বহুজন সুখায়, বহুজন হিতায়ঃ ড০ হিমন্ত বিশ্ব শৰ্মা
২০২২ চনৰ ১ ফেব্রুৱাৰীৰ দিনটো অসমৰ প্রশাসনীয় হতিহাসৰ এটা স্মৰণীয় দিন৷ এহ দিনটোতে অসমৰ সাধাৰণ প্রশাসন ব্যৱস্থাত এটা নতুন অধ্যায় যুক্ত কৰা হৈছে৷ সদ্ভাৱনা প্রকল্প নামৰ এহ নতুন ব্যৱস্থাটো প্রণয়নৰ আঁৰত আছে আমাৰ সুদীর্ঘ ৰাজনৈতিক আৰু প্রশাসনিক জীৱনৰ অভিজ্ঞতালব্ধ শিক্ষা আৰু উপলব্ধি৷ অসম সচিবালয়ৰ বিষয়া–কর্মচাৰীসক তথা সচিবালয়ৰ জৰিয়তে চৰকাৰৰ সেৱাপ্রত্যাশী জনতাৰ সৈতে মহ বিভিন্ন বিভাগৰ মন্ত্রী হিচাপে ২০০২ চনৰ পৰা সচিবালয়ৰ কাম–কাজৰ সৈতে বিভিন্ন প্রকাৰে জডিত হৈ আছোঁ৷ সুদীর্ঘ কুৰিটা বছৰ অসম সচিবালয়ত নিৰন্তৰভাৱে কাম কৰি থকাৰ পিছত মোৰ মনত কেহটামান প্রশ্ণৰ উদয় হৈছিল আৰু সেহ প্রশ্ণকেহটাৰ সমাধান বিচৰাৰ উদ্দেশ্যে আমি এহ সদ্ভাৱনা প্রকল্পটো আৰম্ভ কৰিছোঁ৷
২০০২ চনৰ পৰা বিভিন্ন বিভাগৰ দায়িত্বপ্রাপ্ত মন্ত্রী হিচাপে সচিবালয়ৰ কাম–কাজত জডিত হোৱাৰ বহু পূর্বে কটন কলেজ ছাত্র একতা সভাৰ সাধাৰণ সম্পাদক হৈ থকা দিনৰে পৰা কলেজখনৰ বিভিন্ন কাম–কাজ সন্দর্ভত মহ অসম সচিবালয়লৈ আহিবলগীয়া হৈছিল৷ অসম সচিবালয়ৰ কর্মসংস্কৃতিটো এনেকুৱা যে কামৰ সংক্রান্তত হয়ালৈ যিকোনো মানুহেহ আহিব পাৰে৷ সর্বসাধাৰণ লোক এজন আহি সচিবালয়ৰ প্রশাসনিক সহায়ক একোজনক লগ ধৰি কামৰ অগ্রগতি সম্পর্কে বুজ লয়৷ কেতিয়াবা ফাহলত কি লিখা আছে, তাকো ফাহলটো খুলি চায় অথবা কেতিয়াবা ফাহলৰ টোকাৰ প্রতিলিপি এটা লৈও যায়৷ অসম সচিবালয়ৰ দৰে ভাৰত চৰকাৰৰো এটা সচিবালয় আছে৷ ভাৰত চৰকাৰৰ সচিবালয়ৰ কর্মপদ্ধতিটো কিছু সুকীয়া৷ তালৈ কোনো দর্শনার্থী সাধাৰণতে নাযায়৷ গ’লেও ভাৰত চৰকাৰৰ যুটীয়া সচিব বা তাৰ ওপৰৰ পর্যায়ৰ বিষয়াসকলকহে লগ পাব পাৰে৷ আন কর্মচাৰী বা বিষয়াক লগ পোৱাৰ প্রশ্ণহ নুঠে অথবা প্রয়োজনো নাহ৷ কাৰণ তেওঁলোকে চৰকাৰী সিদ্ধান্ত দিব নোৱাৰে৷ ফাহলৰ টোকা আদি চোৱাটো আৰু সেহবোৰৰ প্রতিলিপি হাতত লৈ অহাটো বহু দূৰৈৰ কথা৷
সচিবালয়ৰ এহধৰণৰ কর্মসংস্কৃতিয়ে প্রশাসনিক কর্মপদ্ধতিতো প্রভাৱিত কৰে৷ এহ কর্মসংস্কৃতিয়ে প্রশাসনিক ব্যৱস্থাটোৰ উৎপাদনশীলতাক বহুলাংশে হ্রাস কৰে৷ দর্শনার্থীসকলে সচিবালয়লৈ আহিয়েহ লগ পায় বিভাগটোৰ প্রশাসনিক সহায়কসকলক৷ সন্মুখত বহি থকা দর্শনার্থীসকলৰ লগত কথা–বতৰা পাতি থাকোঁতে প্রশাসনিক সহায়কসকলৰ বহু কর্মঘণ্টা নষ্ট হয়৷ দ্বিতীয়তে দর্শনার্থীসকলৰ মাজত বিভিন্ন স্বভাৱ আৰু প্রকৃতিৰ মানুহ থকাৰ বাবে তেওঁলোকৰ মাজৰে কোনো কোনো লোকৰ ব্যক্তিত্ব আৰু কথা–বতৰাহ সহায়কসকলকো কেতিয়াবা কেতিয়াবা বিৰক্ত কৰি তোলে৷ মুঠতে প্রক্রিয়াটোৱে সচিবালয় প্রশাসনৰ উৎপাদনশীলতাৰ শ্রীবৃদ্ধিত অকণো সহায় নকৰে বৰং তাক অৱনমিত কৰি গৈ থাকে৷ অথচ বিগত দহ বছৰমানত সচিবালয় প্রশাসনৰ উৎপাদনশীলতা বৃদ্ধিৰ দিশত আন্তৰিক প্রচেষ্টা কৰা হৈছে৷ মেধাভিত্তিক নিযুক্তিৰে অসমৰ উচ্চ ডিগ্রীধাৰী যুৱক–যুৱতীসকলক্ সচিবালয় সেৱাত মকৰল কৰা হৈছে৷ নিযুক্তি প্রক্রিয়াত বহু পৰিমাণে স্বচ্ছতা ঘূৰাহ অনা হৈছে৷ সহায়ক নিযুক্তিত ৰাজনৈতিক হস্তক্ষেপে ৯৯ শতাংশ অৱস্থাতে সুবিধা কৰিব পৰা নাহ৷ অর্থাৎ মেধাভিত্তিক নিযুক্তি অসম সচিবালয়ৰ ক্ষেত্রত এক উজ্জ্বল নিয়মত পৰিণত হৈছে৷ তৎসত্ত্বেও যোৱা দিনকেহটাত আমি কেহটামান ঘটনা ঘটা দেখিবলৈ পাহছোঁ৷ উৎকোচ গ্রহণ কৰাৰ অভিযোগত এগৰাকী কনিষ্ঠ সহায়কক ভিজিলেঞ্চে আটক কৰাৰ ঘটনাও ঘটিছে৷ বহু ঘটনা হয়তো আমাৰ অলক্ষিতে ৰৈ গৈছে আৰু আন বহুতে হয়তো নীৰৱে সুন্দৰভাৱে কামবোৰ কৰি গৈছে৷
