লতা, ঊষা, আশা, মীনা আৰু হৃদয়নাথ— এই পাঁচ মংগেশকাৰ ভাই-ভনীৰ সুৱদী কণ্ঠই আজিও মুগ্ধ কৰি ৰাখিছে দেশ-বিদেশৰ সংগীতপ্রেমীৰ মন। লতা মংগেশকাৰক হেৰুওৱাৰ শোঁকত সকলোৱে ম্ৰিয়মান হৈ থকাৰ সময়ত এবাৰ চাওঁ আহক কাৰ হাতত আছে লতাৰ সাংগিতিক উত্তৰাধিকাৰ।
মংগেশকাৰ পৰিয়ালৰ দ্বিতীয় তথা তৃতীয় প্রজন্মৰ সদস্যৰ হাততেই থাকিব মংগেশকাৰ ভাই-ভনীৰ সাংগীতিক উত্তৰাধিকাৰ।হৃদয়নাথ মংগেশকাৰৰ কন্যা ৰাধা মংগেশকাৰৰ হিন্দুস্তানী শাস্ত্রীয় সংগীত শুনি মুগ্ধ হৈছিল স্বয়ং লতা। মাত্র সাত বছৰ বয়সতেই ৰাধাই প্রকাশ্য মঞ্চত সংগীত পৰিৱেশন কৰে। ২০০৯ চনত প্রকাশ পায় ৰাধাৰ একক হিন্দুস্তানী শাস্ত্রীয় সংগীতৰ সংকলন ‘নাভ মাঝে শামী’। তেওঁৰ এইখন প্রথম এলবাম। পূৰ্বৰ প্রজন্মৰ দৰে হিন্দী, মাৰাঠী গানৰ সমান্তৰালকৈ তেওঁ আঞ্চলিক গানো শ্রোতাক উপহাৰ দিছে। আনকি বাংলাতো গান গাইছে।
আশা ভোঁছলেৰ পুত্র আনন্দ ভোঁছলেৰ কন্যা জনাই ভোঁছলেও সংগীতৰ জগতত নিজৰ পৰিচয় দিছে। নিজৰ সাংগীতিক প্রতিভাৰ পৰিচয় দিছে মংগেশকাৰ পৰিয়ালৰ তৃতীয় প্রজন্মৰ এই সদস্যায়ো। ট্রেন্সজেণ্ডাৰসকলক লৈ তৈয়াৰ কৰা ভাৰতৰ প্রথম সংগীত দল ‘ছিক্স পেকৰ’ সৈতে কাম কৰি সংগীত জগতে তেওঁৰ আত্মপ্রকাশ ঘটিছে। জনাইৰ ইনষ্টাগ্রাম একাউন্ট আশা ভোঁছলেৰ ফটোৰেই ভৰ্তি।
পাঁচ বছৰ বয়সতেই মীনা মংগেশকাৰৰ কন্যা ৰচনা খাদিকৰ সংগীত চর্চা আৰম্ভ হয়। ৰচনাৰ প্রথম এলবাম ‘মাৰাঠী বাল গীত’ৰ মাধ্যমেৰে মাৰাঠী সংগীত জগতত তেওঁ নিজৰ স্থান গঢ়ে। লতা আৰু আশা ভোঁছলেৰ সৈতে একেলগে মঞ্চত গীত গোৱাৰ দুর্লভ অভিজ্ঞতা আছে তেওঁৰ।