নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লতা-ভূপেনৰ যুগলবন্দী

গানৰ আঁৰৰ কথা

                                                   মনজিত ৰাজকোঁৱৰ              

                 লতা যেন ব’হাগী কুলিৰে মাত ৷ লতা মংগেশকাৰৰ কণ্ঠৰ বর্ণনা দিবলৈ গৈ ভূপেন হাজৰিকাই আওৰাইছিল উর্দু কবি জিগৰ মোৰাদাবাদীৰ এফাঁকি শ্বায়েৰী–
‘নগমা ৱহী নগমা হে
জো ৰূহ শুনে আউৰ ৰূহ শুনায়ে’
হেমন্ত মুখোপাধ্যায়ৰ জৰিয়তে লতা মংগেশকাৰৰ সৈতে ভূপেন হাজৰিকাৰ যোগাযোগ৷ হাজৰিকা তেতিয়া ‘অসমাপ্ত’ নামৰ বাংলা চলচ্চিত্রৰ সংগীতৰ কামত ব্যস্ত৷ ছবিখনৰ সংগীত পৰিচালক আছিল পাঁচজন৷

 

লতা মংগেশকাৰে ‘অসমাপ্ত’ৰ বাবে বাণীবদ্ধ কৰে দুটা গীত৷ অৱশ্যে ভূপেন হাজৰিকাৰ সুৰত নহয়, নচিকেতা ঘোষৰ সুৰত৷ ‘অসমাপ্ত’ৰ সংগীত পৰিচালককেইগৰাকী আছিল শচীন দেৱ বর্মন, হেমন্ত মুখোপাধ্যায়, দুর্গা সেন, নচিকেতা ঘোষ আৰু ভূপেন হাজৰিকা৷ সেই বছৰতে ভূপেন হাজৰিকাই নির্মাণ কৰে ‘এৰাবাটৰ সুৰ’৷ তাতেই প্রথমবাৰলৈ ভূপেন হাজৰিকাৰ সুৰত কণ্ঠ নিগৰালে লতা মংগেশকাৰে৷ অমৰ হৈ ৰ’ল ‘জোনাকৰে ৰাতি, অসমীৰে মাটি’৷ গীতটো সমগ্র দেশত অধিক জনপ্রিয় হ’ল এখন লং প্লেয়িং ৰেকর্ডৰ জৰিয়তে৷ বিভিন্ন ভাষাত লতা মংগেশকাৰে পৰিৱেশন কৰা বাৰটা গীতৰ সংকলনAround India with Lata (ECLP 2254)৷ এই ৰেকর্ডখনত হিন্দী, মাৰাঠী, বাংলা, তামিলকে ধৰি সন্নিৱিষ্ট হ’ল অসমীয়া ভাষাৰ ‘জোনাকৰে ৰাতি’ গীতটো৷ দেশজুৰি তোলপাৰ লগালে এই গীতটোৱে৷ ‘এৰাবাটৰ সুৰ’ত লতাৰ কণ্ঠত আছিল আৰু এটা গীত– ‘ৰ’দ পুৱাবৰ কাৰণে মাতিবানো কাক’৷ গীতটোত লতা–ভূপেনৰ লগতে কণ্ঠ নিগৰালে হেমন্ত মুখোপাধ্যায়ে৷ ‘তেজীমলা কোন, সোৱণশিৰিৰ সোণ’ বুলি গুৰু–গম্ভীৰ ৰূপত ভাহি আহিল হেমন্ত কুমাৰৰ কণ্ঠ৷ এই হেমন্ত মুখোপাধ্যায়ে ভূপেন হাজৰিকাৰ সাংগীতিক যাত্রাত কম সহায় কৰা নাই৷ চোনোলা কোম্পানীৰ পৰা আনি ভূপেন হাজৰিকাকHMVৰ শিল্পী কৰিলে তেওঁ৷HMVলৈ আহি ভূপেন হাজৰিকাই ১৯৫৪ চনত বাণীবদ্ধ কৰিলে দুটা বাংলা গান– ‘ঝক্ ঝক্ ঝক্ ঝক্ ৰে’ল চলে’ আৰু ‘ও গায়েৰ সীমানায়’৷ ‘গায়েৰ সীমানায়’ গীতটো অসমীয়াৰ পৰা বাংলালৈ অনুবাদ কৰি দিলে হেমাংগ বিশ্বাসে৷ ‘ঝক্ ঝক্ ঝক্ ঝক্’ গীতটো অনুবাদ কৰিলেHMVৰ চাকৰিয়াল ক্ষীতিশ বসুৱে৷ ৰেকর্ড প্রকাশ পোৱাৰ পিছতে হুলস্থূল লাগিল৷ অভিযোগ উঠিল গান দুটাত লুকাই আছে দেশদ্রোহিতাৰ সুৰ৷ চাকৰি গ’ল ক্ষীতিশ বসুৰ৷HMVয়ে ৰেকর্ড নকৰা হ’ল ভূপেন হাজৰিকাৰ গান৷ পুনৰ আগুৱাই আহিল হেমন্ত মুখোপাধ্যায়৷ সকলোবোৰ বুজা–পৰালৈ অহাৰ পিছত ভূপেন হাজৰিকাৰ সহায় হওক বুলিয়েই দুয়ো মিলি ৰেকর্ড কৰিলে দুটা ডুৱেট– ‘গুম গুম গুম গুম মেঘ ঐ গৰজায়’ আৰু ‘আঁকা বাঁকা এ পথেৰ’৷

