নাহৰকটীয়াত মাইক্ৰ ফাইনেঞ্চৰ সাহায্য বিতৰণ
নিয়মীয়া বাৰ্তা, ৮ ফেব্ৰুৱাৰী: অসম মাইক্ৰ ফাইনেঞ্চ উদগনি আৰু সকাহ আঁচনি ২০২১ৰ উদ্যোগত নিয়মীয়া পৰিশোধকাৰী হিতাধিকাৰীৰ বাবে বাবে যি সাহায্য প্ৰদানৰ ব্যৱস্থা কৰা হৈছে তাৰ অধীনত আজি নাহৰকটীয়া সমষ্টি এলেকাৰ বাবে অন্তৰ্গত জয়পুৰ উন্নয়ন খণ্ডৰ কাৰ্যালয়ত ১৫০০ মহিলাক বিশেষ সাহায্যৰ চেক বিতৰণ কৰা হয়। চেক বিতৰণ কৰে নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈয়ে।
ইয়াৰ পিছতেই বিধায়কগৰাকীয়ে নাহৰকটীয়া ৰঙালী ৰূপালী মঞ্চত আয়োজিত এক অনুষ্ঠানত ১৪১গৰাকী ব্যক্তিক মুখ্যমন্ত্ৰীৰ বিশেষ সাহায্য পুঁজিৰ পৰা বিভিন্ন ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হোৱাৰ লগতে অগ্নিকাণ্ড বা প্ৰাকৃতিক দুৰ্যোগত বাসগৃহ ধ্বংসপ্ৰাপ্ত হোৱাৰ বাবে মুঠ ১৮ লাখ টকাৰ চেক বিতৰণ কৰে। বিজেপিৰ নাহৰকটীয়া আৰু জয়পুৰ মণ্ডলৰ সভাপতি গকুল বড়া আৰু মৃদুল কলিতাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থকা এই অনুষ্ঠানত বিধায়কগৰাকীয়ে সমষ্টিটোৰ প্ৰতিগৰাকী লোকৰ যিকোনো সমস্যাত তেওঁ প্ৰতিনিয়ত সহায়-সহযোগিতা আগবঢ়াই যাব বুলি মন্তব্য ৰখাৰ লগতে তেওঁ বিধায়ক ৰূপে নিৰ্বাচিত হোৱাৰ পৰা আজিপৰ্যন্ত মুখ্যমন্ত্ৰীৰ বিশেষ সাহায্য পুঁজিৰ পৰা মুঠ ৪৩ লাখ টকাৰ অনুদান বিতৰণ কৰা হৈছে বুলি জানিবলৈ দিয়ে ৷
প্ৰেৰক বুলন শইকীয়া