নিয়মীয়া বাৰ্তা, ২১ জুন : মৰিগাঁও জিলাৰ লাহৰীঘাট সম-জিলাতো আজি ৰাষ্ট্ৰীয় আয়ুস মিছনৰ উদ্যোগত আৰু লাহৰীঘাট সম-জিলা প্ৰশাসনৰ সহযোগত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হয়। যোগ দিৱস উপলক্ষে লাহৰীঘাট উন্নয়ন খণ্ড কাৰ্যালয়ৰ সভাকক্ষত পুৱা সমূহীয়া যোগাভ্যাস কৰা হয়। এই অনুষ্ঠানত সম-জিলা আয়ুক্ত প্ৰাঞ্জল বৰুৱা মুখ্য অতিথিৰূপে উপস্থিত থাকে। তেওঁ উপস্থিত সকলোকে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰি কয় যে যোগক প্ৰত্যেকেই জীৱনৰ এটা অংশ কৰি ল’ব পাৰিলে বহু সমস্যা সহজেই লাঘৱ হ’ব। বৰ্তমান সময়ত মানুহৰ জীৱনশৈলীৰ সৈতে সম্পৰ্ক থকা ৰোগসমূহৰ নিৰাময়ৰ ক্ষেত্ৰত যোগাসনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে বুলি তেওঁ কয়। অনুষ্ঠানত যোগ প্ৰশিক্ষক লক্ষ্যজ্যোতি হাজৰিকা আৰু পপী দেৱীয়ে উপস্থিত সকলোকে যোগাভ্যাস কৰোৱায়। আজিৰ অনুষ্ঠানত সহকাৰী আয়ুক্ত প্ৰমোদ শৰ্মা, লাহৰীঘাটৰ উন্নয়ন খণ্ড বিষয়া শিখা গগৈ, লাহৰীঘাটৰ মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়া চিত্তৰঞ্জন হালদাৰ আৰু সম-জিলা কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰী, স্বাস্থ্যকৰ্মী, আশাকৰ্মী আৰু স্থানীয় লোকে অংশগ্ৰহণ কৰি যোগাভ্যাসত ভাগ লয়। উল্লেখ্য যে এইবাৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ মূল বিষয়বস্তু হ’ল “এক বিশ্ব, এক স্বাস্থ্যৰ বাবে যোগ”।
Prev Post