নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইষ্ট ইণ্ডিয়া ফেশ্বন উইকৰ সামৰণি

কৰি’গ্রাফাৰ নীৰজ গাবাই ভিভাণ্টাৰ জয়সাগৰ হলত দেখুৱালে বিয়া ঘৰৰ পৰিৱেশ

নিয়মীয়া বাৰ্তা ১১ জানুৱাৰীঃ ইষ্ট ইণ্ডিয়া ফেশ্বন উইকৰ যোৱা শনিবাৰে সামৰণি পৰে৷ ক’ভিডৰ প্রতি লক্ষ্য ৰাখি পূর্বৰ ৩০জন ডিজাইনাৰৰ পৰিৱর্তে এইবাৰ মুঠ ২০জন ডিজাইনাৰেৰে দুদিনীয়া ইষ্ট ইণ্ডিয়া ফেশ্বন উইক ছিজন–৪ অনুষ্ঠিত হয়৷ উদ্যোক্তা মেধা শইকীয়াই জনায় যে উত্তৰ–পূর্বাঞ্চলৰ ডিজাইনাৰসকলৰ বাবেEIFW–এই একমাত্র নির্ভৰযোগ্য অনুষ্ঠান৷ এইবাৰ ২০গৰাকী ডিজাইনাৰৰ পৰা ৪/৫গৰাকী ডিজাইনাৰে এফ এন ডি চিৰ বিদেশত হ’বলগীয়া শ্ব’ৰ উপৰি দিল্লীৰ ইণ্ডিয়া ফেশ্বন উইক আৰু মুম্বাইৰ লেক্মে ফেশ্বন উইকত সুযোগ লাভ কৰিবলৈ সক্ষম হ’ব৷ ইণ্ডিয়াজ নেক্সট টপ মডেল (ছ’নী টিভি)ৰ মার্গদর্শক আৰু লেক্মে ফেশ্বন উইকৰ ৰান ৱে ডাইক্টেৰ নীৰজ গাৱা (মুম্বাই)ই অংশগ্রহণ কৰা অনুষ্ঠানটোত ৭ জানুৱাৰীত মুখ্য অতিথি অ’ৰছ মলৰ স্বত্বাধিকাৰী শৰৎ দেওৰাইEIFW উদ্বোধন কৰে৷ কিৰণ ফাউণ্ডেচনে বড়ো সংস্কৃতি আৰু হস্ততাঁত বস্ত্রৰ প্রদর্শন কৰে৷ ডিজাইনাৰ কিৰণ বড়োক সহযোগ কৰে ছায়াশ্রী বসুমতাৰী আৰু তেওঁৰ নৃত্য শিল্পীসকলে৷ ৮ জানুৱাৰীৰ দুপৰীয়া প্রথমেই ৰাজবংশীসকলৰ পাতনি ছিকুৱেঞ্চটোৰ উদ্বোধন কৰে বিধায়ক আৰু অসম সাহিত্য সভাৰ প্রাক্তন সভাপতি ড০ পৰমানন্দ ৰাজবংশীয়ে৷

এই ছিকুৱেঞ্চটোৰ ডিজাইনাৰ আছিল পূৰবী ৰয়৷ তাৰ পিছতেই আৰম্ভ হয় অন্যান্য ডিজাইনাৰসকলৰ শ্ব’ আই এন আই এফ ডিৰ তিনিগৰাকী ডিজাইনাৰ, অনিতা মাদিপাত্লা (চেন্নাই), চিংকী আগৰৱালা আৰু নিহাৰিকা কাকতিৰ ডিজাইন ৱর্ল্ডৰ লগতে উল্লেখযোগ্য ডিজাইনাৰসকল হৈছে– মেঘনা মেহজেবিন, চার্লি মাথলেনা, গীতাশ্রী ভূঞা, পূৰবী ৰয়, দেৱাংগ দত্ত, মঞ্জু বৰা, চন্দ্রমা বৰুৱা, ৰহিজ আহমেদ, ভাস্বতী ফুকন, জোনমণি বৰা, আৱৰাৰ খান, নির্মালি দাস, নফিচা মেহজেবিন, পল্লৱী বৈশ্য, অসমৰ মেক–আপ আর্টিষ্ট দিয়া ভৰালী, ডিম্পল দেৱী নেওগ, নৱনীতা স্বর্গীয়াৰী, নিতুমণি খনিকৰে হাই ফেশ্বন মেক–আপৰ উপৰি ব্রাইডছ্ অৱ আছাম নামৰ এটি ছিকুৱেঞ্চ পৰিৱেশন কৰে৷ মেঘনা মেহজেবিনৰ ব্লিং ইট অন আৰু লণ্ডনৰ পটভূমিত ভাস্বতী ফুকনৰ হালধীয়া চৰাইৰ পিছতেইEIFW-ৰ মুখ্য আকর্ষণ আছিল ৰাজবাৰীৰ পূৰবী–সমীৰ (চুৰাট)ৰ গ্রেণ্ড ফিনালে ছিকুৱেঞ্চ ৰাজনন্দিকা৷ ৪০গৰাকী যুৱতী আৰু ১০ যুৱকেৰে কৰি’গ্রাফাৰ নীৰজ গাবাই ভিভাণ্টাৰ জয়সাগৰ হলত দেখুৱালে জক্মকীয়া এক বিয়াঘৰৰ পৰিৱেশ৷ কইনাক মাহ–হালধি সনাৰ পৰা জেতুকা লগোৱা আৰু সংগীতলৈকে সকলোখিনি সামৰি মডেলসকলে প্রদর্শন কৰিলে ৰাজনন্দিকাৰ এক বিৰল ব্রাইডেল লেহেংগা কালেকচ্ন৷ মডেল আৰু অসমীয়া অভিনেত্রী প্রীতি কংকণাকে আদি কৰি মুঠ ১৬গৰাকী স্বনামধন্য শ্বেষ্টপাৰে এই ফেশ্বন উইকত অংশ লয়৷

You might also like