অসম সচিবালয়লৈ আগমন ঘটা দর্শনার্থীসকলৰ আতিগুৰি আৰু তেওঁলোকৰ আগমনৰ বিভিন্ন কাৰণ সম্পর্কীয় এটা অধ্যয়নৰ প্রয়োজনীয়তা আমি অনুভৱ কৰিছিলোঁ৷ তাৰ বাবে কেপিএমজি নামৰ সংস্থাটোক আমি এটা দায়িত্ব দিছিলোঁ যে সচিবালয়লৈ অহা দর্শনার্থী বিষয়ক এটা গৱেষণাধর্মী প্রতিবেদন আমাক যাতে দিয়া হয়৷ সচিবালয়ত বিভিন্ন চৰকাৰী বিভাগৰ সর্বোচ্চ কার্যালয়বোৰ থাকে৷ হয়াতেহ চৰকাৰৰ নীতি নিৰূপণ হয়৷ তেতিয়াহ’লে ব্যক্তিগত কাম–কাজ কৰোৱাবলৈ দূৰ–দূৰণিৰ পৰা জনতা সচিবালয়লৈ আহে কিয়? উদাহৰণস্বৰূপে কোনো কোনো লোকৰ অনুকম্পামূলক নিযুক্তিৰ কাম থাকে, তাৰ বাবে তেওঁলোক সচিবালয়লৈ আহি থাকে৷ কিন্তু সেহ ক্ষেত্রত চৰকাৰৰ নির্দিষ্ট নীতি আছে৷ মুখ্য সচিবৰ অধ্যক্ষতাত নিযুক্তি সমিতিৰ বৈঠক বহে আৰু সেহ বৈঠকতে অনুকম্পামূলক নিযুক্তিৰ কামবোৰ শেষ কৰিব লাগে৷ বহু অৱসৰপ্রাপ্ত কর্মচাৰী সচিবালয়লৈ আহে জিপিএফৰ ধন মোকলোৱাৰ কামত৷ অৱসৰপ্রাপ্ত কর্মচাৰীয়ে কেনেকৈ জিপিএফৰ ধন মোকলাব লাগে তাৰ বাবেও নীতি নিৰূপিত হৈয়ে আছে, সেয়াও আমাৰ অৱগত৷ কিন্তু তথাপি মানুহ তেনে কামত সচিবালয়লৈ আহে৷ ঠিকাদাৰে কৰা কামৰ বিপৰীতে বিত্তীয় অনুমোদন হয়৷ সেয়াও যে নির্দিষ্ট নীতিৰ ভিত্তিতে হয়, তাকো আমি জানো৷ কিন্তু ঠিকাদাৰসকলো সচিবালয়লৈ আহি থাকে৷ সি যি কি নহওক, কেপিএমজিয়ে যেতিয়া কামটো হাতত লৈছিল, তেতিয়া ক’ভিডৰ পৰিৱেশ এটা বর্তি আছিল৷ সেই বাবে তেওঁলোকৰ তথ্যৰ বিশ্লেষণটোৱে আমাক শতাংশ হিচাপৰ ধাৰণা এটা দিব পাৰে, কিন্তু সচিবালয়ত দর্শনার্থী প্রৱেশৰ প্রকৃত সংখ্যাটো দাঙি ধৰিব নোৱাৰে৷ কিন্তু মোৰ হিচাপ মতে স্বাভাৱিক অৱস্থা চলি থাকিলে সচিবালয়ত দৈনিক প্রায় ২,০০০ লোকে প্রৱেশ কৰে৷ সেহ তথ্যৰ বিশ্লেষণ কৰি আমি দেখোঁ যে ২৭ শতাংশ দর্শনার্থী আহে শিক্ষা বিভাগলৈ৷ বিদ্যালয় প্রাদেশিকীকৰণৰ বাবে বিভিন্ন শিক্ষক–কর্মচাৰীসক্ শিক্ষা বিভাগলৈ আহে৷ বিভিন্ন শিক্ষক সংস্থাবোৰো বিভিন্ন দাবী আদি ৰূপায়ণৰ বাবে আহে৷ কিছু লোক নিজে আহে আৰু কিছু লোকক আমি আহিবলৈ বাধ্য কৰোঁ৷ কোনো কোনো ক্ষেত্রত হতিমধ্যে নিষ্পত্তি হৈ যোৱা ফাহল পুনৰীক্ষণ কৰোৱাৰ বাবেও কিছু কিছু লোকে বিধায়ক বা কাৰোবাৰ দ্বাৰা লিখোৱাহ আনে৷ আমাৰ সাংবিধানিক ব্যৱস্থাত এনেকৈ ফাহল পুনৰীক্ষণ কৰাটো একেজন বিষয়াৰ এক্তিয়াৰত নপৰে৷ সেহ কাম কৰিব পাৰে এপিলেট বিষয়ববীয়াহহে৷ তাৰ বাবেও নির্ধাৰিত নীতি আৰু বিধি আছে৷ শিক্ষা বিভাগৰ পিছতেহ লোকনির্মাণ বিভাগলৈ আহে ১৯ শতাংশ দর্শনার্থী৷ এহ বিভাগলৈ ঠিকাদাৰসকলে বিলৰ কামত আহে৷ বিলৰ কামত কিয় আহিব লাগে এহ কথা মোৰ বোধগম্য নহয়৷ কিন্তু চৰকাৰ অহাৰ পিছত আমি এটা সিদ্ধান্ত লৈছোঁ যে বিলৰ কামত সচিবালয়ৰ বিভাগীয় কার্যালয়ৰ কোনো ভূমিকা নাথাকিব৷ বিলৰ কাম মুখ্য অভিযন্তাৰ কার্যালয়ে পোনে বিত্ত বিভাগৰ পৰা কৰাহ ল’ব৷ সচিবালয়ৰ দর্শনার্থীসকলৰ মাজত ৮ শতাংশ লোক আহে পেন্সন বিভাগলৈ৷ জলসিঞ্চন বিভাগলৈ ৫ শতাংশ লোক আহে, একেদৰে সমাজসেৱা বিভাগলৈ আহে ৪ শতাংশ লোক৷
সচিবালয়ৰ দর্শনার্থীসকলৰ মাজত থাকে ২৯ শতাংশ কর্মচাৰী৷ তেওঁলোক নিজৰ চাকৰি সংক্রান্তীয় কাম–কাজ– পদোন্নতি, বিভাগীয় তদন্ত, নিলম্বন, বদলি আদিৰ বাবে আহে৷ ঠিকাদাৰ আহে ২৪ শতাংশ৷ শ্রেণীকোঠাৰ কাম–কাজ বাদ দি শিক্ষক–শিক্ষয়িত্রী আহে ১২ শতাংশ৷ সর্বসাধাৰণ জনতা সচিবালয়লৈ অতি কম আহে, কেৱল ৭ শতাংশ৷ অৱসৰী কর্মচাৰীসকল তেখেতসকলৰ পেন্সনৰ কামত আহি থাকে৷ এহ হিচাপটো ৬ শতাংশ৷
