নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাহিবাৰীত বৰপেটা উপায়ুক্তৰ ধান আহৰণ কেন্দ্ৰ উদ্বোধন

নিয়মীয়া বাৰ্তা, ২৫ জানুৱাৰী: নুন্যতম সমৰ্থন মূল্যত কৃষকৰ পৰা ধান ক্ৰয় কৰাৰ বাবে মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাই গ্ৰহণ কৰা পদক্ষেপৰ ফলত বৰপেটা জিলাৰ কৃষক সকলো যথেষ্ট উপকৃত হৈছে। আজি বৰপেটা জিলাৰ কাহিবাৰীত অসম কৃষি বিপণন পৰিষদৰ এটা ধান আহৰণ কেন্দ্ৰ আনুষ্ঠানিকভাৱে উদ্ধোধন কৰি দিয়া ভাষণত উপায়ুক্ত গৰাকীয়ে এইদৰে কয়। তেওঁ কয় যে, মুকলি বজাৰত পোৱা দৰতকৈ ইয়াত প্ৰায় দুগুণ মূল্য কৃষকে লাভ কৰিবলৈ সক্ষম হৈছে। তেওঁ কেন্দ্ৰীয় চৰকাৰে আগবঢ়োৱা এই সুবিধা কৃষক সকলক গ্ৰহণ কৰি লাভান্বিত হ’বলৈ আহ্বান জনায়। ইয়াৰ দ্বাৰা খেতিয়ক সকলে নিজৰ উৎপাদিত শস্যৰ উচিত মূল্য পোৱাটো নিশ্চিত কৰা হৈছে বুলিও তেওঁ উল্লেখ কৰে। খাদ্য আৰু অসামৰিক যোগান বিভাগৰ ভাৰপ্ৰাপ্ত উপ সঞ্চালক জগত জীৱন ডেকাই আঁতধৰা সভাখনত অসম কৃষি বিপণন পৰিষদৰ অন্তৰ্গত নিজ বহৰি বজাৰ সমিতিৰ সচিব ডিম্বেশ্বৰ দাসে এই ধান আহৰণ প্ৰক্ৰিয়াত পালন কৰিবলগীয়া নিয়ম সমূহৰ বিষয়ে কৃষক সকলক বুজাই কয়। জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাও চমু ভাষণ দিয়া সভাখনত সহকাৰী আয়ুক্ত নিমাশ্ৰী ডাউকাও উপস্থিত থাকে। উদ্ধোধনী সভাৰ অন্তত উপায়ুক্ত গৰাকীয়ে ওচৰৰ ধান মিলৰ কাম-কাজো পৰিদৰ্শন কৰে। তদুপৰি অসম দৰ্শন আচনিৰ অধীনত নিৰ্মাণ কৰা কাহিবাৰী নামঘৰটোও পৰিদৰ্শন কৰি কাম বুজ লোৱাৰ লগতে ইয়াত সেৱাও লয়। ইয়াৰ পিছতে উপায়ুক্ত গৰাকীয়ে সৰ্থেবাৰীৰ বেলবাৰী আৰু বাজেশিলাত থকা ধান আহৰণ কেন্দ্ৰ দুটিও পৰিদৰ্শন কৰি ধান আহৰণৰ স্থিতিৰ পৰ্যালোচনা কৰে। জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই জনোৱা মতে এই পৰ্যন্ত জিলাখনৰ কৃষকৰ পৰা ৩৫০ কুইন্টল ধান বিভিন্ন কেন্দ্ৰত সংগ্ৰহ কৰা হৈছে।

You might also like