১৯৫৬ চনত মুক্তিলাভ কৰিলে ‘এৰাবাটৰ সুৰ’ ছবিখনে৷ ১৯৫৭ চনত ভূপেন হাজৰিকাৰ সংগীত পৰিচালনাত মুক্তি পালে দুখন বাংলা ছবিয়ে৷ দুয়োখনতে গীত গালে লতাই৷ এখন ছবি ‘কড়ি ও কোমল’৷ ‘জোনাকৰে ৰাতি’ৰ অভূতপূর্ব সাফল্যৰ পিছত সেইটো সুৰতে লতাৰ কণ্ঠত বাণীবদ্ধ কৰিলে এটা গীত– ‘তীৰ বেঁধা পাখি আমি জেগে থাকি আহক একাকী নীড়ে, ওগো সুৰ সাথী বল কত ৰাতি বিফলে যাবে গো ফিৰে’৷ এই একেটা সুৰতে ১৯৮১ চনত লতা মংগেশকাৰৰ সুৰত পুনৰ ভূপেন হাজৰিকাই বাণীবদ্ধ কৰালে এটা গীত ‘জোছনাৰ ৰাতি পিছু টানে স্মৃতি, কত কথা মনে আসে’৷ ছবিখনৰ আনটো গীত আছিল ‘অস্ত আকাশৰে’ গীতটোৰ সুৰত ‘অস্ত আকাশে দিনেৰ চিতা জ্বলে, হংসবলাকা কুলায় ফিৰে চলে’৷ এইটো সুৰতে পৰৱর্তী সময়ত মিণ্টু মুখোপাধ্যায়ৰ অনুবাদেৰে লতাৰ কণ্ঠত অমৰ হ’ল ‘অস্ত আকাশেৰ গোধূলি ৰং নিয়ে’৷ আনখন ছবি বিখ্যাত পৰিচালক অসিত সেনৰ বিগ বাজেট ছবি ‘জীৱন তৃষ্ণা’৷ ‘জীৱন তৃষ্ণা’ত উত্তম–সুচিত্রা যুটিৰ চমক৷ পিছলৈ ‘চফৰ’, ‘খামোশী’ৰ দৰে হিন্দী ভাষাৰ সফল আৰু জনপ্রিয় ছবিৰ নির্মাতা অসিত সেন আছিল নগাঁৱৰ৷ তেওঁৰ প্রথমখন ছবিও অসমীয়া ভাষাৰ৷ ‘বিপ্লৱী’ নামৰ সেই ছবিখনত কণ্ঠদান কৰিছিল ভূপেন হাজৰিকাই৷ এই ‘জীৱন তৃষ্ণা’ৰ বাবে গীতিকাৰ শ্যামল গুপ্তৰ কথাৰে লতা মংগেশকাৰে কণ্ঠদান কৰিলে ‘ফেলে আসা পথ পানে’ বোলা এটি গীতত৷