অসম সচিবালয় সম্পর্কে হমানখিনি অৱগত হোৱাৰ পিছত এহবাৰ আমি কেন্দ্রীয় চৰকাৰৰ সচিবালয়তো এভুমুকি মাৰি নিশ্চয় চাব পাৰোঁ৷ এহ সম্পর্কীয় এটা উদাহৰণ আপোনালোকৰ সন্মুখত মহ তুলি ধৰিব খোজোঁ৷ অলপতে আমি অসম বিধানসভাত এখন বিল উত্থাপন কৰিছিলোঁ যে অসমত ফ্লেট কিনা–বেচা কৰাৰ বাবে উপায়ুক্তৰ অনুমতি লোৱাৰ প্রয়োজন নাহ৷ এহ বিলখন আহনত পৰিণত হ’বলৈ মহামহিম ৰাষ্ট্রপতিৰ অনুমোদনৰ প্রয়োজন৷ তাৰ বাবে ফাহলটো কেন্দ্রীয় চৰকাৰলৈ প্রেৰণ কৰা হ’ল৷ কামটোৰ বাবে এদিন নে দুদিন মহ কেন্দ্রীয় সচিবালয়লৈ ফোন কৰিছিলোঁ৷ মোক কোৱা হ’ল যে বিভিন্ন বিভাগৰ মতামত লৈ ৰাষ্ট্রপতিৰ অনুমোদনৰ বাবে ফাহলটো প্রেৰণ কৰা হ’ব আৰু তাৰ বাবে ৯০ দিনৰ প্রয়োজন৷ এহ ৯০ দিনকে ধৰি কামটো সম্পূর্ণকৈ হৈ উঠিবলৈ সাধাৰণতে পাঁচৰ পৰা ছমাহ সময়ৰ প্রয়োজন৷ কিন্তু তাৰ পূর্বে যদি কৰিব লাগে, তেন্তে মোক কোৱা হ’ল যে মহ গৃহমন্ত্রীৰ সৈতে কথা পাতিব লাগিব৷ হয়াৰ অর্থ এয়ে যে কেন্দ্রীয় চৰকাৰৰ প্রতিটো কাম একোটা প্রণালীবদ্ধ প্রক্রিয়াৰে আগবাঢ়ে৷ কোনো নির্দিষ্ট বিষয়ত বিভিন্ন বিভাগৰ পৰা মতামত গ্রহণৰ বাবেও কায়িক ফাহল পঠিওৱাৰ নিয়ম কেন্দ্রীয় সচিবালয়ত নাহ৷ কেৱল বিষয়টো প’র্টেলত আপলোড কৰি দিয়াৰ লগে লগে সেহ জাননী বিভিন্ন বিভাগে পায় আৰু নির্দিষ্ট সময়সীমাৰ ভিতৰত সংশ্লিষ্ট বিভাগসমূহৰ মতামতো প’র্টেলযোগে আপলোড কৰি দিয়া হয়৷ হয়াৰ বাবে কোনোবাহ লাগি থকাৰ নিয়ম নাহ৷ আমাৰ পূর্বজসকলে কোৱা অনুসৰি অসম সচিবালয়তো পূর্বে দর্শনার্থী অহাৰ নিয়ম নাছিল৷ সুন্দৰকৈ ফাহলৰ কাম আগবাঢ়িছিল৷ কামটোৰ উত্তৰটো পত্রত লিখি ডাকযোগে আবেদনকাৰীৰ ঘৰলৈ পঠিয়াহ দিয়া হৈছিল৷ ১৯৮৫ চনমানৰ পৰা সচিবালয়ত কাম কৰোৱাবলৈ দর্শনার্থী অহাৰ এটা প্রৱণতা আৰম্ভ হ’ল৷ তাৰ আগেয়ে সচিবালয়লৈ দর্শনার্থী কম আহিছিল, বেছিকৈ আহিছিল কাগজ–পত্র৷
সচিবালয়লৈ দর্শনার্থী অহাত আমাৰ আপত্তিৰ কাৰণ কি? জনতাৰ সচিবালয়লৈ জনতা আহিলে আমি আচলতে ভালেহ পাব লাগে৷ কিন্তু বাস্তৱ ক্ষেত্রত কথাটো কিছু সুকীয়া৷ প্রথমতে, অসমৰ ৰাজধানী চহৰ গুৱাহাটী অসমৰ কিছুমান অঞ্চলৰ পৰা হাজাৰ যোজন দূৰৈত অৱস্থিত৷ এহ দূৰত্ব ভৌগোলিক আৰু লগতে মানসিকো৷ অসমৰ সীমামূৰীয়া অঞ্চলৰ পৰা কোনো এজন লোক সচিবালয়ৰ কামত গুৱাহাটীলৈ আহিব লগা হ’লে বহুখিনি টকা–পহচা খৰচ হয়৷ তেওঁলোক আহি হোটেলত থাকিব লাগে, হোটেলৰ আহাৰ খাব লাগে৷ চিটীবাছ–টোত যাতায়াত কৰিব লাগে৷ এহ আটাহবোৰ কথাহ এজন দর্শনার্থীক সচিবালয়লৈ আহিবলৈ অকণো উৎসাহিত নকৰে৷ দ্বিতীয়তে, কেতিয়াবা এনেকুৱাও হয় কোনো কোনো লোক সচিবালয়লৈ আহোঁতে তেওঁলোকৰ অঞ্চলৰ বহু লোকৰ কামৰ দায়িত্ব লৈ আহে৷ তেওঁলোকৰ পৰা কিছুমানে টকা–পহচা তোলে, সেহ টকাৰ এটা অংশ সচিবালয়ৰ কর্মচাৰীৰ নামতো খৰচ কৰিব লাগিব বুলি কোৱা হয়৷ হয়াৰ ফলত চৰকাৰৰ প্রচুৰ বদনাম হয়৷ তৃতীয়তে, কোনো কোনো দুখীয়া মানুহে কামৰ বাবে মাটি–বাৰী বিক্রী কৰি আহে৷ তেওঁলোকে এহবুলি ভাবে যে সেহ নির্দিষ্ট কামটো যদি হৈ যায়, তেতিয়া আৰু তেওঁলোকৰ সকলো সমস্যাৰ সমাধান হৈ যাব৷ কিন্তু সচিবালয়তটো একেদিনাহ কাম নহয়৷ গতিকে তেওঁলোক কেহদিনমান ঘূৰা–পকা কৰি উকা হাতেৰে ঘূৰি যায় আৰু শোক–বেদনাৰ এটা ক’লা ছায়াহ তেওঁলোকৰ পৰিয়ালটোক বহুদিন আগুৰি ৰাখে৷
