নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দলগাঁৱৰ কোব্ৰা ৰেজিমেন্টৰ কেম্পক কন্টেইনমেন্ট জোন ঘোষণা; এসপ্তাহৰ বাবে কেন্দ্ৰীয় বিদ্যালয় বন্ধ ঘোষণা

নিয়মীয়া বাৰ্তা, ৭ জানুৱাৰী: দৰঙৰ দলগাঁৱস্থ ২১০ চি আৰ পি এফ (কোব্ৰা) ৰেজিমেন্টৰ মুখ্য কাৰ্যলয়ৰ কেম্প সম্প্ৰতি ক’ৰণাৰ হটস্পটত পৰিণত হৈছে ৷ বিগত তিনি দিনত কেম্পত ক’ভিডত আক্ৰান্তৰ সংখ্যা ৬৪ জনলৈ বৃদ্ধি হোৱাত জিলা প্ৰশাসনে কালি সমগ্ৰ কেম্পৰ এলেকাটোক কন্টেইনমেন্ট জোন ঘোষণা কৰে ৷ ফলত কেম্পৰ ভিতৰত থকা কেন্দ্ৰিয় বিদ্যালয় খনক কতৃপক্ষই এসপ্তাহৰ বাবে বন্ধ ঘোষণা কৰিছে ৷ জানিব পৰা মতে যোৱা ২২ ডিচেম্বৰৰ পৰা বিদ্যালয় খনক শীতকালীন বন্ধ ঘোষণা কৰাত বিদ্যালয়ৰ কে’বাজনো শিক্ষক শিক্ষয়িত্ৰীৰ লগতে কেম্পৰ অন্যান্য পৰিয়াল সকল বহি:ৰাজ্যৰ নিজ গৃহলৈ গৈছিল ৷ বন্ধ শেষ হোৱাৰ পাছত চলিত সপ্তাহৰ প্ৰথমৰ পৰাই সকলোৱে কেম্পলৈ উভতি আহিব ধৰাত ৰাজ্যখনত টেষ্ট কৰাত বহুতেই ক’ভিডত আক্ৰান্ত হয় ৷ যোৱা ৪ জানুৱাৰীত সাত জন, ৫ জানুৱাৰীত ১০ জন আৰু কালি ৪৭ জন কেম্পৰ ব্যক্তি ক’ভিড পজিটভ হোৱাত সমগ্ৰ দলগাঁও এলেকাতে চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ উল্লেখ্য ক’ভিড পজিটিভ হোৱা কেম্পৰ অধিকাংশ লোকেই দুটাকৈ ভেকচিন গ্ৰহণ কৰিছিল ৷ দুটাকৈ ভেকচিন লোৱাৰ পাছতো ক’ভিডৰ পৰা হাত সাৰিব নোৱাৰে বুলি কেম্পৰ এই ঘটনাৰ দ্বাৰা প্ৰমানিত হোৱাত সকলো ৰাইজকে মাস্ক পৰিধান কৰাৰ লগতে সামাজিক দূৰত্ব বজাই ৰাখিবলৈ সচেতন মহলে আহ্বান জনাইছে ৷ ইপিনে ১৫ বছৰৰ ছাত্ৰ ছাত্ৰী সকলক ভেকচিন দিয়াৰ কাম দলগাঁও এলেকাতো তীব্ৰ গতিত চলিছে ৷ আজি দলগাঁও বালিকা উচ্চ ইংৰাজী বিদ্যালয়ৰ লগতে দলগাঁও এলেকাৰ কে’বাখনো বিদ্যালয়ত ছাত্ৰ ছাত্ৰী সকলক ভেকচিন দিয়ে ৷

You might also like