প্রতিগৰাকী ব্যক্তিৰ মাজত অসাধাৰণ ব্যক্তিত্ব–উদ্যম নিহিত হৈ থাকে
কানৈ মহিলা মহাবিদ্যালয়ত আলোচনা–চক্রত দিগন্ত বিশ্ব শর্মা
নিয়মীয়া বাৰ্তা ৪ জানুৱাৰীঃ প্রতিগৰাকী ব্যক্তিৰ মাজত অন্তনির্হিত হৈ থাকে অসাধাৰণ ব্যক্তিত্ব, ক্ষমতা আৰু উদ্যম৷ এই সমস্ত গুণৰাজিক নিজৰ ভিতৰৰ পৰা উলিয়াহ বহিঃপ্রকাশ ঘটোৱাৰ বাবে চেষ্টা কৰা উচিত বুলি ৰামকৃষ্ণ পৰমসংহ, স্বামী বিবেকানন্দ আৰু শ্রীৰবিন্দৰ অনুগামী তথা সুবক্তা দিগন্ত বিশ্ব শর্মাহ সোমবাৰে ডিব্রুগড়ত কয়৷ ডিব্রুগড়ৰ মনোহাৰী দেৱী কানৈ মহিলা মহাবিদ্যালয়ৰ প্রেক্ষাগৃহত দেওবাৰে মহাবিদ্যালয়খনৰ আই কিউ এ চি গোটৰ উদ্যোগত জীৱনৰ লক্ষ্য আৰু ব্যক্তিত্বৰ পৰিপূর্ণতা শীর্ষক এক মনোজ্ঞ বত্তৃণতা অনুষ্ঠানত শতাধিক ছাত্রী আৰু মহাবিদ্যালয়ৰ অধ্যক্ষ আৰু অধ্যাপক–ধ্যাপিকাৰ উপস্থিতিত অনুষ্ঠিত হয়৷ অনুষ্ঠানত বিশিষ্ট বক্তা দিগন্ত বিশ্ব শর্মাহ কয়– মহ কোনো পণ্ডিত প্রবৰ নহয়, তেনেহ’লে কিয় মহ এনে ধৃষ্টতা কৰিছোঁ বা মহ বক্তাও নহয়৷ অসতোমা সৎ গময়, তমসো মা জ্যোতির্গময়, মৃত্যুৰ মা অমৃতং গময়৷ আমি অমৃতৰ সন্তান হ’ব বিচাৰোঁ৷ পাশ্চাত্যৰ সভ্যতাত সর্বোচ্চ মানৱ জীৱনৰ লক্ষ্য হ’ল এজন শ্রেষ্ঠ মানৱ হোৱা৷ অর্থাৎ ন’ৰৰ পৰা নৰোত্তম হ’ব বিচাৰোঁ বুলি বক্তা দিগন্ত বিশ্ব শর্মাহ উল্লেখ কৰি পুনৰাহ কয় যে ভাৰতীয় সংস্কৃতি আৰু সভ্যতাহ শ্রেষ্ঠ মানৱ হোৱাতো নকয়৷ আমাৰ সভ্যতাই নৰোত্তমৰ কথাহে ব্যক্ত কৰি নাৰায়ণৰ কথাকে কয় বুলি দর্শক–শ্রোতাৰ আগত সদৰী কৰে৷ শর্মাহ শিক্ষা আৰু আধ্যাত্মিকতাৰ সংযোগৰ মাজেৰে প্রকৃত জ্ঞান লাভ কৰাৰ ইংগিত প্রদান কৰি সভাত উপস্থিত থকা বিশেষকৈ ছাত্রী আৰু শিক্ষাগুৰুসকলক কয় যে শিক্ষাৰ প্রধানতঃ তিনি ডপাদান আছে৷ প্রথমেহ জ্ঞানৰ সন্ধান কৰা, দ্বিতীয়তে জ্ঞানৰ উপলব্ধি কৰা আৰু তৃতীয়তে অন্বেষণ বা