সচিবালয়ৰ বহু বিষয়া–কর্মচাৰীয়ে তেওঁলোকৰ নিজৰ কাম–কাজৰ বাবেও অৱসৰৰ পিছত সচিবালয়লৈ আহি থাকিবলগীয়া হ’লে কষ্ট পায়৷ অৱসৰৰ পাছত তেওঁলোকে কাম কৰি যোৱা কার্যালয়টোৰ নবীন কর্মচাৰীসকলে তেওঁলোকক পূর্বৰ মর্যাদা প্রদান নকৰে বুলি বহুতেহ আক্ষেপ কৰে৷ কিন্তু নবীন কর্মচাৰীসকলে সেয়া কিয় কৰে মহ বুজি নাপাওঁ৷ কাৰণ প্রত্যেকেহ এদিন নহয় এদিন অৱসৰ পাব৷ নবীনসকলৰ বর্তমানৰ ব্যস্ত জীৱনে তেওঁলোকক তেওঁলোকৰ নিশ্চিত ভৱিষ্যতৰ বিষয়ে পাহৰাহ ৰাখে৷ কিন্তু জীৱনৰ চিৰন্তন সত্যটোৱেহ এহটো যে পদবীৰ পিছত এদিন প্রাক্তন শব্দটোৰ সংযোজন অৱধাৰিত৷ সেই বাবে কেতিয়াবা আৰক্ষীৰ ফালৰ পৰা মোৰ সুৰক্ষাৰ নামত বেছিকৈ শক্তি আৰু সাধন ব্যয় কৰিলে মোৰ সুধিবলৈ মন যায় যে মহ প্রাক্তন মুখ্যমন্ত্রী হ’লেও একেখিনি সুৰক্ষা আৰু সুবিধা পাম জানো? যদি নাপাওঁ, তেতিয়াহ’লে এতিয়া অতিৰিক্ত বাগাডম্বৰ কৰি জলা–কলা খুওৱাৰ প্রয়োজনীয়তা ক’ত৷ এয়াহ জীৱনৰ ৰূঢ় বাস্তৱ যে আমি নবীনসকলেও বর্তমানটো দ্রুতগতিত মহাকালৰ হাতত সমর্পণ কৰিব লাগিব আৰু এবাৰ সমর্পণ কৰি দিয়াৰ পিছত আজিৰ সময়খিনি কেতিয়াও আৰু ঘূৰি নাহে৷ সময় যিহেতু খন্তেকতে মহাকালৰ গর্ভত লীন হৈ অতীত হৈ যাব, তেতিয়াহ’লে এহ সময়খিনিৰ সর্বশ্রেষ্ঠ ব্যৱহাৰ কৰি তাক আমি চিৰশাশ্বত কৰি নোতোলোঁ কিয়? মানুহে যি পৰিৱর্তনৰ বাবে অপেক্ষা কৰি আছে, আমি সেহ পৰিৱর্তনৰ একোটা অংশীদাৰ হৈ নপৰোঁ কিয়? আমি সেহ পৰিৱর্তনৰ অনুঘটক হৈ নপৰোঁ কিয়? স্বাধীনতাৰ ৭৫ বছৰৰ পিছত আমাৰ ৰাজ্য অসমে, যি অসম উত্তৰ–পূবৰ আন ৰাজ্যৰ আদর্শ, সেহ অসমে এটা পৰিৱর্তন সাধন কৰিব লাগিব– সেয়া সময়ৰ আহ্বান৷
পূর্বতে চৰকাৰ সৰু আছিল, লাহে লাহে চৰকাৰ ডাঙৰ হ’ল৷ এটা সময়ত আমাৰ চৰকাৰৰ কর্মচাৰীৰ সংখ্যা আছিল ১ লাখ, বাজেট আছিল প্রায় ২০ হাজাৰ কোটি টকাৰ৷ কর্মচাৰীৰ সংখ্যাহ এতিয়া ৩–৪ লাখৰ সংখ্যা চুলে, নতুন নতুন বিভাগ সৃষ্টি কৰা হ’ল, বিভিন্ন চৰকাৰী ছ’চাহটীসমূহ সৃষ্টি কৰা হ’ল, চৰকাৰ বহুগুণে সম্প্রসাৰিত হ’ল৷ আগতে চৰকাৰে নিয়ামক সংস্থা হিচাপে কাম কৰিছিল৷ লাহে লাহে চৰকাৰৰ বিকাশমুখী কাম–কাজবোৰ বাঢ়িবলৈ ধৰিলে৷ দায়বদ্ধতা আৰু ক্ষমতা এক বিন্দুত কেন্দ্রীভূত হ’বলৈ আৰম্ভ কৰিলে৷ ফলস্বৰূপে বহু কাম অসম সচিবালয়লৈ আহিবলৈ আৰম্ভ কৰিলে৷ বিভিন্ন ধৰণৰ ধ্বজাবাহী আঁচনিবোৰ গ্রহণ কৰাৰ ফলস্বৰূপে চৰকাৰ নিয়ামক সংস্থাৰ পৰা লাহে লাহে বিকাশশীল সংস্থালৈ ৰূপান্তৰ হ’বলৈ আৰম্ভ কৰিলে৷ আমিRealtime Development ড্রেক কৰাৰ প্রয়োজনীয়তা বহুগুণে বাঢ়িল৷ কামো বাঢ়িল আৰু সচিবালয়ত কাগজ–পত্র জমা হোৱাৰ হাৰ বৃদ্ধি হ’ল৷ যিবোৰ কাগজ–পত্রৰে আমাৰ সচিবালয়ৰ টেবুল আৰু আলমাৰিবোৰ ভৰি আছে, সেহবোৰৰ কিছুমান কাগজ–পত্রৰ কথা মনত পেলালে আমি দেখিম যে কিছুমান কাগজৰ আবেদনকাৰীসকল আজিকালি নহা হৈছে৷ তেওঁলোকৰ বহুতেহ হহলীলা সম্বৰণ কৰি নেদেখা জগতলৈ হতিমধ্যে গুচি গৈছে৷ ন্যায়ালয়ত মহ যেতিয়া কাম কৰিছিলোঁ, তেতিয়া আমি কেতিয়াবা কেতিয়াবা ন্যায়াধীশক কৈছিলোঁ যেLordship, this matter has become infructuous. কিয়? কাৰণ পলম হৈ গ’ল, কথাটোৰ প্রাসংগিকতাও বিলুপ্ত হৈ গ’ল৷
