ক’লা আখৰৰ প্রতি বিৰাগ
বিজ্ঞানৰ ন ন আৱিষ্কাৰ অথবা তথ্য–প্রযুক্তিৰ সম্প্রসাৰণ এক স্বাভাৱিক প্রক্রিয়া৷ তথ্য–প্রযুক্তিৰ দ্রুত প্রসাৰৰ লগে লগে আমাৰ সমাজ জীৱনৰো বিশেষ পৰিৱর্তন দেখা গৈছে৷ বিগত দুটা দশকত ম’বাইল ফোন সেৱাৰ লগতে ইণ্টাৰনেট ব্যৱস্থাৰ বিশেষ পৰিৱর্তনে আমাৰ জীৱনধাৰা বহু পৰিমাণে সলনি কৰি দিছে৷ আত্মীয়–স্বজন, বন্ধু–বান্ধৱৰ লগতে চৰকাৰী–বেচৰকাৰী যোগাযোগ ব্যৱস্থাও সহজলভ্য কৰি তুলিছে৷ সংবাদ মাধ্যমতো ইয়াৰ প্রভাৱ বিশেষভাৱে পৰিলক্ষিত হৈছে৷ ডিজিটেল মিডিয়া, ৱেব মিডিয়া, ব্লগ আদিৰ জৰিয়তে নতুন সাংবাদিকতাৰ ধাৰা প্রৱর্তিত হৈছে৷ দেশ–বিদেশৰ প্রখ্যাত আলোচনী, বাতৰিকাকত আদিও এতিয়া উপলব্ধ হৈছে ইণ্টাৰনেটত৷ আনকি গ্রন্থও উপলব্ধ হৈছে নতুন তথ্য–প্রযুক্তিৰ ব্যৱস্থাত৷ এনে এক ব্যৱস্থাৰ মাজত বাতৰিকাকত, আলোচনী, গ্রন্থৰ আদ পূর্বৰ তুলনাত বহু পৰিমাণে হ্রাস পাইছে৷ তথ্য–প্রযুক্তিৰ সম্প্রসাৰণ আমি কোনো কাৰণতে এৰাই চলিব নোৱাৰোঁ৷ কিন্তু বিজ্ঞানৰ ন ন আৱিষ্কাৰৰ নামত যদিহে আমি ক’লা আখৰৰ প্রতি চলি থকা অনীহা বন্ধ কৰিব নোৱাৰোঁ, তেন্তে অনাগত দিনত আমি মেৰুদণ্ড পোন কৰিব পৰা জাতি হিচাপে কেতিয়াও প্রতিষ্ঠা কৰিবলৈ সক্ষম নহ’ম৷ সম্প্রতি যুৱপ্রজন্মৰ একাংশ লোকৰ মাজত এনে ধাৰণাই সৃষ্টি হৈছে যে হাতত থকা স্মার্ট ফোনটোৰ দ্বাৰাই বিশ্বৰ সমগ্র জ্ঞানৰ ভাণ্ডাৰ অর্জন কৰিব পাৰি৷ সেয়ে বাতৰিকাকত, আলোচনী, নতুন নতুন গ্রন্থ পঢ়াৰ প্রয়োজনীয়তা অনুভৱ নকৰা হৈছে৷ আমি দেখি থকা সমাজখনৰ বাহিৰতো এখন জগত আছে, যিখন জগতত একাংশ লোকে ঘৰৰ দুৱাৰ বন্ধ কৰি দেশৰ বাবে, জাতিৰ বাবে, ভাষাৰ বাবে নিৰলসভাৱে সৃষ্টিৰ সাধনাত নিমগ্ণ হৈছে৷ ন ন গৱেষণাৰ ফচলৰে সমৃদ্ধ হৈছে আমাৰ দেশ আৰু ভাষা–সংস্কৃতি৷ যদিহে এই গৱেষণাৰ ফচল নৱপ্রজন্মই নপঢ়ে অথবা হূদয়ংগম নকৰে, তেন্তে আমি সমৃদ্ধিশালী জাতি হিচাপে প্রতিপন্ন কৰিবলৈ সক্ষম হ’ম বুলি আশা কৰিব নোৱাৰোঁ৷ ম’বাইল ফোন সেৱাই কাঢ়ি নিয়া ক’লা আখৰৰ প্রতি আগ্রহ পুনৰ ঘূৰাই আনিবই লাগিব৷ সেয়া সম্ভৱ নহ’লে আটাইতকৈ ক্ষতিগ্রস্ত হ’ব মাতৃভাষা৷ হাতেৰে লিখা আৰু কিতাপ পঢ়াৰ যি ব্যৱস্থা আছে সেয়া উত্তম পন্থা৷ এনে ব্যৱস্থাৰ ফলত নিজৰ ভাষাতো শুদ্ধকৈ লিখা আৰু উচ্চাৰণত সহায়ক হৈ উঠে৷ ম’বাইল ফোনৰ আসক্তিৰ বাবে সম্প্রতি সর্বশ্রেণীৰ লোক কম–বেছি পৰিমাণে আক্রান্ত হৈছে৷ কিন্তু আটাইতকৈ বেছি ক্ষতিগ্রস্ত হৈছে ছাত্র–ছাত্রী আৰু যুৱপ্রজন্ম৷