এইছোৱা সময়তে ভূপেন হাজৰিকাৰ সুৰত লতা মংগেশকাৰে ৰেকর্ড কৰিলে দুটা আধুনিক বাংলা গান৷ ইতিহাস ৰচিলে গীত দুটাই৷ ১৯১৪ চনৰ পৰা পূজাৰ সময়ত বাংলা গান ‘শাৰদীয় অর্ঘ’ ৰূপত প্রকাশ পোৱাটো এটা পৰম্পৰা৷ প্রথমবাৰলৈ ভূপেন হাজৰিকাৰ সুৰত লতা মংগেশকাৰে বাণীবদ্ধ কৰিলে পূজাৰ বাংলা গান৷ ৰেকর্ডখনৰ আঁৰত আছে আকর্ষণীয় কাহিনী৷ ‘নীল আকাশেৰ নীচে’ নামৰ মৃণাল সেনৰ বিখ্যাত ছবিখন প্রথমে পৰিচালনা কৰাৰ কথা আছিল ভূপেন হাজৰিকাই৷ ছবিৰ মুহূর্তত ভূপেন হাজৰিকাৰ অনুৰোধত ক্লেপষ্টিক দিবলৈ আহিল লতা মংগেশকাৰ৷ থকাৰ কথা আছিল গ্রেণ্ড হোটেলত, থাকিল ভূপেন হাজৰিকাৰ টালিগঞ্জৰ ঘৰত৷ লতাই গীতিকাৰ পুলক বন্দোপাধ্যায়ক মাতি ক’লে– ‘দুটা গীত লিখক, মই এইবাৰ ভূপেনদাৰ সুৰত প্রথম পূজাৰ বাংলা আধুনিক গান ৰেকর্ড কৰি যাম৷’ পিছে ভূপেন হাজৰিকাৰ মুড নাই৷ হাৰমনিয়াম ভাল কৰাবলৈ দিয়া আছে৷

 

হাৰমনিয়ামখন নোহোৱাকৈ নতুন গান অসম্ভৱ৷ নতুন গানৰ প্রস্তাৱ নাকচ কৰি ভূপেন হাজৰিকা গীতিকাৰ পুলকক লৈ ওলাই আহিল ঘৰৰ পৰা৷ আত্মজীৱনীমূলক গ্রন্থ ‘কথায় কথায় ৰাত হয়ে যায়’ত পুলক বন্দোপাধ্যায়ে ধৰি ৰাখিছে এনেদৰে– ‘মই আৰু বাধা নিদিলো৷ দুয়ো চৌৰংগীতে নামিলো৷ তেওঁ জনতা পিকচার্ছলৈ গ’ল৷ মই গানৰ চিন্তাত বিভোৰ হৈ চৌৰংগীতে ঘূৰি ফুৰিছো৷ কাম শেষ কৰি ভূপেন বাবুয়ে চাংৱা ৰেষ্টুৰেণ্টলৈ যোৱাৰ কথা কৈছিল৷ গতিকে অলপ সময় পিছত ময়ো ৰেষ্টুৰেণ্ট পালোগৈ৷ ভূপেন বাবুক বিচাৰি মেলি কেবিন এটাত পালো৷ মোক দেখি আচৰিত হ’ল যদিও হাঁহি হাঁহি মাতি নি কাষতে বহুৱালে৷ খাবলৈ কিবাকিবি অর্ডাৰো দিলে৷ মোৰ উদ্দেশ্য পিছে খোৱা নহয়, এটা গান লিখাহে৷ ভূপেন বাবুৰ এটা অসমীয়া গীত প্রায়েই তেওঁৰ মুখত শুনিছিলো৷ আচলতে শুনি শুনি মুখস্থই হৈ গৈছিল৷ গীতটো আছিল– পৰহি পুৱাতে টুলুঙা নাৱতে ৰংমন মাছলৈ গ’ল৷ ভূপেন বাবুক ক’লো এইটো সুৰতে এটা গীত লিখো৷ লগত কলম আছিল, পিছে কাগজ ক’ত পাওঁ? ৰেষ্টুৰেণ্টৰ বিলৰ ওপৰতেই লিখিলো ‘ৰংগিলী বাঁশীতে কে ডাকে, ঘুম ঘুম নিশ্চুপ ৰাতেৰ মায়ায়’৷ গীতটো দেখি ভূপেন বাবুৰ মুখ উজলি উঠিল৷ কেবিনৰ ভিতৰতে তেওঁ গাবলৈ লাগিল৷’ ৰেকর্ডখনৰ আনটো গীত পিছে পুলক বন্দোপাধ্যায়ৰ কথাৰ ভিত্তিতে সুৰ ঢ়ালি প্রস্তুত কৰিছিল ভূপেন হাজৰিকাই৷ ‘মনে ৰেখ, ওগো আধো চাঁদ’ নামৰ এই গীতটোৰ সুৰতে পিছলৈ আশা ভোছলেৰ সুৰত ভূপেন হাজৰিকাই বাণীবদ্ধ কৰিছিল ‘অ’ অভিমানী বন্ধু, ভুল তুমি নুবুজিবা’ গীতটো৷