এহধৰণে যেতিয়া প্রশাসন চলি চলি গৈ থাকে, তেতিয়া খুব লাহে লাহে এটা সময়ত জনতাৰ মনত এটা অসন্তুষ্টিৰ পৰিৱেশ সৃষ্টি হয়৷ সেহ কথা আমাৰ পৰা গোপন হৈ থাকে৷ কাৰণ আমাৰ নিজৰ ভাগৰ, নিজৰ সামর্থ্যৰ সমানুপাতিক কামখিনি আমি কৰিয়েহ থাকোঁ৷ আমি ভাবোঁ আমি আমাৰ শ্রেষ্ঠতাখিনি উজাৰি দিছোঁ যেতিয়া সমস্যা নাহ৷ কিন্তু সমস্যাটো হ’ল আমি আমাৰ নিজৰ যি মূল্যায়ন কৰোঁ, সেয়া সম্পূর্ণ নহয়৷ আমাৰ জ্যেষ্ঠ বিষয়াসকলেও কনিষ্ঠসকলৰ যি মূল্যায়ন কৰে, সেয়াও শুদ্ধ নহয়৷ কাৰণ আমি সদায় হজনে সিজনক লগ পাহ থাকোঁ৷ আমাৰ যি সর্বাত্মক মূল্যায়ন হ’ব লাগে আমাৰ সেহ মূল্যায়ন কোনে কৰে? সেহ মূল্যায়ন কৰে জনতাহ৷ গণতান্ত্রিক ব্যৱস্থা এটাহ যেতিয়া আশা কৰা ধৰণে বা জনতাৰ মনঃপুত হোৱাকৈ সেৱা আগবঢ়াব নোৱাৰা হৈ পৰে, তেতিয়া গণতন্ত্রৰ ঠাহত নৈৰাজ্যবাদে গা কৰি উঠিবলৈ আৰম্ভ কৰে৷ লাহে লাহে নৈৰাজ্যবাদী সত্তাবোৰ সমাজত জন্মিবলৈ আৰম্ভ কৰে৷ আহন–শৃংখলাৰ পৰিৱেশ সৃষ্টি হয়, মানুহৰ ক্ষোভ প্রশমনৰ বাবে ব্যৱস্থা হাতত ল’বলগীয়া হয়, কথাহ কথাহ মানুহ ৰাজপথলৈ ওলাহ আহিবলৈ ধৰে৷ জনপ্রিয় চৰকাৰ এখনৰ প্রথম বছৰটোত জনতাহ বৰ বেছি আন্দোলন আদি নকৰে৷ সেহ সময়ত উপায়ুক্ত, আৰক্ষী অধীক্ষকসকলে শান্তিপূর্ণ পৰিৱেশৰ মাজত কাম কৰিবলৈ পায়৷ লাহে লাহে যেতিয়া চৰকাৰখন অলপ পুৰণি হ’বলৈ ধৰে, তেতিয়া আন্দোলন আৰম্ভ হয়, সচিবালয়ত ধর্ণা বেছি হ’বলৈ ধৰে৷ অকণমান কিবা এটা ঘটনা হ’লেহ মানুহৰ পুঞ্জীভূত হতাশাহ বিধ্বংসী ৰূপ লৈ অফিচ ঘেৰাও, থানা ঘেৰাও আদি নানা ঘটনাৰ সৃষ্টি কৰে৷ এয়া হৈছে পাঁচ বছৰৰ কথা৷ কিন্তু পঁচিশ বছৰ বা ত্রিশ বছৰ একেৰাহে যদি এহ ব্যৱস্থা চলি থাকে, চৰকাৰে যদি ন্যায় দিয়াত ব্যর্থ হয়, সেৱা প্রদান কৰিবলৈ অসমর্থ হয়, তেন্তে প্রথমে ৰাজনৈতিক নেতৃত্বৰ প্রতি ক্ষোভ আৰম্ভ হৈ পিছলৈ সি ব্যৱস্থাটোৰ বিৰুদ্ধে এটা প্রাতিষ্ঠানিক ৰূপ পৰিগ্রহ কৰে৷ তেনেকৈয়ে নক্সালবাদৰ জন্ম হয়৷ ক’ৰবাত কমিউনিজমৰ জন্ম হয়, ক’ৰবাত নৈৰাজ্যবাদৰ জন্ম হয় আৰু ক’ৰবাত বিচ্ছিন্নতাবাদৰ জন্ম হয় আৰু ফলস্বৰূপে ৰাষ্ট্র ব্যৱস্থাটো দুর্বল হৈ পৰে৷ এয়া হৈছে ব্যৱস্থা একোটাত দীর্ঘ সময়জুৰি দেখা দিয়া সর্বাত্মক বিফলতাৰ ফচল৷ অসমত আমি অসম আন্দোলন দেখিবলৈ পালোঁ৷ সন্ত্রাসবাদ, বিচ্ছিন্নতাবাদ, জনজাতীয় আন্দোলন আদি নানানটা ৰূপত জনতাৰ ক্ষোভ দেখিবলৈ পালোঁ৷
আজি বহু দিনৰ মূৰত আমাৰ মাজলৈ এনে এটা ক্ষণ আহিছে যে স্বাধীনতা দিৱসেহ হওক বা গণৰাজ্য দিৱসেহ হওক, আমি আহন–শৃংখলা পৰিস্থিতিক লৈ বিশেষ কোনো চিন্তিত হোৱাৰ প্রয়োজন হোৱা নাহ৷ যিকোনো কাৰণতেহ নহওক কিয় এনে এটা আত্মবিশ্বাস আজি সকলোৰে মনত জাগি উঠিছে যে অসমে সেহ ঘন অন্ধকাৰ যুগটো কোনো প্রকাৰে অতিক্রম কৰি তাৰ ঠাহত আলোকৰ নতুন পথৰ সন্ধান কৰিবলৈ সক্ষম হৈছে৷ যোৱা পাঁচ বছৰমানৰ পৰা আমি এটা হংগিত পাহ আছিলোঁ যে আহন–শৃংখলাজনিত পৰিৱেশৰ দুশ্চিন্তা এতিয়া আৰু বৰ বেছিকৈ নাথাকিব৷ তাৰ ঠাহ ল’ব প্রগতি আৰু শান্তিয়ে৷ আজি বহুদিনৰ মূৰত অসম এটা নতুন পথেৰে যাত্রা কৰাৰ মুহূর্তত চৰকাৰখন জনতাৰ আশা–আকাংক্ষাৰ প্রতি অধিক সংবেদনশীল হোৱাৰ প্রয়োজনীয়তা আহি পৰিছে৷ আমি এহ অৱস্থাত যদি জনতাক এটা অর্থৱহ পৰিৱর্তন দিবলৈ সক্ষম নহওঁ, এতিয়া যদি আমি মানুহৰ আশা–আকাংক্ষাৰ কাৰণে কাম কৰিব নোৱাৰোঁ, তেন্তে অহা ১০–১৫–২০ বছৰত অসমে অন্য ধৰণৰ প্রতিবন্ধকতা দেখিবলৈ পাব৷ মানুহে দিয়া সুযোগ আমাৰ হাতৰ পৰা ওলাহ গুচি যাব৷
