগে অঞ্চলটোৰ ৰাইজৰ ঘটনাস্থলীত উপস্থিত হয়।

আনহাতে উক্ত ঘটনা সংঘটিত হোৱাৰ পাছত নগাঁও জিলা বন সংমণ্ডল প্ৰাধিকাৰী ভাস্কৰ ডেকা, শালনা বনাঞ্চলিক বিষয়া নেপাল চন্দ্ৰ মণ্ডল সহিতে বনকৰ্মীৰ দল ঘটনাস্থলীত উপস্থিত উক্ত ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰে ৷ উল্লেখ্য যে, উদমাৰী উপ-খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ অধীনৰ বৃহত্তৰ চামগুৰি অঞ্চলত বিগত ছয় মাহ ধৰি বনৰীয়া হাতীৰ এটা জাকে উপদ্ৰৱ চলাই গঞা ৰাইজৰ ঘৰ,দুৱাৰ ভঙাৰ লগতে পথাৰৰ ধান খাই বিস্তৰ ক্ষতি সাধন কৰি আহিছে। বন বিভাগৰ লোকে সন্দেহ কৰা মতে, অঞ্চলটোত বিচৰণ কৰি থকা হাতীৰ জাকৰ মাজৰ মখনা হাতীটো যোৱা নিশা ৰেলৰ খুন্দাত মৃত্যু মুখত পৰে ৷ বন বিভাগৰ এক সুত্ৰই জানিব দিয়া মতে বন্যহস্তীৰ বিচৰণ কৰা অঞ্চল সমুহত ৰেলৰ গতিবেগ নিয়ন্ত্ৰণ কৰিবলৈ বন বিভাগে ৰেল বিভাগক আহ্বান জনাই আহিছে ৷ এই ক্ষেত্ৰত যোৱা নিশা সংঘটিত হোৱা ঘটনাটোৰ সন্দৰ্ভত বন বিভাগে ৰেল বিভাগৰ ওপৰত আদালতৰ জৰিয়তে এটা গোচৰ ৰুজু কৰা হব বুলি শালনা বনাঞ্চলিক কাৰ্যালয়ৰ বন বিষয়া নেপাল মণ্ডলে জানিবলৈ দিয়ে ৷

আনহাতে ঘন কুঁৱলীৰ বাবে উক্ত শোকাবহ দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় একাংশ লোকে ।আনহাতে যোৱা নিশা ৰেলৰ খুন্দাত শোকাবহ ভাবে মৃত্যু হোৱা হাতীটো আজি চামগুৰি আৰু পুৰণিগুদামৰ পশু চিকিৎসালয়ৰ যৌথ সহযোগত মৰণোত্তৰ পৰীক্ষা কৰাৰ লগতে ঘটনাস্থলীৰ সমিপতে হাতীটোক সমাধিস্থ কৰে বুলি জানিব পৰা গৈছে ৷

You might also like