নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিশা দেৰগাঁৱৰ ৰঙামাটি টোলগেটত উত্তপ্ত পৰিস্থিতি

ডিজিটেল ডেস্ক, ৬ জুন : দেৰগাঁৱৰ ৰঙামাটি টোলগেটত যোৱানিশা এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। নৈশ বাছৰ কৰ্মচাৰী আৰু টোলগেটৰ কৰ্মচাৰীৰ মাজত সংঘটিত হয় মাৰপিটৰ ঘটনা।

প্ৰাপ্ত তথ্য অনুসৰি, গুৱাহাটীৰ পৰা দুলীয়াজান অভিমুখে গৈ থকা এখন নৈশ বাছ ৰঙামাটি টোলগেট পাৰ হ’বলৈ লওঁতেই টোলগেটৰ কৰ্মচাৰীয়ে কাষতে থকা শিল বাছখনৰ ফালে নিক্ষেপ কৰে। ফলত বাছখনৰ এখন গ্লাছ ভাঙি যায়।

এই ঘটনাক কেন্দ্ৰ কৰি দুয়োপক্ষৰ মাজত তীব্ৰ বাকবিতণ্ডা আৰম্ভ হয় আৰু পৰৱৰ্তী সময়ত পৰিস্থিতি অধিক উত্তপ্ত হৈ উঠে। হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হোৱাত কিছু সময়ৰ বাবে সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে যাতায়াত ব্যৱস্থা।

ঘটনাৰ খবৰ পোৱাৰ লগে লগে দেৰগাঁও আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে। আৰক্ষীয়ে দুয়োপক্ষক দেৰগাঁও থানালৈ লৈ যায় আৰু ঘটনাটোৰ তদন্ত আৰম্ভ কৰে।

You might also like