এহখিনি প্রেক্ষাপটৰ মাজতেহ সদ্ভাৱনা প্রকল্পৰ জন্ম৷ সমগ্র প্রকল্পটোৰ তিনিটা অংগ আছে৷ সদ্ভাৱনা প্রকল্পৰ মাজেৰে গৈ আমি সচিবালয়ৰ স্বচ্ছতা অভিযানত অংশ ল’ম আৰু তাৰ পৰা গৈ আমি চৰকাৰী কাম–কাজত হ–ফাহলিং ব্যৱস্থা সূচনা কৰি তাক এটা বছৰৰ ভিতৰত সম্পূর্ণ কৰি তুলিম৷ প্রকল্পটোৰ ধাৰণাটো অতি সৰল৷ আমাৰ সচিবালয়ত বহুতো ফাহল জমা হৈ আছে৷ দশক দশকজুৰি এহ ফাহলবোৰ নিষ্পত্তি নোহোৱাকৈ সচিবালয়ত অনাদৃত হৈ পৰি আছে৷ এহ ফাহলবোৰ আমি নিষ্পত্তি কৰিব লাগিব সমূহীয়া সিদ্ধান্তৰ ভিত্তিত৷ প্রতিটো ফাহলেহ যে যোগাত্মকভাবে নিষ্পত্তি হ’ব, তেনে কথা নহয়৷ কিন্তু যিটো কামৰ বাবে সেহ ফাহলটো গঠিত হৈছিল চৰকাৰী নীতি অনুসৰি, তাক নিষ্পত্তি কৰাটো আৰু তাৰ চৰকাৰী আদেশ আবেদনকাৰীৰ হাতত তুলি দিয়াটো এখন চৰকাৰৰ দায়িত্ব৷ সচিবালয়লৈ কাগজ–পত্র আহিয়েহ থাকে৷ আমাৰ বাবে সেয়া একোখন কাগজ৷ মহ বহুদিন ধৰি স্বাস্থ্য বিভাগটোৰ কাম–কাজ ওচৰৰ পৰা চোৱাৰ সুযোগ পাহছোঁ৷ মেটাৰনিটী ৱার্ডৰ নার্ছসকলে নিজৰ ভিতৰত কথা–বতৰা পাতোঁতে যি ধৰণৰ শব্দ আৰু ভাষা প্রয়োগ কৰে, মহ তাক উদাহৰণ হিচাপে হয়াত উল্লেখ কৰিব খোজোঁ৷ ৱার্ডৰ অপাৰেচন থিয়েটাৰৰ ভিতৰত শিশুবোৰৰ যেতিয়া জন্ম হয়, তেতিয়া নার্র্ছসকলে কয় এক নম্বৰটো বিছনাত দে, দুহ নম্বৰটো আহ চি হউত দে, তিনি নম্বৰটো মৰিলে হত্যাদি৷ নার্ছসকলে তেওঁলোকেৰ দৈনন্দিন এহ কামটো কৰোঁতে শিশুকেহটাক যেতিয়া তেওঁলোকে নির্দেশ কৰে, তেতিয়া সিহঁতৰ বিছনাৰ নম্বৰটোৰ সৈতে নির্দেশ কৰে৷ দীর্ঘকাল এহ ব্যৱস্থাৰ মাজত কাম কৰোঁতে কৰোঁতে হ এক যন্ত্রৱৎ প্রক্রিয়া হৈ পৰে আৰু তেওঁলোকৰ মাত–কথাৰ পৰা মানৱীয় অনুভূতিবোৰ কিছু সময়ৰ বাবে উধাও হৈ যায়৷ বহুতো পিতৃ–মাতৃয়ে কথাটোত দুখ পায় আৰু তেওঁলোকৰ শিশুবোৰক নার্ছগৰাকীয়ে প্রয়োজনীয় মমত্ববোধৰ পৰা বঞ্চিত কৰাৰ বাবে আপত্তি কৰে৷ সচিবালয়তো আমি ৰাহজৰ যিবোৰ পত্র লাভ কৰোঁ, সেহবোৰ আমাৰ কাৰণে কাগজ৷ কিন্তু এহ কাগজৰ পিছফালে মানুহৰ বেদনা লুকাহ থাকে৷ কাৰোবাৰ অধিকাৰ লুকাহ থাকে আৰু কাৰবাৰ আশা–আকাংক্ষা লুকাহ থাকে৷ আমাৰ বাবে কাগজ এটা সাধাৰণ কথা৷ আমি অফিচলৈ যাওঁ, টেবুলৰ ওপৰত যিকোনো সময়তে আমি পঞ্চাশ–এশখন কাগজ দেখিবলৈ পাওঁৱেহ৷ কিন্তু যিসকলে এহ কাগজবোৰ আমালৈ লিখে, তেওঁলোকৰ বাবে হয়তো জীৱনৰ সর্বস্বটো তাতেহ লুকাহ আছে৷ এনেকুৱা পত্রও কেতিয়াবা আহে যে তাৰ ওপৰত আমি দিয়া সিদ্ধান্তহ আবেদনকাৰীৰ পৰিয়ালটো ৰক্ষা কৰিব পাৰে, বা পৰিয়ালটোক ধ্বংসৰ গৰাহলৈ ঠেলি দিব পাৰে৷ এনেকুৱা কাগজো আহে, যাৰ সু–সিদ্ধান্তত হয়তো এটা পৰিয়াল, এখন সমাজ, এখন গাঁও বা এখন চহৰৰ ভৱিষ্যৎ নির্ভৰ কৰে৷ হমানবোৰ কাগজ চোৱাৰ বাবে আমাৰ সময় নাথাকে৷ চাকৰিত যোগ দিয়াৰ প্রথম কেহটামান মাহ বা বছৰ আমি এহ কাগজবোৰ ধৈর্য সহকাৰে পঢ়িবলৈ লওঁ৷ কিন্তু লাহে লাগে সেহবোৰ আমাৰ বাবে সচৰাচৰ দৈনন্দিন ঘটনাত পৰিণত হয়৷ অসম সচিবালয়তে যদি আমি চাওঁ পুৰণি কাগজৰ ৰেফাৰেন্স বিচাৰিলে ১৯৮৫ চনমানলৈকেতো পোৱা যাবহ৷ সেহ বাবে মানুহে কাগজ এখনৰ উত্তৰৰ বাবে মাহৰ পিছত মাহ, বছৰৰ পিছত বছৰ অপেক্ষা কৰি আছে৷ তাৰ মাজতে অৱশ্যে আমি বহু কাগজ নিষ্পত্তি কৰিছোঁ৷ কিন্তু আমি কেতবোৰ কাগজ এতিয়াও নিষ্পত্তি কৰা নাহ৷ কোনবোৰ কাগজ আমি নিষ্পত্তি কৰা নাহ? যিবোৰ কাগজৰ সমস্যা জটিল অথবা যিবোৰ কাগজ আমাৰ দৃষ্টিগোচৰ কৰা হোৱা নাহ৷ এতিয়া সদ্ভাৱনা প্রকল্পৰ জৰিয়তে আমি তেনে কাগজ–পত্রবোৰ নিষ্পত্তি কৰিব খোজোঁ৷ কিন্তু লক্ষাধিক এনে ফাহল, দশক দশকজোৰা পুৰণি সমস্যাযুক্ত এনে ফাহলবোৰ এটা নির্দিষ্ট সময়ৰ ভিতৰত নিষ্পত্তি কৰাৰ ধাৰণা একোটাক আমি কেনেকৈ বাস্তৱায়িত কৰিম? তাৰ বাবে আমাৰ লাগিব উদ্ভাৱনীমূলক চিন্তা–চর্চা৷
