নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাজিৰাৰ ধৃতিস্মান চক্রৱর্তীলৈ প্রধানমন্ত্রী ৰাষ্ট্রীয় শিশু পুৰস্কাৰ

নিয়মীয়া বাৰ্তা, ২৫ জানুৱাৰীঃ নাজিৰাৰ কণমানি কণ্ঠশিল্পী ধৃতিস্মান চক্রৱর্তীলৈ আগবঢ়াইছে ভাৰত চৰকাৰৰ প্রধানমন্ত্রী ৰাষ্ট্রীয় বাল পুৰস্কাৰ ২০২২৷ মাত্র চাৰিবছৰ বয়সৰ পৰাই গীত গাই জনপ্রিয় হোৱা নাজিৰাৰ কণমানি শিল্পী ধৃতিস্মান চক্রৱর্তীলৈ ভাৰত চৰকাৰে প্রধানমন্ত্রী ৰাষ্ট্রীয় বাল পুৰস্কাৰ–২০২২ আগবঢ়াইছে৷ ক’ভিড পৰিস্থিতিৰ বাবে বঁটা প্রদান অনুষ্ঠান ৰাষ্ট্রপতি ভৱনত অনুষ্ঠিত কৰা হোৱা নাই৷ সেয়েহে আজি পি এম অ’ আৰু ৰাষ্ট্রপতি ভৱনে আয়োজন কৰা বঁটা প্রদান অনুষ্ঠানত ভিডি’ কনফাৰেঞ্চযোগে কণমানি ধৃতিস্মানে অংশগ্রহণ কৰিছে৷ শিৱসাগৰ জিলা উপায়ুক্ত কার্যালয়ত উপস্থিত হৈ কণমানি ধৃতিস্মানে অনুষ্ঠানত অংশগ্রহণ কৰিছে আৰু ব্লকচেইন পদ্ধতিৰে ধৃতিস্মানক প্রদান কৰিব মানপত্র৷ এই বঁটাত আছে এটা মেডেল এখন মানপত্র আৰু নগদ এক লাখ টকা৷

কিছুদিন পূর্বে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল ‘তোমাৰ মৰমে মোৰ, দেহত তুলিলে ঢ়ৌ’ শীর্ষক জয়ন্ত হাজৰিকাৰ এটি চিৰযুগমীয়া গীত৷ ফুটো–নুফুটো মাতেৰেই এটি কণমানিয়ে মাতৃৰ লগত এই চিৰযুগমীয়া গীতটিত কণ্ঠ নিগৰাইছিল৷ দেশত ক’ভিড অতিমাৰীৰ মাজতে সংগীত সাধনা কৰিয়েই সময় পাৰ কৰিছিল মাতৃ আৰু এই কণমানিটিয়ে৷ কণমানি পুত্র আৰু মাতৃৰ যুগলবন্দী ছ’চিয়েল মিডিয়াত জনপ্রিয় হৈ পৰিছিল৷ শিৱসাগৰ জিলাৰ নাজিৰাৰ অ’ এন জি চি অসম সম্পদৰ আৱাসিক এলেকাৰ বাসিন্দা দেৱজিৎ চক্রৱর্তী আৰু মাতৃ সোনম চক্রৱর্তীৰ পুত্র ধৃতিস্মান৷ মাতৃ সোনম চক্রৱর্তীয়ে নিজ গৃহতেই কণমানি ধৃতিস্মানক সংগীতৰ শিক্ষা প্রদান কৰিছে৷ আয়ত্ত কৰিছে বহু জনপ্রিয় শিল্পীৰ গীত৷ প্রথমে ছ’চিয়েল মিডিয়াত ধৃতিস্মান আৰু মাতৃ সোনমে গোৱা এটি গীত আপলোড কৰিছিল৷ আৰু এই গীতটি খুব সোনকালেই জনপ্রিয় হৈ পৰে৷ ডেৰ বছৰ বয়সৰ পৰাই সংগীতৰ প্রতি বিশেষ ধাউতি থকা কণমানি ধৃতিস্মান চক্রৱর্তীয়ে অসমীয়া, হিন্দী, ইংৰাজী, বাংলা আৰু সংস্কৃত ভাষাত গীত পৰিৱেশন কৰি নিজ প্রতিভাৰ পৰিচয় দিয়াৰ লগতে কমবয়সীয়া বহুভাষিক গায়ক হিচাপে ইণ্ডিয়া বুক অৱ ৰেকর্ডছত নিজৰ নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছে৷ ৰাজ্যৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মায়ো শ্বেয়াৰ কৰিছে কণমানি ধৃতিস্মান চক্রৱর্তীয়ে পৰিৱেশন কৰা গীত৷

You might also like