নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শীঘ্রে বৃদ্ধি নহয় ঘৰ–গাড়ীৰ ইএমআই, দুমাহলৈ অপৰিৱর্তিত থাকিব ৰেপ’ ৰেট

ডিজিটেল ডেস্ক, ৬ জুন : ইৰান–আমেৰিকা যুদ্ধৰ ফলত বিপর্যস্ত অর্থনীতি৷ শ্বেয়াৰ মার্কেটত একেৰাহে লোকচান চলি আছে৷ তাৰ মাজতে সামান্য আশাৰ কিৰণ দেখুৱালে ৰিজার্ভ বেংক অৱ ইণ্ডিয়া (আৰবিআই)ই৷

শুকুৰবাৰে আৰবিআয়ে জনায় যে আপাততঃ অপৰিৱর্তিত ৰখা হৈছে ৰেপ’ ৰেট৷ ফলত ঘৰ আৰু গাড়ীৰ ইএমআই বৃদ্ধিৰ আশংকা নাই৷ কিন্তু আন্তঃৰাষ্ট্রীয় পৰিস্থিতি, তেলৰ দাম আৰু অন্যান্য কাৰণত ৰেপ’ ৰেট আগন্তুক দিনত বৃদ্ধি পাব পাৰে বুলি মত প্রকাশ কৰিছে বিশ্লেষকসকলৰ একাংশই৷ দুমাহৰ মূৰত ৰেপ’ ৰেটক লৈ বৈঠকত বহে আৰবিআইৰ মনিটাৰী পলিচী কমিটী৷ আৰবিআইৰ গৱর্নৰ সঞ্জয় মালহোত্রাৰ নেতৃত্বত এই বৈঠক অনুষ্ঠিত হয়৷

জানিব পৰা মতে, এই বৈঠকত কমিটীৰ ৬গৰাকী সদস্যই ৰেপ’ ৰেট অপৰিৱর্তিত ৰখাৰ পক্ষে ভোটদান কৰে৷ যোৱা বছৰ ডিচেম্বৰ মাহত ৰেপ’ ৰেট কমাই ৫.২৫ শতাংশলৈ অনা হৈছিল৷ ইমানদিনে এই ৰেটটোৱেই বাহাল আছিল৷ অর্থাৎ আগন্তুক দুমাহলৈকে ৫.২৫ শতাংশতে থাকিব ৰেপ’ ৰেট৷

কেন্দ্রীয় বেংকটোৱে ধাৰণা কৰা মতে বর্তমানৰ ভূ–ৰাজনৈতিক পৰিস্থিতিত কিছু পৰিমাণে নিষ্ক্রিয় হৈ থকাই উচিত৷ আগন্তুক দিনত হ’ব পৰা পৰিৱর্তনৰ প্রতি লক্ষ্য ৰাখিয়েই নীতি সলনি কৰাৰ কথা ভাবিব আৰবিআয়ে৷

উল্লেখ্য যে যোৱা বছৰ জুন মাহত মুদ্রানীতিৰ বৈঠকত ৫০ বেছিছ পইণ্ট ৰেপ’ ৰেট কমাইছিল ৰিজার্ভ বেংকে৷ যাৰ ফলত ৰেপ’ ৰেট হয়গৈ ৫.৫ শতাংশ৷ তাৰ পূর্বে অৱশ্যে ফেব্রুৱাৰী আৰু এপ্রিল মাহত ৰেপ’ ৰেট পর্যায়ক্রমে কমায় শীর্ষ বেংকটোৱে৷ এইদৰে ১০০ বেছিছ পইণ্ট ৰেপ’ ৰেট কমোৱাৰ ফলত আৰবিআইৰ কেছ ৰিজার্ভ ৰেট কমি আহে ৩ শতাংশলৈ৷ তাৰ ফলত আগষ্ট মাহত পুনৰ ৰেপ’ ৰেট নকমায় আৰবিআয়ে৷ কিন্তু ডিচেম্বৰ মাহত ২৫ বেছিছ পইণ্ট কমাই ৰেপ’ ৰেট ৫.২৫ শতাংশলৈ নমাই অনা হয়৷ সেই হাৰেই বাহাল আছে এতিয়াও৷

অৱশ্যে ভাৰতীয় অর্থনীতিক লৈ বৃহৎ প্রশ্ণ তুলিছে বিশ্লেষকসকলৰ বহুতেই৷ দুদিনমান পূর্বে ব্লুমবার্গৰ ৰিপ’ৰ্টত দাবী কৰা হয় যে বৈদেশিক মুদ্রাৰ ভাণ্ডাৰ সুৰক্ষিত কৰিবলৈ দেশৰ সঞ্চিত সোণ অভিলেখ অংকত বিক্রী কৰি দিছে মোদী চৰকাৰে৷ অৱশ্যে সেই খবৰ ভুৱা বুলি জনাইছে আৰবিআয়ে৷

You might also like