নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জোনাইৰ ডেকাপামত যাত্ৰীবাহী ৰে’লে মহটিয়াই নিলে চাৰিচকীয়া বাহন, এজন নিহত

ডিজিটেল ডেস্ক, জোনাই,  ৫ জুন : জোনাইৰ ডেকাপামত আজি এক শোকাৱহ ৰে’ল দুৰ্ঘটনা সংঘটিত হয়। জানিব পৰা মতে, আজি দুপৰীয়া প্ৰায় ২ বজাত লিডু-মুৰ্কংচেলেক যাত্ৰীবাহী ৰে’লে এখন চাৰিচকীয়া বাহন (AR-02A-1548) প্ৰায় ৫০০ মিটাৰ দূৰলৈ মহটিয়াই লৈ যায়।

উন্মুক্ত ৰে’ল ক্ৰছিং পাৰ হ’বলৈ চেষ্টা কৰাৰ সময়তে ৰে’লখনৰ খুন্দাত বাহনখন দুৰ্ঘটনাগ্ৰস্ত হয়। এই ভয়ংকৰ দুৰ্ঘটনাত অৰুণাচল প্ৰদেশৰ তাজ গাঁৱৰ ৰিবা উপাধিধাৰী এগৰাকী মহিলাৰ ঘটনাস্থলীতে মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।

আনহাতে, দুৰ্ঘটনাটোত আহত হোৱা আন এজন লোকক সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে জৰুৰীভাৱে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হৈছে বুলি স্থানীয় সূত্ৰে জানিবলৈ দিয়ে। এই ঘটনাই সমগ্ৰ অঞ্চলজুৰি শোকৰ ছাঁ পেলোৱাৰ লগতে উন্মুক্ত ৰে’ল ক্ৰছিংসমূহত সুৰক্ষা ব্যৱস্থা শক্তিশালী কৰাৰ দাবী উত্থাপন হৈছে।

You might also like