নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভগৱান শ্ৰীকৃষ্ণই কৈছে আমাৰ দলেই চৰকাৰ গঠন কৰিব

উত্তৰ প্ৰদেশত নিৰ্বাচনী বতাহ তীব্ৰতৰ হোৱাৰ সময়ত অব্যাহত আছে বাকযুদ্ধ আৰু কটাক্ষ। বতাহত কথাৰ গদা ঘূৰোৱাত কোনেও পিছপৰি থকা নাই। ভগৱান শ্ৰীকৃষ্ণ সদায়ে মোৰ সপোনত আহে আৰু মোক কয় যে নিৰ্বাচনৰ পাছত আমাৰ দলেই চৰকাৰ গঠন কৰিব। এই মন্তব্য কৰিছে উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অখিলেশ যাদৱে।

বিজেপিৰ ৰাজ্যসভাৰ সাংসদ হৰনাথ সিঙে দলৰ ৰাষ্ট্ৰীয় অধ্য়ক্ষ জে পি নাড্ডালৈ অদ্ভুত যুক্তিৰে চিঠি এখন দিয়াৰ পাছতে সমাজবাদী পাৰ্টীৰ নেতাগৰাকীয়ে এই ভেঙুচালি কৰিছে। হৰনাথ সিঙে লিখিছিল যে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক মথুৰা সমষ্টিৰ পৰা প্ৰক্ষেপিত কৰিব লাগে। কিয়নো ভগৱান শ্ৰীকৃষ্ণই তেওঁক সপোনত দেখা দি কৈছে যে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে এই সমষ্টিৰ পৰা খুব সুন্দৰকৈ জিকিব। ইয়াৰ পাছতে অখিলেশ যাদৱে তেওঁৰ সপোনত ভগৱান শ্ৰীকৃষ্ণ অহাৰ কথা কৈ সাংবাদ শিৰোনাম দখল কৰিছে।

You might also like