সচিবালয়ত যিবোৰ কাম থাকে, সেহবোৰ বৰ ডাঙৰ কামো নহয়৷ সাধাৰণ ইচ্ছাশক্তি আৰু প্রযুক্তিৰ ব্যৱহাৰৰ জৰিয়তে তাক সহজেহ সমাধান কৰিব পাৰি৷ উদাহৰণস্বৰূপে ৰাজহ বিভাগলৈ চালে আমি দেখোঁ যে বহু ফাহল আছে মাটি আবণ্টন সম্পর্কীয়৷ হয়াত প্রতিটো ফাহল এটা এটাকৈ নিষ্পত্তি কৰাৰ প্রয়োজন নাহ৷ তাৰ পৰিৱর্তে এখন মাত্র তালিকাত আটাহবোৰ আবণ্টনৰ প্রস্তাৱ লিখি উলিয়াব লাগে৷ সেহখন তালিকাতে একোটা একোটাকৈ প্রস্তাৱ নিষ্পত্তি কৰি গ’লে একেদিনাহ দুহেজাৰ আবণ্টন প্রস্তাৱ কেবিনেটত উত্থাপনৰ বাবে সাজু হৈ উঠিব৷ কেবিনেটত আমি একেদিনাহ দুহেজাৰ প্রস্তাৱ নিষ্পত্তি কৰি পেলাম৷ অনুকম্পামূলক নিযুক্তিৰ বাকী থকা প্রস্তাৱবোৰো তেনেকৈয়ে একেদিনাহ মুখ্য সচিবে নিষ্পত্তি কৰি পেলাব৷ এহ দিশত মুখ্য সচিবে অতিৰিক্ত মুখ্য সচিবসকলকো কিছু কাম অর্পণ কৰিব পাৰিব৷ শিক্ষা বিভাগতো কিছুমান ফাহল আছে, তাকো একেধৰণে একে সময়তে নিষ্পত্তি কৰি পেলাব পাৰি৷ মুঠতে সচিবালয়ৰ কোনো এটা ফাহলতে এনেকুৱা জটিলতা নাহ যে তাক নিষ্পত্তি কৰিব নোৱাৰি৷ অন্ততঃ ৯০ শতাংশ ফাহলেহ আমি অতি সহজে আৰু সামগ্রিক সিদ্ধান্তৰে নিষ্পত্তি কৰি পেলাব পাৰোঁ৷
১ ফেব্রুৱাৰীৰ পৰা এহ সংক্রান্তীয় এটা প’র্টেল ৰাহজৰ বাবে মুকলি হ’ব৷ এহ প’র্টেলত ৰাহজে ফাহলৰ নম্বৰ দিব৷ ফাহলৰ নম্বৰ নাজানিলেও সেহ সংক্রান্তীয় যিকোনো চিঠি এখনৰ নম্বৰ দিলেও তাৰ ভিত্তিত বিভাগবোৰে ফাহলবোৰ বিচাৰি উলিয়াব৷ প্রতিটো বিভাগৰ প্রধান সচিবে প’র্টেলৰ তথ্যৰ পৰা নিষ্পত্তি কৰিবলগীয়া নিজৰ নিজৰ ফাহলবোৰৰ তালিকা কৰি, তাক কামৰ প্রকাৰ অনুসাৰে ভাগ কৰি ল’ব৷ এনেদৰে একেটা বিষয়ৰ আটাহবোৰ ফাহল একেবাৰতে নিষ্পত্তি কৰিব আৰু নিষ্পত্তি নোহোৱা বিষয়বোৰ কেবিনেটলৈ প্রেৰণ কৰিব৷ জনতাহ উল্লেখ নকৰা ফাহলো বহুত থাকিব৷ সেহবোৰো নিষ্পত্তি কৰি প্রতিটো কামৰে স্বাক্ষৰিত আদেশ বিভাগবোৰে উপায়ুক্তসকললৈ পঠিয়াহ দিব, যাতে সেহ আদেশৰ প্রতিলিপি নির্দিষ্ট ঠিকনাত উপায়ুক্তসকলে প্রেৰণ কৰিব পাৰে৷
হয়াৰ লগত প্রকল্পটোৰ আন দুটা অংগ থাকিব৷ তাৰে এটা হ’ল স্বচ্ছতা৷ অর্থাৎ আমাৰ সচিবালয়ৰ পাৰিপার্শ্বিক অৱস্থাৰ উৎকর্ষ সাধন৷ মোৰ দীর্ঘ অভিজ্ঞতাৰ পৰা দেখিছোঁ যে সচিবালয়ত কাম কৰি অৱসৰ লোৱা কোনো মানুহেহ অৱসৰৰ পিছত সুস্থ–সবল অৱস্থাত নাথাকে৷ প্রত্যেকেহ কিবা নহয় কিবা অসুখত ভোগে৷ অথচ আজিকালি সেহ বয়সত বিশ্বৰ আন আন প্রান্তৰ মানুহে নিজকে নতুনকৈ প্রবীণৰ শাৰীত ঠাহ দি নানাবিধ ক্রীডা আৰু সৃষ্টিশীলতাৰ মাজত ব্যস্ত ৰখাৰ প্রয়াস কৰিছে৷ সচিবালয়ৰ ফাহল আৰু পুৰণি কাগজ–পত্রবোৰ হৈছে বেমাৰৰ একো একোটা স্তূপ৷ কিমান পুৰণি ফাহল কেনেকৈ ৰাখিব লাগে, সেহ সম্পর্কত ভাৰত চৰকাৰৰ নির্দিষ্ট নিয়মাৱলী আছে৷ আমিও এহ সম্পর্কত এটা প্রণালী নির্মাণ কৰিম, যাৰ দ্বাৰা পুৰণি কাগজ–পত্রবোৰৰ এটা সুব্যৱস্থা কৰিব পৰা যায়৷ স্পর্শকাতৰ ফাহলবোৰ অক্ষত ৰাখি আমি মহালেখাগাৰলৈ প্রেৰণ কৰিম৷ যিবোৰ ফাহল চৰকাৰী নিয়মানুসাৰে এক নির্দিষ্ট সময়ৰ বাবে ৰাখিব লাগে, তাৰ বাবে আমি একোটা ভঁৰাল তৈয়াৰ কৰিম৷ কিন্তু আমাৰ চৌপাশটো, সচিবালয়ৰ পাৰিপার্শ্বিক পৰিৱেশটো পৰিষ্কাৰ হৈ থাকিব লাগে৷ সচিবালয়ৰ বিভাগবোৰত থকা ভগা চকী–মেজবোৰৰ ঠাহত নতুন চকী–মেজ স্থাপন কৰা হ’ব৷ কোনোবাখন পর্দা লেতেৰা, সেহখন গুচাব লাগিব৷ ক’ৰবাত চূণ–তেল দিব লাগে, তাত চূণ–তেল দি পৰিষ্কাৰ কৰিব লাগিব৷ মোক প্রধানমন্ত্রী মহোদয়ে কৈছিল যে তেখেতে গুজৰাটত প্রতিবছৰে সাত দিন কেৱল সচিবালয়ৰ পুৰণি কাগজ–পত্র চাফ কৰা কাম অনুষ্ঠিত কৰিছিল৷ তেখেতে মোক এহটোও কৈছিল যে পাঁচ বছৰত তেখেতে গুজৰাটৰ সচিবালয়খন একেবাৰে পাতল কৰি দিছিল৷ এইবাৰ তেখেতে ভাৰত চৰকাৰৰ সচিবালয়তো এহ কাম আৰম্ভ কৰিছে৷
