নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডুবাইৰ আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ৰ সৌন্দৰ্য প্ৰতিযোগিতালৈ নিৰ্বাচিত লখিমপুৰৰ ৰিকি বৰা

নিয়মীয়া বাৰ্তা, ৬ ফেব্ৰুৱাৰী: ৰাষ্ট্ৰীয় পৰ্যায়ৰ সৌন্দৰ্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি লখিমপুৰ জিলাৰ হাৰমতীলৈ গৌৰৱ কঢ়িয়াই অনা ৰিকি বৰা এইবাৰ ডুবাইত অহা জুন মাহত অনুষ্ঠিত হ’বলগীয়া আন্ত:ৰাষ্ট্ৰীয় সৌন্দৰ্য প্ৰতিযোগিতাৰ বাবে অসমৰ পৰা নিৰ্বাচিত হৈছে ৷ নিউ দিল্লীৰ পৰা ৰেলযোগে মাতৃৰ সৈতে হাৰমতীৰ নিজ গৃহত উপস্থিত হোৱাৰ পাছত ঘৰখনত সকলো উপস্থিত হৈ শুভেচ্ছা আৰু অভিনন্দন জনায় ৷

ৰিকি বৰাই সাংবাদ মাধ্যমক কয় যে তেওঁ অষ্টম শ্ৰেণীৰ পৰা শৰীৰ চৰ্চা সৌন্দৰ্যৰ প্ৰতি আকৰ্ষিত আছিল ৷ শিৱসাগৰৰ জিলাৰ মানৱ জ্যোতি শইকীয়াৰ ভিডিঅ চাই অনুপ্ৰেৰণা পাইছিলোঁ ৷ পিতৃ-মাতৃৰ লগতে মোক প্ৰশিক্ষণ দিয়া শিক্ষাগুৰুসকলৰ আশীৰ্বাদ আৰু সহায়-সহযোগিতাৰ বাবে আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাসমূহত অংগ্ৰহণৰ উৎসাহ পাইছোঁ৷ পৰীক্ষাৰ লগতে ডুবাইত হব’লগীয়া আন্ত:ৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ বাবে ৰিকিয়ে প্ৰস্তুতি চলাই যোৱাৰ কথা উল্লেখ কৰে ৷

উল্লেখ্য যে যোৱা ৩১ জানুৱাৰীত SKYPLUS MULTIMEDIA AND SADAK PRODUCTIONৰ উদ্যোগত উত্তৰ প্ৰদেশৰ নইদাত অনুষ্ঠিত ROYAL INDIA INTERNATIONAL (MR MISS ,MRS & MASTER KIDS) প্ৰতিযোগিতাত লখিমপুৰলৈ গৌৰৱ কঢ়িয়াই আনিলে ৰিকি বৰাই ৷ লখিমপুৰ জিলাৰ হাৰমতীৰ নিৱাসী তথা ভাৰতীয় ডাকসেৱাৰ কৰ্মচাৰী ৰাতুল বৰা আৰু লালুক আদৰ্শ চিকিৎসালয়ৰ নাৰ্ছ কুঞ্জ ভূঞা বৰাৰ একমাত্ৰ জীয়ৰী ৰিকি বৰাই MISS PRINT WINNERৰ প্ৰতিযোগিতাত শ্ৰেষ্ঠ স্থান দখল কৰি জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ৷
প্ৰেৰক মুকুল ভূঞা

You might also like