আসক্তি৷ কথা ডপনিষদৰে ভাষণ আৰম্ভ কৰি তেওঁ কয়– তাহানি ভাৰতীয় সভ্যতা–সংস্কৃতিত যজ্ঞ কৰাৰ নিয়ম আছিল৷ যজ্ঞৰ পাছতে দান দিব লাগে৷ নছিকেতাৰ পিতৃয়েও যজ্ঞৰ পাছত নিজৰ বাবে অপ্রয়োজনীয় সামগ্রীবোৰ দান দিছিল৷ তেতিয়াহ ১০ বছৰীয়া নচিকেতাহ পিতৃক সুধিছিল যে তাক কাৰ ওচৰত দান দিছে৷যেতিয়া যমৰ ওচৰত দান দিয়া বুলি কোৱাত, নছিকেতা গৈ যমৰ দুৱাৰ পালেগৈ৷ তাতে তিনি দিন, তিনি ৰাতি নচিকেতাহ অনাহাৰে, অনিদ্রাৰে কটালে৷ যম নিজ গৃহলৈ ঘূৰি অহাত নচিকেতাক দেখি স্তম্ভিত হৈ ক্ষমা ভিক্ষা বিচাৰে আৰু নচিকেতাৰ এনে কার্যত মোহিত হৈ যমে তিনি বৰ দিবৰ বাবে প্রতিশ্রুতিবদ্ধ হ’ল৷ এনেদৰেহ যমৰ সৈতে বহু প্রশ্ণৰ অৱতাৰণা হ’ল নচিকেতাৰ৷যমে দিয়া তিনি বৰৰ ভিতৰত নচিকেতাহ বিচৰা আত্মাৰ জ্ঞান দিবলৈ কুণ্ঠাবোধ কৰিছিল যদিও শেষত দিবলৈ বাধ্য হৈছিল যমে৷
শর্মাই কয় যে আমাৰ জীৱনৰ অভিযাত্রা মৃত্যু নহয়, আমাৰ লক্ষ্য মৃত্যু নহয়৷ সম্ভৱ নহ’লেও অমৰত্ব আমাৰ লক্ষ্য হোৱা ডচিত৷ জীৱন, যৌৱন, মৃত্যুৱেহ জীৱনৰ শেষ লক্ষ্য হোৱা অনুচিত বুলি ব্যক্ত কৰি দিগন্ত বিশ্ব শর্মাহ কয়– নচিকেতা, আমাৰ সকলোৰে মাজত আছে৷ নচিকেতাৰ দৰে দর্শন আমাৰ সকলোৰে মাজত আছে৷ মাথোঁ তাক বিচাৰি ল’বলৈ জানিব লাগিব৷ নচিকেতাৰ দৰে ডচ্চ আকাংক্ষা থকাতো জীৱনত খুবেহ প্রয়োজনীয়৷এহ বিশ্বত ৭০০ কোটিৰ অধিক নচিকেতা থকাৰ কথা ডল্লেখ কৰি নচিকেতাৰ দৰে জীৱন দর্শন, আর্দশ আৰু স্থিতপ্রজ্ঞ হোৱাতো বাঞ্ছনীয় বুলি মত পোষণ কৰে শর্মাহ৷ বত্তৃণতা অনুষ্ঠানটোত দিগন্ত বিশ্ব শর্মাহ বৃহদাৰণ্য উপনিষদৰ উদ্ধৃতি দি জনক আৰু যাজ্ঞ্যবল্কৰ মাজত হোৱা কথোপকথন ব্যক্ত কৰি উপস্থিতসকলক এক দর্শন দিয়াৰ প্রয়াস কৰি আধুনিক শিক্ষা ব্যৱস্থাৰ ওপৰতো আলোকপাত কৰে৷ শিক্ষা ব্যৱস্থাত থকা তিনি প্রকাৰৰ আহিলাৰ সম্পর্কত কয় যে সেয়া বিষয় বুৎপত্তি,বস্তু