নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেন্দ্রীয় বাজেটতকৈ ধনী ভাৰতৰ ৬৩ ধনকুবেৰ

অক্সফামৰ প্রতিবেদনত উন্মোচিত আর্থিক–লিংগ বৈষম্য

নিয়মীয়া বাৰ্তা, ২১ জানুৱাৰীঃ অর্থনৈতিক মন্দাৱস্থাৰ গ্রাসত থকা ভাৰত তথা সমগ্র বিশ্বত আর্থিক–লিংগ বৈষম্যৰ ভয়ংকৰ বাস্তৱ ছবিখন উদঙাই দিছে ‘অক্সফাম’ নামৰ এটা আন্তর্জাতিক সংস্থাই ৷ দীর্ঘদিন ধৰি দৰিদ্রতা নির্মূল আৰু অধিকাৰ ৰক্ষার্থে বিভিন্ন ধৰণৰ স্বেচ্ছামূলক কামত ব্রতী হৈ অহা নাইৰোবিত মুখ্য কার্যালয় থকা সংস্থাটোৱে আজি ‘টাইম টু কেয়াৰ’ শীর্ষক এখন প্রতিবেদন ৰাজহুৱা কৰিছে৷ সর্বত্র খলকনি সৃষ্টি কৰা এই প্রতিবেদনখনত ভাৰতৰ আর্থিক বৈষম্যৰ চিত্রখন জনমানসত উন্মোচিত কৰি কোৱা হৈছে যে দেশৰ ৯৫ কোটি ৩ লাখ মানুহ অর্থাৎ মুঠ জনসংখ্যাৰ ৭০ শতাংশৰ সম্পত্তিৰ তুলনাত চাৰি গুণ অধিক সম্পদৰ গৰাকী ১ শতাংশ ধনী লোক ৷ ২০১৮–১৯ বিত্তীয় বর্ষত ২৪,৪২,২০০ কোটি টকাৰ কেন্দ্রীয় বাজেটতকৈ বেছি সম্পত্তি আছে মুকেশ আম্বানি, গৌতম আদানি, আজিম প্রেমজী, সুনীল মিট্টাল আদিৰ দৰে ৬৩জন ভাৰতীয় ধনকুবেৰৰ হাতত ৷

উল্লেখ্য যে সোমবাৰৰ পৰা ছুইজাৰলেণ্ডৰ ডাভোছত ‘ৱর্ল্ড ইক’নমিক ফ’ৰাম’ৰ ৫০সংখ্যক বার্ষিক সন্মিলন পাঁচদিনীয়াকৈ অনুষ্ঠিত হৈছে ৷ তাৰ পূর্বে প্রকাশ পোৱা ‘টাইম টু কেয়াৰ’ শীর্ষক প্রতিবেদনখনত বিশ্বত বিৰাজ কৰা আর্থিক বৈষম্য প্রকট কৰি এইদৰে কোৱা হৈছে– বিশ্বৰ ৪৬০ কোটি, অর্থাৎ ৬০ শতাংশ মানুহৰ সম্পত্তিৰ পৰিমাণতকৈ অধিক সম্পদশালী ২,১৫৩জন ধনাঢ্য ৷ আর্থিক বৈষম্যৰ সমান্তৰালভাৱে আয়ৰ নিৰিখত লিংগ বৈষম্যত সমাজত ব্যাপক হাৰত গঢ় লৈ উঠাৰো কেতবোৰ গুৰুত্বপূর্ণ তথ্য ‘অক্সফাম’–এ একেখন প্রতিবেদনতে সন্নিৱিষ্ট কৰিছে৷ এই সন্দর্ভত প্রতিবেদনখনত উল্লেখ কৰা মতে, ঘৰুৱা কাম–কাজ কৰা এগৰাকী মহিলাই ২২,২৭৭ বছৰত যিমান আয় কৰিব, সেয়া মাত্র এটা বছৰতে উপার্জন কৰে প্রযুক্তি প্রতিষ্ঠানৰ এজন মুখ্য কার্যবাহী বিষয়াই (চি ই অ’)৷ তদুপৰি চি ই অ’জনে ১০ মিনিটত যি পৰিমাণৰ ধন উপার্জন কৰে, সেইখিনি আর্জিবলৈ ঘৰুৱা কাম–কাজ কৰা মহিলা এগৰাকীৰ এবছৰ সময়ৰ প্রয়োজন হ’ব৷ অকল সেয়াই নহয়, বেছিভাগ ক্ষেত্রতে গার্হস্থ্য কামৰ বিনিময়ত মহিলাসকলৰ কোনোধৰণৰ উপার্জন নহয় ৷

