নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুৰ্ঘটনা : মাৰ্ঘেৰিটাত কয়লা পৰিবাহী ট্ৰাকৰ খুন্দাত থিতাতে কিশোৰীৰ মৃত্যু

নিয়মীয়া বাৰ্তা ৭ ফেব্ৰুৱাৰীঃ মাৰ্ঘেৰিটা মহকুমাৰ লেখাপানীত আজি সন্ধিয়া সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। লেখাপানী ৩১৫নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত পথ দুৰ্ঘটনাটোত থিতাতে মৃত্যু হয় ৬ বছৰীয়া কিশোৰীৰ। প্ৰাপ্ত খবৰ অনুসৰি লিডুৰ পৰা জাগুন দিশলৈ তীব্ৰ বেগে গৈ থকা এখন পাঞ্জাব বডী ট্ৰাক (এএছ ০১ ডিডি ১৯৫৭)ৰ খুন্দাত ৰিতিকা কৰ্মকাৰ নামৰ কিশোৰীগৰাকীৰ থিতাতে মৃত্যু হয়।

লেখাপানী গোমা মন্দিৰৰ সমীপৰ ঘৰৰ সমুখত খেলি থকা অৱস্থাত কিশোৰীগৰাকীয়ে ঘাইপথটো পাৰ হওঁতেই সংঘটিত হয় এই দুঘটনাটো। দুৰ্ঘটনা সংঘটিত কৰিয়েই ট্ৰাকসহ চালকে আত্মসমৰ্পণ কৰে লেখাপানী থানাত। আনহাতে এক সূত্ৰই জানিবলৈ দিয়া অনুসৰি পাঞ্জাব বডী ট্ৰাকখনে কয়লা সৰবৰাহ কৰিবলৈ আহিছিল। কিশোৰীগৰাকীৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে। ইতিমধ্যে লেখাপানী আৰক্ষীয়ে দুৰ্ঘটনা সংঘটিত হোৱা স্থানৰ পৰা মৃতদেহ উদ্ধাৰ কৰি তদন্ত আৰম্ভ কৰিছে। আনহাতে এনে তীব্ৰ বেগী ট্ৰাকক নাকী লগাবলৈ স্থানীয় ৰাইজে দাবী জনাইছে।
প্ৰেৰক মানসপ্ৰতিম গগৈ

You might also like