তথ্য–প্রযুক্তিৰ দ্রুত সম্প্রসাৰণৰ মাজতেই ১২ দিনীয়া কার্যসূচীৰে দেওবাৰে সামৰণি পৰিছে অসম গ্রন্থমেলাৰ৷ অসম প্রকাশন পৰিষদ আৰু সদৌ অসম পুথি প্রকাশক আৰু বিক্রেতা সংস্থাৰ উদ্যোগত চানমাৰিৰ অসম অভিযান্ত্রিক প্রতিষ্ঠানৰ খেলপথাৰত অনুষ্ঠিত গ্রন্থমেলাত প্রায় ৫ কোটি টকাৰ গ্রন্থ বিক্রী হোৱা বুলি উদ্যোক্তাসকলে ঘোষণা কৰিছে৷ বিশ্বজুৰি ক’লা আখৰৰ প্রতি ক্রমাগতভাৱে চলি থকা অনাদৰৰ মাজত এয়া নিশ্চিতভাৱে এক আশাৰ বার্তা৷ কিন্তু প্রায় চাৰে তিনি কোটি জনসংখ্যা অনুসাৰে অসমত গ্রন্থৰ বিক্রী আছেনে? তিনি দশক পূর্বে গ্রন্থমেলা বুলিলেই গুৱাহাটীৰ জজ খেলপথাৰত অনুষ্ঠিত গুৱাহাটী গ্রন্থমেলাখনেই মনলৈ আহিছিল৷ বিগত দুটা দশকত ৰাজ্যখনৰ বিভিন্ন স্থানত গ্রন্থ উৎসৱ অনুষ্ঠিত হৈ আহিছে৷ আনকি বিভিন্ন সংগঠন তথা অনুষ্ঠানেও গ্রন্থমেলা অনুষ্ঠিত কৰিছে৷ বিগত এটা দশকত ৰাজ্যখনত শিক্ষিত লোকৰ সংখ্যা বাঢ়িছে যদিও পাঠ্যপুথিৰ বাহিৰৰ গ্রন্থৰ পঢ়ুৱৈৰ সংখ্যা আশা কৰা ধৰণে বৃদ্ধি হোৱা নাই৷ কিন্তু অসমত পূর্বৰ তুলনাত প্রকাশিত গ্রন্থৰ সংখ্যা কেইবাগুণো বৃদ্ধি হৈছে৷ তিনি দশক পূর্বে গুৱাহাটী গ্রন্থমেলা আৰু ইয়াৰ পূর্বে ৫০খনো অসমীয়া গ্রন্থ প্রকাশ হোৱা নাছিল৷ যিকেইখন গ্রন্থ প্রকাশ হৈছিল তাক লৈ পঢ়ুৱৈসকলৰ মাজত সৰৱ চর্চা চলিছিল৷ ছপা মাধ্যমৰ দ্রুত পৰিৱর্তনৰ লগে লগে শেহতীয়াকৈ গ্রন্থ প্রকাশ কৰাটো সহজসাধ্য হৈছে৷ অসম গ্রন্থমেলাৰ বতৰত এইবাৰ এহেজাৰখনৰো অধিক গ্রন্থ প্রকাশ হৈছে৷ নিশ্চিতভাৱে অসমীয়া ভাষাৰ বাবে এয়া শুভ লক্ষণ৷ প্রকাশিত গ্রন্থসমূহৰ আটাইকেইখনেই যে উন্নত মানৰ সেয়া নিশ্চিতকৈ ক’ব নোৱাৰি৷ কিন্তু যদিহে এই প্রকাশিত গ্রন্থসমূহৰ সঠিক বিশ্লেষণ কৰা হয় তাৰ মাজতো চিন্তা উন্মেষকাৰী গ্রন্থ তথা সাহিত্য ওলাব৷ ইয়াৰ বাবে গ্রন্থসমূহ প্রকাশ হ’লেই নহ’ব, প্রকাশিত গ্রন্থসমূহ পঢ়িব লাগিব আৰু ইয়াক লৈ বাতৰিকাকত, আলোচনী, সামাজিক মাধ্যম আৰু বন্ধু–বান্ধৱৰ আড্ডাত প্রচাৰ কৰিব লাগিব৷ পৰিতাপৰ কথা এই যে লেখকৰ সংখ্যা যি হাৰত বাঢ়িছে সেই হাৰত পাঠকৰ সংখ্যা বৃদ্ধি হোৱা নাই৷ এনে বহুত লেখক ওলাইছে, যিসকলে অন্য লেখকৰ গ্রন্থ পঢ়িবলৈ আগ্রহ নকৰে৷ পাঠকৰ সংখ্যা বৃদ্ধি কৰিবলৈ হ’লে লেখকসকলেও ইতিবাচক ভূমিকা গ্রহণ কৰিব পাৰে৷ এইক্ষেত্রত জনসচেতনতা বৃদ্ধিৰ বাবে প্রতিষ্ঠিত লেখকসকলে নতুন লেখকসকলক লৈ এক অভিযান আৰম্ভ কৰা উচিত৷