পুনৰ আহোঁ অসমীয়া গীতৰ প্রসংগলৈ৷ ভূপেন হাজৰিকাৰ সুৰত ‘এৰাবাটৰ সুৰ’ৰ বাহিৰে আৰু দুখন অসমীয়া ছবিৰ বাবে কণ্ঠদান কৰে লতা মংগেশকাৰে৷ ১৯৮৮ চনত ‘চিৰাজ’ ছবিৰ বাবে ভূপেন হাজৰিকাৰ সৈতে লতাৰ ডুৱেট ‘কঁপি উঠে কিয় তাজমহল, পুৱতি নিশাৰ আজানৰ স’তে আজান তুলি যমুনাত ক’ত ধুমুহাৰ কোলাহল, তাজমহল’৷ ১৯৯৫ চনৰ ‘পানী’ ছবিখনৰ বাবে বাণীবদ্ধ কৰি ‘মই অথাই জলধিৰ মাজলৈ আহিলোঁ সাঁতুৰি, দূৰ দূৰণিত দুপাৰ এৰি খাইছোঁ হাবাথুৰি’ গীতটো৷ সমান সাফল্যৰে লতা মংগেশকাৰে প্রতিটো ভাৰতীয় ভাষাৰে গীত গাইছে৷ ভূপেন হাজৰিকাৰ ভাষাত– ‘লতাই ভাৰতৰ সকলো ভাষাত গীত গাইছে’৷ মোৰ ‘জোনাকৰে ৰাতি অসমীৰে মাটি’ গীতটি গাওঁতে চকু মুদি মোৰ পৰা অসমৰ প্রাকৃতিক সৌন্দর্যৰ বর্ণনা শুনি লৈ গাইছে৷ মির্জা গালিবৰ গজল গাওঁতে উর্দু শিকি লৈছে৷ শ্রীমদ্ভাৱগত গীতাৰ লং প্লেয়িং ৰেকর্ড কৰাৰ আগতে সাত দিন সাত ৰাতি তিনিজন ব্রাহ্মণৰ পৰা সংস্কৃতৰ উচ্চাৰণ শিকি লৈছে৷’
১৯৫৭ চনৰ ‘জীৱন তৃষ্ণা’ নামৰ বাংলা ছবিখনৰ পিছত অসিত সেনৰ পৰৱর্তী ছবি ‘জোনাকীৰ আলো’ৰ সংগীত পৰিচালনা কৰে ভূপেন হাজৰিকাই৷ লোকসংগীতৰ আধাৰত সুৰ কৰা দুটি গীতত কণ্ঠ নিগৰাই লতা মংগেশকাৰে৷ এটা গীত– ‘উড়কি ধানেৰ মুড়কি দেব, শালি ধানেৰ খৈ, আৰ চাঁপা কলাৰ সাথে দেব চিনি পাতা দৈ’৷ আনটো গীত ‘হস্তীৰ কন্যাৰে’ গীতটোৰ সুৰত গৌৰীপ্রসন্ন মজুমদাৰৰ কথাৰে– ‘শোন জোনাকী কন্যা ৰে, মানুষেৰ দয়া নাই তোমাৰি লাগিয়া৷’ ১৯৮১ চনত ভূপেন হাজৰিকাৰ সংগীতেৰে বাণীবদ্ধ হ’ল লতা মংগেশকাৰৰ এখনEP ৰেকর্ড(S/7EPE 3368)৷ জনপ্রিয় হ’ল আটাইকেইটা গীত৷ শ্রোতাই আদৰি ল’লে ‘ভালো কৰে তুমি চেয়ে দেখো’ আৰু ‘অপৰূপা অপৰূপা’ গীত দুটা৷

