নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম গ্ৰামীণ বিকাশ বেংক বামুন্দি শাখা অচলাৱস্থাঃ কৰ্মচাৰীৰ অভাৱ, অতিষ্ঠ গ্ৰাহক ৰাইজ

এবছৰ ধৰি বিকল হৈ আছে পাচবুক ’আপ টু দেদ কৰা মেচিন’

নিয়মীয়া বাৰ্তা, ২৫ জানুৱাৰীঃ অসম গ্ৰামীণ বিকাশ বেংক বামুন্দী শাখাত আজি বহু দিন ধৰি গ্ৰাহকে নিয়মীয়াকৈ লেনদেন কৰিব পৰা নাই। দিনৰ দিনটো শাৰীত থিয় হৈ থাকিও নেট লিংকৰ অভাৱত গ্ৰাহকে বেংকত ধন জমা থব বা উলিয়াব পৰা নাই। কাৰিকৰী অসুবিধাৰ বাবে আজি প্ৰায় এবছৰ ধৰি গ্ৰাহকে পাছবুক বহী ’আপ টু দেদ’ কৰিব পৰা নাই। কিছুদিন পূর্বে স্থানীয় ৰাইজে কামকাজত অতিষ্ঠ হৈ শাখাটোত তলা লগাই দিছিল। তাৰ পাছতো কিন্তু কৰ্তৃপক্ষৰ গা নলৰিল। সম্প্ৰতি শাখাটো অন্য এখন ঠাইলৈ স্থানান্তৰ কৰিছে যদিও তাতো নেট সমস্যাই লগ এৰা দিয়া নাই। দুৰ্ভাগ্যজনক কথাটো হল প্ৰধানমন্ত্ৰী মোদিৰ Digital India ত যোগাযোগৰ এই দুৰৱস্থা দেখি ! আচৰিত কথা আজিৰ এই কম্পিউটাৰ যুগতো বেংক কৰ্তৃপক্ষৰ কামৰ এনে নমুুনাই কি সূচায় ৷ শাখাটোলৈ যাবলৈ গ্ৰাহকৰ ইচ্ছা নাযায়। কাৰণ কাউণ্টাৰৰ সন্মুখত দীঘলীয়া শাৰি অথচ লেনদেন বন্ধ, গ্ৰাহক শাৰীত থিয় হৈ অতিষ্ঠ হৈ পৰিছে আনহাতে নেটৰ অভাৱত কাম কৰিব নোৱাৰি শাখাটোত যি দুই তিনিগৰাকী কৰ্মচাৰী আছে তেখেত সকলো অসহায় হৈ পৰিছে।

ইফালে ধন উলিয়াবলৈ বা জমা থবলৈ নাপাই দুই-এক গ্ৰাহকে কৰ্মচাৰী কেইগৰাকীকে উচ্চ-বাচ্য কৰিছে। কিন্তু তেখেত সকলো নিৰুপায়। ৰাইজৰ দাবী বেংক কৰ্তৃপক্ষই এই গুৰুতৰ সমস্যাটোৰ অতি শীঘ্রে সমাধান কৰক । কিয়নো শিক্ষানুষ্ঠানত শিক্ষকতা কৰা আৰু চৰকাৰী চাকৰিয়াল সকলে বেংকৰ পৰা টকা উলিয়াব গলে বা থব গলে এদিন ছুটি লব লগীয়া হয় ৷ তাৰ পাছতো কেতিয়াবা কেতিয়াবা কাম নিসিজে। আকৌ ব্‌দ্ধ পেঞ্চন বা চৰকাৰে সাধাৰণ হিতাধিকাৰীলৈ আগবঢ়ো ধন উলিয়াবলৈ গৈয়ো ভোকে-পিয়াহে দিনটো বেংকত বোন্দাপৰ দি থাকিব লগা হৈছে ককা-আইতা সকল ৷ বেংকৰ সেৱাৰ নামক গ্ৰাহকক হাৰাশাস্তি কৰাটো বন্ধ কৰিবলৈ স্হানীয় ৰাইজে দাবী জনাইছে । ৰাইজৰ দাবী উপযুক্ত সেৱা আগবঢ়াব নোৱাৰে যদি গ্ৰামীণ বিকাশ বেংক কৰ্ত্‌‌পক্ষই‌ শাখাটো বন্ধ কৰক। অন্যথা অতিষ্ঠ গ্ৰাহক ৰাইজে প্ৰতিবাদী কাৰ্যসূচী লবলৈ বাধ্য হব ৷

You might also like