নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰপেটাৰ জনিয়াত আধাতে দলঙৰ কাম সামৰি ঠিকাদাৰে সমুদায় ধন মোকলাই নিয়াৰ অভিযোগ

নিয়মীয়া বাৰ্তা, ৮ ফেব্ৰুৱাৰী: বৰপেটা জিলাৰ জনিয়া সমষ্টিৰ অন্তৰ্গত ছাপৰা-জাহোৰপাম সংযোগী গড়কাপ্টানী পথৰ কাঠৰ দলঙৰ আধা কাম কৰিয়েই ঠিকাদাৰে আবন্টিত ধন মোকলাই নিয়াৰ অভিযোগ তুলিছে ৰাইজে। দলংখনৰ দুয়োফালে কৰা নাই কোনো এপ্ৰোচিং, নাই ৰেলিং, উন্মুক্ত হৈ আছে দলংখন। যিকোনো সময়ত সংঘটিত হব পাৰে ভয়ানক দুৰ্ঘটনা।

দলংখন নিৰ্মাণৰ বাবদ ২০১৮-১৯ বৰ্ষৰ এম পি এল এ ডি ৰ ১১.৫০ লাখ টকা ধাৰ্য্য কৰা হৈছিল যদিও কামটোত ঠিকাদাৰে ব্যাপক দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ তুলিছে স্থানীয় লোকে। তদন্ত সাপেক্ষে ঠিকাদাৰৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে ৰাইজৰ সুবিধাৰ্থে বাকী থকা কামখিনি সম্পূৰ্ণ কৰি দলংখন যাতায়াতৰ ক্ষেত্ৰত সুচল কৰি দিয়াৰ দাবী জনাইছে ৰাইজে।
প্ৰেৰক মফিদুল ইছলাম

You might also like