দ্বিতীয়তে আমি হ–ফিচ ব্যৱস্থাৱলীৰ প্রতি লাহে লাহে আগুৱান হ’ব লাগে৷ তেলেংগানা, মহাৰাষ্ট্র– এহ ৰাজ্যবোৰে হতিমধ্যে হ–ফিচ ব্যৱস্থাত বহুদূৰ আগুৱাহ গ’ল৷ হ–ফিচ হৈছে স্বাস্থ্যসন্মত৷ কায়িক ফাহল আৰু কাগজ–পত্রবোৰ নথকাৰ ফলত ব্যৱস্থাটো পৰিষ্কাৰ হৈ থকাৰ উপৰি চৰকাৰী ফাহল দ্রুতভাৱে নিষ্পত্তি কৰাৰ হ এটা উত্তম উপায়৷ হ–ফিচ ব্যৱস্থালৈ ধাৱমান হ’বৰ বাবে আমি সময়নির্দিষ্ট লক্ষ্য নির্ধাৰণ কৰিছোঁ৷ সেহ অনুসৰি অহা ১১ মে’ৰ পৰা আমি লাহে লাহে হ–ফিচ ব্যৱস্থাটো আৰম্ভ কৰি ২০২৩ চনৰ ১০ মে’ৰ ভিতৰত হ–ফিচ প্রৱর্তনৰ প্রক্রিয়াটো সম্পূর্ণ কৰিম৷ তাৰ বাবে প্রতিটো বিভাগৰ বাবে লাগতিয়াল কম্পিউটাৰ আদি প্রতিষ্ঠা কৰা কামবোৰ কৰিবৰ বাবে নির্দেশ দিয়া হৈছে৷
সচিবালয়ৰ অদ্যাপি অমীমাংসিত ফাহলবোৰ নিষ্পত্তি হৈ যোৱাৰ পিছত সদ্ভাৱনা প্রকল্পটো চৰকাৰৰ আন আন কার্যালয়লৈ বিকেন্দ্রীকৰণ কৰি দিব লাগিব৷ তাকে নকৰিলে অদূৰ ভৱিষ্যতে সচিবালয়ত পুনৰ অমীমাংসিত ফাহলে দ’ম বান্ধিব৷ চৰকাৰৰ কর্মপদ্ধতিৰ এটা প্রধান বৈশিষ্ট্য হৈছে দায়িত্বৰ বিকেন্দ্রীকৰণ৷ মহাত্মা গান্ধীয়ে যিখন ৰামৰাজ্যৰ কল্পনা কৰিছিল, সেহখন ৰামৰাজ্যৰ কল্পনাৰ আধাৰ আছিল পঞ্চায়তীৰাজ আৰু ক্ষমতাৰ বিকেন্দ্রীকৰণ৷ সেয়া বাৰু এখন আদর্শ জগতৰ কথা৷ কিন্তু বহু কাম আমি সচিবালয়ৰ পৰা সঞ্চালকালয়লৈ বিকেন্দ্রীকৃত কৰিব পাৰোঁ৷ তেওঁলোকেও তেওঁলোকৰ কামবোৰ সহকাৰী সঞ্চালকলৈ বিকেন্দ্রীকৃত কৰি দিব পাৰে৷ এসময়ত কামবোৰ কেন্দ্রীভূত কৰা হৈছিল বিত্তীয় কেলেংকাৰিৰ আশংকাত৷ কিন্তু এতিয়া তেনে ধাৰণাক আমি অমূলক আখ্যা দিব খোজেজা৷ আমি হজনে সিজনৰ ওপৰত বিশ্বাস আৰু আস্থা স্থাপন কৰিয়েহ বিকাশৰ কামত অগ্রসৰ হ’ব লাগিব৷ প্রতিটো বিভাগৰ অভিজ্ঞতাসম্পন্ন বিষয়াসকলে এহ বিষয়ে চিন্তা–চর্চা কৰি ক্ষমতা বিকেন্দ্রীকৰণৰ এটা প্রণালীবদ্ধ মডেল তৈয়াৰ কৰি উলিয়াব লাগিব৷
ঋক্বেদত উল্লিখিত হিন্দুসকলৰ বাবে নির্দিষ্ট কৰা এটা নীতি হৈছে বহুজন সুখায়, বহুজন হিতায়৷ হয়াৰ অর্থ হৈছে বহু লোকৰ সুখৰ বাবে, বহুজনৰ উপকাৰৰ বাবে আমি কাম কৰিব লাগে৷ খ্রীষ্টপূর্ব পঞ্চম শতিকাত গৌতম বুদ্ধহ তেওঁৰ শিষ্যসকলক ঋক্বেদৰ এহ একেটা নীতিকেহ সাৰোগত কৰি জনতাৰ কল্যাণ আৰু সুখৰ বাবে কাম কৰিবলৈ নির্দেশ দিছিল৷ এহ নীতিৰ বহুল ব্যৱহাৰৰ বাবে পৰৱর্তী কালত ভাৰত আত্মা বিবেকানন্দ আৰু জ্ঞানগুৰু ঋষি অৰবিন্দয়ো আহ্বান জনাহছিল৷ আজি অসম চৰকাৰৰ মূলমন্ত্র হৈছে ঋক্বেদৰ এহ প্রাচীন শিক্ষাৰে দীক্ষিত হৈ কাম কৰা৷ বহুজনৰ সুখ আৰু কল্যাণৰ বাবে অসম প্রশাসনৰ হূৎপিণ্ড– সচিবালয়ত আমি হয়াৰ প্রথমটো খোজ দিবলৈ আগবাঢ়িছোঁ৷ এহ সদ্ভাৱনা যাতে সঁচাকৈয়ে সকলোৰে বাবে সদ্ভাৱনা হয়, তাকেহ কামনা কৰিছোঁ৷ এহ নীতিৰ বাটত আগবাঢ়ঁোতে আমাৰ বিষয়া–কর্মচাৰীসক তিনিটা বিষয়ত প্রাধান্য দিবলৈ মহ আহ্বান জনাহছোঁ৷ সেহকেহটা হৈছেEmpathy, Sympathy আৰুPublic Interest অর্থাৎ সহানুভূতি, কাৰুণ্য আৰু জনস্বার্থ৷