নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাজুলীৰ ইণ্ডিয়ান অইলৰ ডিপোত গ্ৰাহকক তেল দিয়াক লৈ উত্তেজনাময় পৰিৱেশ

নিয়মীয়া বাৰ্তা, ৭ ফেব্ৰুৱাৰী : উজনি মাজুলীবাসীৰ অন্যতম সাৰথি ফুলনি চাৰিআলি ইণ্ডিয়ান অইলৰ তেল ডিপোত চলি থকা বিসংগতি ধৰা পেলায় আজি এগৰাকী মহিলা গ্ৰাহকে।। দীৰ্ঘ দিন ধৰি এই ডিপোটোত টকাৰ পৰিমাণৰ তেল প্ৰদান নকৰাৰ অভিযোগ উত্থাপন হৈ আহিছে ।

আজি এগৰাকী গ্ৰাহকে 220 টকা মূল্যৰ পেট্ৰল চাৰিচকীয়া এখন বাহনত ভৰাওঁতে ডিপোত থকা ৰাম প্ৰৱেশ নামৰ এজন কৰ্মচাৰীয়ে গাড়ীখনত তেল ভৰোৱাৰ ছলেৰে এটা ড্ৰামত আধাখিনি তেল ভৰাওঁতেই এগৰাকী মহিলাই প্ৰত্যক্ষ কৰি হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰে । গাড়ীখনৰ কাষতে ৰৈ থকা মহিলাগৰাকীয়ে এই সমগ্ৰ ঘটনা চাৰিচকীয়া বাহনখনৰ মালিক যোগেন হাজৰিকাক বিষয়টো অৱগত কৰে ৷

ইয়াৰ পিছতে ডিপোটোত এইদৰে বিসংগতিকৈ তেল দিয়ক লৈ এক উত্তেজনাময় পৰিবেশৰ সৃষ্টি হয় ৷ পেট্ৰলৰ মূল্যই কোঙা কৰা ৰাইজৰ মুৰত একাংশ পেট্ৰল পাম্পেও শোধাইছে ৰামটাঙোন। গ্ৰাহকে প্ৰদান কৰা মূল্যৰ বিপৰীতে কম পৰিমাণৰ পেট্ৰল দি গ্ৰাহকক ৰামঠগন দিয়া কাৰ্যৰ এক উচিত তদন্তৰ দাবী কৰিছে সচেতন মহলে ৷

ইফালে বিষয়টো লক্ষ্য কৰি প্ৰতিবাদ কৰাত কৰ্মচাৰীসকলে প্ৰথমে অস্বীকাৰ কৰিছে যদিও একাংশ গ্ৰহকে মেচিন বেয়া হৈ থকাৰ অজুহাতত পাম্পটোৱে এনেদৰে গ্ৰাহকৰ পৰা তেল চানকাঢ়ি আহিছে বুলি মন্তব্য কৰিছে ৷ আনহাতে ফুলনি আৰক্ষীয়ে ডিপোটোৰ পৰা অভিযুক্ত কৰ্মচাৰী ৰাম প্ৰৱেশক সোধাপোছাৰ বাবে আটক কৰি নিয়ে ৷

পেট্ৰলৰ বৰ্ধিত মূল্যবৃদ্ধিত জুৰুলা হোৱা জনসাধাৰণক ৰামঠগন শোধোৱা এই পেট্ৰল পাম্পৰ বিৰুদ্ধে গ্ৰাহক সুৰক্ষা অথবা জিলা প্ৰশাসনে কেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়া এতিয়া লাখটকীয়া প্ৰশ্ন হৈ পৰিছে ৷
প্ৰেৰক প্ৰাঞ্জল খাউণ্ড

You might also like