নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মই গভীৰ ষড়যন্ত্রৰ বলি হৈছোঁ, যুঁজত জিকি অসম এৰি যামগৈ

নিয়মীয়া বাৰ্তা ৭ জানুৱাৰীঃ কি কৰিলোঁ মই নিজেই নাজানো৷ দৰিদ্রজনক সহায়ৰ হাত, বৃদ্ধসকলক সহায়, দিব্যাংগসকলৰ কষ্ট লাঘৱৰ হকে চিন্তা কৰাৰ উপৰি নিতৌ নৱসৃষ্টিৰ তাড়নাত মই অহৰহ ডুব গৈ আছিলোঁ৷ তাৰ ফলস্বৰূপে মই স্বীকৃতি পাইছিলোঁ৷ সন্মানিত হৈছিলোঁ৷ পিছে সেয়াই মোৰ কাল হ’ল৷ একাংশ লোকে মোৰ সফলতাক সহ্য কৰিব নোৱাৰিলে৷ মই গভীৰ ষড়যন্ত্রৰ বলি হ’লোঁ৷ নাবালিকা নির্যাতনৰ দৰে অপবাদত মোক অভিযুক্ত কৰা হ’ল৷ মোৰ ন্যায় ব্যৱস্থা, আইনী ব্যৱস্থা আৰু সংবাদ মাধ্যমৰ ওপৰত আস্থা আছে৷ সত্য আৰু ন্যায়ৰ হকে মই যুঁজি যাম৷ এই যুঁজখনত মই জয়ী হ’ম৷ যুঁজখনৰ অন্ত পৰিলে মই অসম এৰি ক’ৰবালৈ গুচি যামগৈ৷’ –এই ভাষ্য পদ্মশ্রী উদ্ধৱ ভৰালীৰ৷

বৃহস্পতিবাৰে   তেওঁ সংবাদ মাধ্যমৰে মুখামুখি হৈ এনেদৰে মনৰ ক্ষোভ প্রকাশ কৰে৷ উল্লেখ্য যে এগৰাকী তোলনীয়া কিশোৰীক যৌন নির্যাতন চলোৱাৰ অভিযোগত তেওঁৰ ওপৰত গোচৰ তৰা হৈছে৷ আদালতত বিচাৰাধীন গোচৰমর্মে তেওঁ অন্তর্ৱর্তী জামিন লৈ ঘৰতে আছে৷ আৰক্ষী বিষয়াই তদন্তৰ খাতিৰত তেওঁক সোধা–পোছাও কৰিছে৷ এই লৈ অত্যন্ত দুখ প্রকাশ কৰি তেওঁক সামাজিকভাৱে হত্যা কৰাৰ ষড়যন্ত্র কৰা হ’ল বুলি খেদ প্রকাশ কৰে৷ যিখন সমাজৰ হকে তেওঁ দিনে–নিশাই চিন্তা কৰিছিল, সেইখন সমাজৰে একাংশই তেওঁৰ বিৰুদ্ধে এনে ষড়যন্ত্র ৰচনা কৰা বুলি আক্ষেপ প্রকাশ কৰি তেওঁ কয়– মোক সামাজিকভাৱে হত্যা কৰিলেও মোৰ প্রতিভাক হত্যা কৰিব নোৱাৰে৷ মই মোৰ প্রতিভাকে সম্বল কৰি অসম এৰি কোনোৱা বেলেগ ঠাইলৈ গুচি যামগৈ৷

You might also like