হিন্দী গানৰ ক্ষেত্রত ‘আৰোপ’ ছবিৰ লতা–কিশোৰৰ ডুৱেট ‘নেইনো মে দর্পন হে’ৰ জনপ্রিয়তাৰ কথা সর্বজনবিদিত৷ ইয়াৰ পিছতে ১৯৮৬ চনত ‘এক পল’ ছবিৰ বাবে ভূপেন হাজৰিকাৰ সুৰত লতাই গালে তিনিটা গীত৷ প্রথমটো গীত ‘গুপুতে গুপুতে কিমান খেলিম’, এই গীতটোৰ সুৰত ‘চুপকে চুপকে হম পলকো মে’৷ দ্বিতীয়টো ‘ৰাধাচূড়াৰ ফুল গুজি’ গীতটোৰ সুৰত ‘জানে ক্যা হে জী ডৰতা হে’৷ তৃতীয়টো গীত লতা–ভূপেনৰ ডুৱেট– ‘ময়ো বনে যাওঁ স্বামী হে’ গীতটোৰ আধাৰত গুলজাৰে লিখিলে– ‘মে তো সংগ যাউ বনবাস’৷ অৱশ্যে ‘এক পল’ৰ গীতকেইটাই প্রভূত জনপ্রিয়তা নাপালে৷ তাৰ বাবে আমি ৰ’ব লগা হ’ল ‘ৰুদালি’লৈ৷ ‘ৰুদালি’য়ে ভূপেন হাজৰিকাৰ সাংগীতিক কৃতিত্বক নতুন পৰিচয় দিলে৷ গুলজাৰৰ গীতি–সাহিত্য, ভূপেন হাজৰিকাৰ সংগীত আৰু লতা–ভূপেন–আশাৰ কণ্ঠই ‘ৰুদালি’ক লৈ গ’ল অন্য এক পর্যায়লৈ৷ ‘ৰুদালি’ৰ বাবে লতা মংগেশকাৰে তিনিটা গীতত– ‘দিল হুম হুম কৰে’, ‘সময় অ’ ধীৰে চলো’ আৰু ‘ঝুঠী মুঠী মিতৱা’ এই গীতকেইটাৰ বিষয়ে বোধহয় নতুনকৈ ক’বলৈ একোৱেই নাই৷ ১৯৭৯ চনত ভূপেন হাজৰিকাই সংগীত পৰিচালনা কৰিছিল এখন ভোজপুৰী ছবিৰ৷ ‘ছঠ মাইয়া কী মহিমা’ নামৰ ছবিত ভূপেন হাজৰিকাই বিহাৰৰ লোকসংগীতৰ মাণিক সংৰক্ষণ কৰি ৰাখিলে৷ বিন্ধ্যাবাসিনী দেৱী নামৰ প্রখ্যাত লোকসংগীত গায়িকাৰ কণ্ঠত বাণীবদ্ধ কৰিলে কেইবাটাও অপূর্ব গীত৷ এইখন ছবিতো লতা মংগেশকাৰে ভূপেন হাজৰিকাৰ বাবে কণ্ঠ নিগৰালে এটা গীতত– ‘মেৰে মাথে কা সিন্দূৰ, মুঝছে হো গয়া দূৰ৷’

