নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাঁচকল খাবলৈ নাপাহৰিব

পকা কল খাই প্ৰায় সকলোৱে ভাল পায়। কিন্তু বহুতেই কাঁচকল খাবলৈ ভাল নাপায়। একো সোৱাদ নাথাকে ইয়াৰ। কিন্তু কাঁচকলৰ পুষ্টিগুণ একাধিক। ইয়ে হ’ল ভিটামিন, খনিজ তথা শর্কৰাৰ উৎস। শৰীৰৰ বাবে অত্যন্ত উপকাৰী। নিয়মিত কাঁচকল খালে ওজন নিয়ন্ত্রণত থকাৰ উপৰি বিভিন্ন ৰোগ-ব্যাধি নোহোৱাকৈ থাকে।


১। কাঁচকল অন্ত্রৰ বেক্টেৰিয়া নিয়ন্ত্রণ ৰখাত সহায় কৰে। ফেটি এচিড উৎপাদন বঢ়োৱাব পাৰে, যিয়ে হজমৰ বাবে গুৰুত্বপূর্ণ। আলছাৰেটিভ কোলাইটিছ তথা এন্টিবায়টিক সম্পর্কীয় ডায়েৰীয়াৰ চিকিৎসাত কাঁচকল খাবলৈ পৰামর্শ দিয়ে বহু চিকিৎসকে।

২। কাঁচকলৰ উচ্চ ফাইবাৰ উপাদান কোলেষ্টৰেলৰ মাত্ৰা ঠিক কৰাত সহায়ক। ফাইবাৰ সমৃদ্ধ গুণে ৰক্তৰ শর্কৰাৰ মাত্রা নিয়ন্ত্রণত ৰাখে। কাঁচকল আৰু পকা কলৰ প্রধান পার্থক্য হল যে, কেঁচা কলত কার্বহাইড্রেট প্রধানত ষ্টাৰ্ছ আকাৰত থাকে। কল পকাৰ প্রক্রিয়াত ধীৰে ধীৰে এই কার্বহাইড্রেট চেনিলৈ পৰিণত হয়। সেয়ে বেছিভাগ মানুহে পকা কলা খাবলৈ পছন্দ কৰে। কিন্তু কাঁচকল ডায়েবেটিছত খুবেই উপকাৰী।

৩। কাঁচকল হার্টৰ স্বাস্থ্যৰ বাবেও ভাল। ই পটেছিয়ামৰ চমৎকাৰী উৎস। পটেছিয়াম এটি অত্যাৱশ্যক খনিজ, যিয়ে পেশী সংকুচিত কৰাত তথা হৃৎপিণ্ডৰ স্পন্দনত সহায় কৰে। কাঁচকলে ৰক্তচাপ নিয়ন্ত্রণতো সহায়ক।

৪। কিডনীৰ সমস্যাতো কাঁচকল বিশেষ উপকাৰী। সমীক্ষাত দেখা যায় কাঁচকলত থকা পটেছিয়াম তথা অন্যান্য দৰকাৰী ভিটামিন কিডনীৰ ক্রিয়াক সুচাৰুৰূপে চলায় নিয়ে।

You might also like