নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিগাঁৱত নেহৰু যুৱ কেন্দ্রৰ উদ্যোগত কেৰিয়াৰ গাইডেন্স কেৰিয়াৰ কাউন্সিলিং আৰু কেৰিয়াৰ মেলা সম্পন্ন 

নিয়মীয়া বাৰ্তাঃ ২৮ জানুৱাৰী: মৰিগাঁও জিলাৰ ভূৰবন্ধা উন্নয়ন খণ্ডৰ অন্তগত ৰজাগাওঁস্হিত সবোদয় পাব্লিক স্কুল প্ৰেক্ষাগৃহত আজি ভাৰত চৰকাৰৰ ক্রীড়া আৰু যুৱ কল্যাণ মন্ত্রণালয়ৰ অধিনত থকা নেহৰু যুৱ কেন্দ্র সংগঠন মৰিগাঁৱৰ উদ্যোগত আৰু সক্রিয় স্বেচ্ছাসেবী সংগঠন সবোদয় ফাউন্ডেছনৰ সহযোগত স্থানীয় ছাত্র ছাত্রী আৰু যুৱ সমাজৰ মাজত কেৰিয়াৰ গাইডেন্স আৰু কেৰিয়াৰ কাউন্সিলিং আৰু কেৰিয়াৰ মেলা কাৰ্যসূচী অনুষ্ঠিত হয় | বন্তি প্ৰজ্বলনে আৰম্ভ হোৱা কাৰ্যসূচীটো শুভাৰম্ভ কৰে মৰিগাঁও বি. এড. কলেজৰ অধক্ষ্যা ড° ডলী বুঢ়াগোহাঁইয়ে| উক্ত কাৰ্যসূচীত সাম্প্রতিক সময়ত ছাত্র ছাত্রী তথা যুৱক যুৱতী সকলৰ মাজত আটছ,কমাছ,বিজ্ঞান, আদি সাধাৰণ শিক্ষাৰ লগতে মেডিকেল, ইঞ্জিনিয়াৰিং, আই টি আই, কম্পিউটাৰ, আদি বিভিন্ন বিভাগত অধ্যয়নৰ সুযোগ আৰু স্হল সম্পর্কে আগবঢ়ায় মৰিগাঁও বি. এড. কলেজৰ অধক্ষ্যা ড° ডলী বুঢ়াগোহাঁই আৰু সমাজকমী শৰৎ চন্দ্র কোছে |

আনহাতে প্ৰধানমন্ত্ৰী দক্ষতা বিকাশ যোজনা, অসম দক্ষতা বিকাশ যোজনাৰ অধিনত থকা দক্ষতা উন্নয়নৰ প্ৰশিক্ষণৰ যোগেৰে যুৱক যুৱতী সকলে নৱ প্ৰজন্মক কেনেকৈ আগবঢ়ায় নিৱ পাৰি সেই বিষয়ে বক্তব্য প্ৰদান কৰে প্ৰধান মন্ত্ৰী কৌশল কেন্দ্রৰ মৰিগাঁৱৰ সেবিকা চিতাৰানী দাস আৰু দীপশিখা ভূঞায় | যুৱ প্ৰজন্মই বেচৰকাৰী সংগঠন তথা ক্লাব গঠন কৰি ছ’ছাইটী এক্সত নাম পঞ্জীয়ন কৰা নেহৰু যুৱ কেন্দ্রত পঞ্জীয়নকৃত কৰা, প্ৰচিডিং বুকত সভা সমিতিৰ প্ৰস্তুাৱ সমূহ লিখা হিচাপ নিয়মিতভাবে লিপিবদ্ধ কৰা সম্পকে বিষদভাবে আলোকপাত কৰে মৰিগাঁও নেহৰু যুৱ কেন্দ্রৰ গাণনিক আৰু কাৰ্যসূচী বিষয়া ধনঞ্জয় তালুকদাৰে | কাৰ্যসূচীত মৰিগাঁও উদ্যোগিক প্ৰতিষ্ঠানৰ সমল ব্যক্তি প্ৰলয় সাহাই সকলো যুৱক যুৱতীক ভৱিষ্যত জীবনত লক্ষ্যৰ ওপৰত বহল ব্যাখ্যা আগবঢ়ায় | সদৌ শেষত শলাগৰ শৰাই আগবঢ়ায় সবোদয় ফাউন্ডেছনৰ সম্পাদিকা লিপিকা বৰাই।

You might also like