পৰিচয় আৰু বৃত্তিৰ উৎকর্ষ বুলি মন্তব্য কৰি এহবিলাকো শিক্ষাৰ অংগ হ’লেও সমগ্র নহয় বুলি মতপোষণ কৰে৷ তেওঁ পুনৰ কয় যে বর্তমানৰ শিক্ষা ব্যৱস্থাৰ লগত আমাৰ আত্মাৰ কোনো সম্পর্ক নাহ৷ আজিৰ শিক্ষা ব্যৱস্থাহ শিক্ষার্থীসকলক কেৱল প্রতিযোগিতাৰ পাছত দৌৰিব শিকাহছে৷ একোজন শিক্ষার্থীৰ মূল্যাংকনে, তেওঁৰ জ্ঞান বা শিক্ষাৰ মাপকাঠি নির্ধাৰণ নকৰে বুলি সদৰী কৰি আত্মাৰ সৈতে যদি শিক্ষাক জড়িত কৰিব নোৱাৰি, তেনেহ’লে সেয়া সর্বোচ নহয় বুলিও উল্লেখ কৰে বক্তা শর্মাহ৷ তেওঁ পুনৰাই কয় যে আজিৰ শিক্ষা ব্যৱস্থা বিদ্যার্থীকেন্দ্রিক শিক্ষা ব্যৱস্থা নহয়৷ আমাৰ শিক্ষা ব্যৱস্থা বিষয়কেন্দ্রিক৷ ভাল নম্বৰো লাভ কৰে, ভাল চাকৰি–দৰমহা পায়৷ অৱশেষত কেতিয়াবা আত্মহত্যাও কৰিব লগা হয়৷ শিক্ষা, ধন, যশ, ঐশ্বর্য, বিভূতিয়ে মনৰ প্রশস্তি আনিব নোৱাৰে৷যিমানেহ আমাৰ শিক্ষা, ঐশ্বর্য নাথাকক এহ মানুহবোৰ কিহক লৈ বা কি প্রাপ্তিৰে চৰম সুখ লাভ কৰিব পাৰে, সেয়া কোনেও নির্ধাৰণ কৰিব পৰা নাহ৷ কাৰণ এটাই, কাৰণ তেওঁৰ আত্নাৰ স’তে বিদ্যাৰ কোনো সম্পর্ক নাই বুলি উল্লেখ কৰি কয়– আজিৰ শিক্ষা ব্যৱস্থাহ সকলোকে চাকৰিমুখী কৰি তুলিছে বুলি সদৰী কৰি মহাযোগী অৰবিন্দৰ ডদ্ধৃতি দি কয়– যদি কোনো এজন লোকৰ প্রকৃত জ্ঞান থাকে, তেন্তে তেওঁৰ বাবে এটা কর্ম নিশ্চিত৷ আধুনিক মানুহে বিজ্ঞানক প্রশ্রয় দিয়ে, বিজ্ঞান জনাৰ বাবে নহয়৷ আধুনিক মানুহে দর্শন, শাস্ত্র, সংস্কৃতিক কিয় গুৰুত্ব নিদিয়ে? কিয়নো সংস্কৃতিয়ে মানুহৰ জীৱন স্বাচ্ছন্দ্য কৰি নোতোলে৷ সংস্কৃতিয়ে মানুহক মানসিকভাৱে বহু ধনী কৰি তোলে বুলি অভিমত প্রকাশ কৰি বর্তমানে সামাজিক ব্যৱস্থাত শিক্ষাৰ সৈতে আধ্যাত্মিকতা কিমান গুৰুত্বপূর্ণ সেয়া প্রকাৰান্তৰে সকলোকে বুজাহ কয়৷ শেষত ছাত্রীৰ সৈতে বক্তা শর্মাহ মত বিনিময় কৰে৷