সমগ্র বিশ্বত মহিলা–যুৱতীসকলে প্রতিদিনে ৩২৬ কোটি ঘণ্টা এনেধৰণৰ কাম কৰে, যাৰ বাবে তেওঁলোকে উপার্জন লাভ নকৰে৷ কিন্তু টকাৰ হিচাপত এনে গার্হস্থ্য কামৰ বিনিময়ত হ’বলগীয়া মজুৰিৰ পৰিমাণ ভাৰতীয় অর্থনীতিত বছৰি বৰঙণি কমেও ১৯ লাখ কোটি হ’লহেঁতেন৷ যিটো ২০১৯ চনৰ ৯৩,০০০ কোটি টকাৰ শিক্ষা বাজটতকৈ ২০ গুণ বেছি৷ ইফালে বিশ্বজুৰি ধনী–দুখীয়াৰ মাজৰ ব্যৱধান যোৱা দশকটোত অধিক হোৱা বুলিও ‘অক্সফাম’–এ দাবী কৰিছে৷ এই সম্পর্কত প্রতিবেদনখনত কোৱা হৈছে যে বিগত দশকটোত ধনকুবেৰৰ সংখ্যা দুগুণ বাঢ়িছে৷ লাভৱান হৈছে মুষ্টিমেয় একাংশ মানুহ৷ ‘অক্সফাম ইণ্ডিয়া’ৰ চি ই অ’ অমিতাভ বেহাৰে সংবাদ প্রতিষ্ঠানৰ আগত কয়– ‘বৈষম্য দূৰীকৰণৰ সঠিক নীতি অবিহনে ধনী–দুখীয়াৰ ব্যৱধান দূৰীকৰণ সম্ভৱ নহ’ব৷ অতি কমসংখ্যক চৰকাৰেহে এনেধৰণৰ নীতি–লক্ষ্যৰে কাম কৰিছে৷’ সমাজৰ অর্থনৈতিক পৰিকাঠামোৰ পৰা মহিলাসকলে আটাইতকৈ কম লাভৱান হয় বুলিও তেওঁ মন্তব্য কৰে৷ ইয়াৰ কাৰণ ব্যাখ্যা কৰি বেহাৰে পুনৰ কয়– ‘ৰন্ধা–বঢ়া, ঘৰ–দুৱাৰ পৰিষ্কাৰ কৰা, ঘৰৰ শিশু–বৃদ্ধসকলৰ যত্ন লোৱা আদিতে মহিলাসকলৰ ঘণ্টাৰ পাছত ঘণ্টা সময় ব্যয় হয়৷ এনেধৰণৰ কাম–কাজৰ বিপৰীতে কিন্তু তেওঁলোকে কোনোধৰণৰ উপার্জন লাভ নকৰে৷ পিছে উপার্জনহীন এনেবোৰ কামকে আমাৰ অর্থনীতি, সমাজ আৰু ব্যৱসায়ে গতি লাভ কৰাৰ গোপন ইঞ্জিন আখ্যা দিয়া হয়৷ তৎসত্ত্বেও বেছিভাগ ক্ষেত্রতে মহিলাসকল প্রয়োজনীয় শিক্ষাৰ অভাৱত বা সামাজিক ক্ষেত্রত নিজৰ মতামত জনোৱাৰ সুযোগ লাভ নকৰি সমাজৰ নিম্ন স্তৰতে আবদ্ধ হৈ থাকিবলগীয়া হয়৷’ সাধাৰণ পুৰুষ–মহিলাৰ খৰচে ধনকুবেৰৰ জেপ গধুৰ কৰাৰ লগতে আমাৰ অর্থনীতি ভাঙি পেলাইছে বুলিও তেওঁ মন্তব্য কৰে৷ ক্রেডিট ছুইছ ৰিছার্চ ইনষ্টিটিউট গ্ল’বেল ৱেল্থ ডাটাবুক, ২০১৯সহ শেহতীয়া তথ্যৰ ভিত্তিত উক্ত প্রতিবেদন প্রস্তুত কৰা বুলি ‘অক্সফাম’–এ দাবী কৰিছে ৷

You might also like