সাংবাদিক নিগ্ৰহঃ অসম বাৰ্তাজীৱী সংঘৰ গৰিহণাঃ চিৰাঙত মুখ্যমন্ত্ৰীলৈ স্মাৰক-পত্ৰ
সাংবাদিক নিগ্ৰহক অসম বাৰ্তাজীৱী সংঘৰ গৰিহণা
নিয়মীয়া বাৰ্তা, ৮ ফেব্ৰুৱাৰীঃ চিৰাঙৰ সাংবাদিক তথা চিৰাং জিলা প্ৰেছ ক্লাবৰ সম্পাদক জয়ন্ত দেবনাথক বাতৰি সংগ্ৰহ কৰি থকাৰ সময়তে আৰক্ষীয়ে কৰা প্ৰহাৰৰ ঘটনাক তীব্ৰ গৰিহণা জনাইছে অসম বাৰ্তাজীৱী সংঘৰ সভাপতি টুটুমণি ফুকন আৰু সাধাৰণ সম্পাদক মুকুট ৰাজ শৰ্মাই। এক প্ৰেছ বাৰ্তাত সংঘৰ সভাপতি আৰু সাধাৰণ সম্পাদকজনে ঘটনাৰ সৈতে জড়িত দোষী আৰক্ষীক দৃষ্টান্তমূলক শান্তিৰ দাবী জনায় ৷ লগতে বৰ্তমান চিকিৎসাধীন দেবনাথৰ শীঘ্ৰে আৰোগ্য কামনা কৰিছে অসম বাৰ্তাজীৱী সংঘৰ সভাপতি-সম্পাদকে ৷
চিৰাঙত মুখ্যমন্ত্ৰীলৈ স্মাৰক-পত্ৰ
নিয়মীয়া বাৰ্তা, ৮ ফেব্ৰুৱাৰীঃ বাসুগাঁৱৰ সাংবাদিক জয়ন্ত দেবনাথক কালি আৰক্ষীয়ে কৰা প্ৰহাৰৰ ঘটনাক তীব্ৰ গৰিহণা জনাইছে বিভিন্ন দল-সংগঠনে ৷ সম্প্ৰতি সাংবাদিকজন বঙাইগাঁও চহৰত চিকিৎসাধীন হৈ আছে ৷ উল্লেখযোগ্য যে সাংবাদিকজনক আক্ৰমণৰ ঘটনাত জড়িত আৰক্ষী কনিষ্টবল দুজনৰ উচিত শাস্তিৰ দাবীত আজি চিৰাং জিলাৰ সদৰ কাজলগাঁৱত জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত জাৰ্ণেলিষ্ট এছোচিয়েচন ফ’ৰ আছাম (জাফা)ৰ চিৰাং জিলা সমিতিৰ উদ্যোগত পুৱা দহ বজাৰ পৰা এঘন্টাৰ বাবে অৱস্থান ধৰ্মঘট পালন কৰে ৷ এই প্ৰতিবাদী কাৰ্যসূচীত চিদলীৰ বিধায়ক জয়ন্ত বসুমতাৰী উপস্থিত থাকি সাংবাদিক নিগ্ৰহৰ ঘটনাক গৰিহণা দিয়ে ৷ তেওঁ তদন্ত মৰ্মে আইন অনুসৰি দোষী আৰক্ষী কনিষ্টবলে শাস্তি পোৱা উচিত বুলি মন্তব্য কৰে ৷ একেদৰে ‘জাফা’ৰ কেন্দ্ৰীয় সভাপতি অভিদ্বীপ চৌধুৰীয়ে কালি বাসুগাঁও চহৰত সাংবাদিক আক্ৰমণৰ ঘটনাক গৰিহণা দি আজি কাজলগাঁওস্থিত জিলা উপায়ুক্তৰ কাৰ্যালয় চৌহদত বিভিন্ন সাংবাদিক সংগঠনৰ প্ৰতিনিধি, প্ৰেছ ক্লাবৰ প্ৰতিনিধি আৰু কেইবাটাও জাতীয় সংগঠনৰ নেতা-কৰ্মীয়ে অংশ গ্ৰহণ কৰে বুলি উল্লেখ কৰে ৷ প্ৰতিবাদী কাৰ্যসূচীত চিৰাং জিলাৰ আৰক্ষী অধীক্ষক প্ৰাণজিত বৰা উপস্থিত থাকি কালি ঘটনাৰ সতে জড়িত আৰক্ষী কনিষ্টবল দুজনক আৰক্ষী ছউনীলৈ পঠিওৱা হৈছে বুলি উল্লেখ কৰে ৷ ইফালে দোষীৰ শাস্তিৰ দাবীত মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা স্মাৰক-পত্ৰ চিৰাং জিলাৰ অতিৰিক্ত উপায়ুক্ত অজিত কুমাৰ শৰ্মাই গ্ৰহণ কৰে ৷
প্ৰেৰক বৰ্ণালী তালুকদাৰ