নিয়মীয়া বাৰ্তা,৭ ফেব্ৰুৱাৰী : বিশ্বৰ দৰবাৰত অসমক এক সুকীয়া স্থান দিছে মুগা শিল্পই। অসমীয়াৰ স্বাভিমান এই প্ৰাচীন আপুৰুগীয়া শিল্পৰে স্বাৱলম্বিতাৰ প্ৰয়াস কৰি আহিছে ৰাজ্যৰ বহু মুগা পালকে।প্রতিগৰাকী থলুৱা অসমীয়াৰ বাবে এই মুগা শিল্প হ’ব পাৰে স্বাৱলম্বিতাৰ অন্যতম পথ আৰু ঢকুৱাখনাত পৰম্পৰাগত মুগা পালনৰ দ্বাৰা কর্ম-সংস্কৃতিৰ আদৰ্শ দেখুৱাইছে শ শ পুৰুষ-মহিলাই।
ইয়াৰ ভিতৰত ঢকুৱাখনাৰ বৰপাত্ৰ গাঁৱৰ উপেন বৰুৱাই বিগত দহ বছৰে নিৰৱচ্ছিন্নভাৱে মুগা পালন কৰি নিজৰ পৰিয়ালটোক স্বাৱলম্বী কৰি তোলাৰ লগতে প্ৰাচীন ঐতিহ্য জীয়াই ৰখাত বিশেষভাৱে বৰঙণি আগবঢ়াই আহিছে। কর্মসংস্থাপন বিচাৰি হাবাথুৰি খোৱাৰ পৰিৱর্তে মুগা পালনৰ জৰিয়তে জীৱন-জীৱিকাৰ পথ বাছি লৈছে এইগৰাকী ব্যক্তয়ে।বহু সমস্যা আৰু প্ৰত্যাহ্বান নেওচি বছৰৰ প্ৰতিটো মাহেই মুগা পালনত ব্যস্ত থকা উপেন বৰুৱাই মুগা পলু পালন কৰি তাৰ পৰা সোণালী সূতা উৎপাদন কৰি প্ৰতি কেজি সূতাত ১৭ ৰ পৰা ২২ হেজাৰ টকাত বজাৰত বিক্ৰী কৰি বছৰেকত কেইবালাখ টকা উপাৰ্জন কৰি আহিছে।নিজৰ দুবিঘা ভূমিত চোম গছ ৰোপণ কৰি সেই চোমনিত মুগা পালন কৰি অহাৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ৰেচম বিভাগৰ চোমনিত বিগত ১০ বছৰে মুগা পালন কৰি আহিছে উপেন বৰুৱাই।
সম্প্ৰতি “জাৰুৱা” মুগা পালনত ব্যস্ত থকা এইগৰাকী উদ্যমী কৃষকে প্ৰায় ৭০ হাজাৰ মুগাৰ বাঁহ উৎপাদন কৰিবলৈ সক্ষম হ’ব বুলি আশা ব্যক্ত কৰিছে।উল্লেখ্য যে উপেন বৰুৱাই অঞ্চলটোৰ কেইবাজনো যুৱকক মুগা পলু পালনত জড়িত কৰাই স্বাৱলম্বী হ’বলৈ উৎসাহ যোগাই আহিছে। কিন্তু বতাহ-বৰষুণৰ লগতে আন প্ৰাকৃতিক দুৰ্যোগৰ ফলত মুগাপালকসকল প্ৰায়ে লোকচানৰ সন্মুখীন হ’বলগীয়া হয় বাবে তেওঁ চৰকাৰক এইক্ষেত্ৰত সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান জনাইছে।
প্ৰেৰক পুলকজ্যোতি বৰা