১৯৯২ চনত অসমীয়া সংগীতৰ শ্রোতালৈ ভূপেন হাজৰিকাই আগবঢ়ালে ‘চয়নিকা’ নামৰ এটা গীতি সংকলন৷ লতা মংগেশকাৰৰ বাবে ড০ হাজৰিকাই লিখিলে এটা বিশেষ গীত৷ অসম আৰু মহাৰাষ্ট্রৰ সাংস্কৃতিক ঐতিহ্য আৰু সাদৃশ্য বর্ণনা কৰি ভূপেন হাজৰিকাৰ কলমেৰে নিগৰি আহিল ‘গোদাৱৰী নৈৰে পাৰৰে পৰা অসমী আইলৈ যাচোঁ প্রণাম’৷ লতা মংগেশকাৰে হিয়া উজাৰি গালে–
মই মাৰাঠী গাঁৱৰে জীয়ৰী
মোৰ নয়নত লাজ ভৰা চাৱনি
পিছে ৰণক্ষেত্রতে ‘পোৱাড়া’ গাঁও
আনন্দতে গাঁও ‘লাৱনি’
সূৰুয উঠাৰ আগতে ‘ওভি’
গাঁও প্রভুকে সুঁৱৰি
অসমৰ জীয়ৰীয়ে যেনেকৈ গায়
বৰগীত বিহু হুঁচৰি৷
ভূপেন হাজৰিকাৰ ভাষাৰে– আমাৰ লাচিত বৰফুকন আছে, মহাৰাষ্ট্রত শিৱাজী আছে৷ ৰামদাস আছে তাত, আমাৰ আছে শংকৰদেউ৷ ঊষাই কান্দে তেজপুৰত, সীতাই কান্দে মহাৰাষ্ট্রত৷ অসমৰ আছে বিহুনাম, বৰগীত, মহাৰাষ্ট্রৰ আছে ওভি, পোৱাড়া৷ লতাই ক’লে– আৰু বহু কথা মিলে৷ কিছু আৱেগগধুৰ হৈ ক’লে– ‘ভূপেনদা, আচৰিত হৈছোঁ যে ভাৰতৰ কোনো ঠাইতে মাকক আই নোবোলে৷ অসমৰ দৰে আমিও মাৰাঠীত আইহে কওঁ৷’ এইবোৰেই সোঁৱৰণিৰ মিঠা সমলয়৷ এইটো সংকলনৰে আন এটা গীত, প্রেমক পৱিত্র জ্যোতিপ্রপাতলৈ পৰিণত কৰা গীত–
তুমি আহা ওচৰলৈ আহা
ভাঙি প্রাচীৰ বাধাৰ
কৰি মন্থন অমৃত সাগৰ
অনন্ত সুৰ আধাৰ
আমাক নেলাগে সংঘাত
এই মুহূর্ত অতি পৱিত্র
প্রেমৰ জ্যোতিপ্রপাত
দুয়ো মুখামুখি অতি সুখে সুখী
বাহিৰ বিশ্ব নিমাত৷
‘কেৱল সুৰ আৰু কথাৰে গান নহয়৷ গান এটা গোৱাৰ ওপৰতহে নির্ভৰ কৰে৷ লতাৰ ঈশ্বৰপ্রদত্ত দিশটো হ’ল– ইলেক্ট্রনিক টিউনৰ ওপৰত নির্ভৰ নকৰাটো৷ তেওঁৰ গানবোৰ মুক্ত ৰূপত প্রকাশ পায়৷ লতাই গান নাগায়, সুৰৰ ছবি আঁকে৷’ লতা মংগেশকাৰৰ গীত সন্দর্ভত এয়াই ভূপেন হাজৰিকাৰ অভিমত।