নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জলসম্পদ বিভাগৰ পদক্ষেপঃ ভূৰাগাঁৱত ব্ৰহ্মপুত্ৰৰ মথাউৰি নিৰ্মাণৰ প্ৰস্তুতি

নিয়মীয়া বাৰ্তা, ৯ ফেব্ৰুৱাৰী : অৱশেষত জল্পনা-কল্পনাৰ অন্তত জলসম্পদ মন্ত্ৰী পীয়ূষ হাজৰিকাৰ কঠোৰ নিৰ্দেশ অনুসৰি আজি মৰিগাঁও জিলা প্ৰশাসনৰ দৃঢ় পদক্ষেপত ভূৰাগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত বৰালিমাৰী জাপৰি অঞ্চলত ব্ৰহ্মপুত্ৰৰ পৰা অঞ্চল বিশেষে ৫০০ – ১২০০ মিটাৰ দূৰেৰে মথাউৰি নিৰ্মাণৰ স্থান নিৰ্ধাৰণ কৰি মৰিগাঁও জিলা জলসম্পদ বিভাগে কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত জেচিবি চলাই লাইন টানিলে সেউজীয়া পথাৰৰ মাজেৰে।

উল্লেখ্য যে জাপৰি, গৰলু, বৰালিমাৰী আদি পথাৰত আছিল হাজাৰ হাজাৰ বিঘা মাকৈ আৰু সৰিয়হ খেতি আছিল। সৰিয়হ খেতিবোৰ চপাব হৈছে যদিও মাকৈ খেতি আৰু দুমাহ মানৰ পাছতহে কৃষক সকলে চপাব পাৰিলেহেঁতেন। সমগ্ৰ পথাৰখনত লমালমে মাকৈ লাগিছিল। কিন্তু মথাউৰি নিৰ্মাণৰ বাবে প্ৰায় ১০ মিটাৰ বহলকৈ লাইন টানিব লগা হোৱাত বহু খেতি বিনষ্ট হয়। সম্ভাব্য পৰিস্থিতিৰ কথা ভাবি মৰিগাঁও জিলা আৰক্ষী প্ৰশাসনে অঞ্চলটোলৈ পুৱা ভাগতে মোতায়েন কৰে চি আৰ পি এফৰ জোৱান।

সমান্তৰালকৈ লাহৰীঘাট আৰক্ষীৰ চক্ৰ পৰিদৰ্শকৰ নেতৃত্বত ভূৰাগাঁও থানা আৰক্ষীয়েও কটকটীয়া নিৰাপত্তা বেষ্টনি গঢ়ি তোলে। স্থানীয় দণ্ডাধীশ প্ৰিয়ংকা বণিয়াৰ উপস্থিতিত জেচিবিৰে মথাউৰিৰ লাইন কটা হয়। মৰিগাঁও জিলা জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তা লোচন চৌধুৰীৰ উপস্থিতিত জলসম্পদ বিভাগৰ বিষয়া কৰ্মচাৰী আৰু মণ্ডলে দিয়া সীমা অনুসৰি দণ্ডাধীশৰ উপস্থিতিত জাপৰিৰ পৰা বৰালিমাৰীলৈ প্ৰায় ৩ কিলোমিটাৰ বিবদমান অংশত মথাউৰি লাইন কটা হয়।

বৰালিমাৰী বজাৰ আৰু কেইবাটাও শিক্ষানুষ্ঠানৰ নিৰাপত্তাৰ স্বাৰ্থত এই অংশত মথাউৰি নিৰ্মাণৰ স্থান সলনি কৰিবৰ বাবে একাংশ লোকে দীৰ্ঘ দিনৰ পৰা দাবী কৰি আহিছিল বাবেই জাপৰিৰ পৰা বৰালিমাৰীলৈ বিবাদমান অঞ্চলটোত মথাউৰি নিৰ্মাণৰ কাম বন্ধ ৰখা হৈছিল আৰু এই সন্দৰ্ভত মৰিগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ত আলোচনা কৰাৰো আশ্বাস দিছিল উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়াই । কিন্তু এনে আশ্বাসৰ পাছত আজি হঠাত কিয় এনেদৰে আলোচনা বাদ দি মথাউৰি নিৰ্মাণৰ লাইন কটা হ’ল বুলি ক্ষেত্ৰত ভূৰাগাঁও ৰাজহ চক্ৰ বিষয়া প্ৰিয়ংকা বণিয়াক সোধাত তেওঁ কয় – বৰ্তমান জলসম্পদ বিভাগে দিয়া এলাইনমেন মতেই মথাউৰি হব।

অঞ্চলৰ একাংশ লোকে কিছু অনুষ্ঠান প্ৰতিষ্ঠান বচাই মথাউৰি নিৰ্মাণৰ আবেদন জনাইছিল।জিলা উপায়ুক্ত গৰাকীয়ে বিষয়টো গুৰুত্ব সহকাৰে লৈ বিবেচনা কৰাৰ পাছতো ৫ ফেব্ৰুৱাৰীত মথাউৰি নিৰ্মাণৰত অৱস্থাত স্থানীয় একাংশ যুৱকে মাৰপিটৰ দৰে ঘটনা সংঘটিত কৰি আইন হাতত তুলি লয়। এনেক্ষেত্ৰত আলোচনাৰ কোনো পৰিবেশ এতিয়া নাই ।

এনে ধৰণৰ ঘটনা ঘটি থাকিলে সময়ত মথাউৰিটো নিৰ্মাণ সম্ভৱ নহব। সেয়ে ঊৰ্ধ্বতন কতৃপক্ষৰ নিৰ্দেশ অনুসৰি মানুহৰ ঘৰদুৱাৰ কম নষ্ট হোৱাকৈ বিজ্ঞানসন্মত স্থানত জলসম্পদ বিভাগে দিয়া এলাইনমেন মতেই মথাউৰিটো এই স্থানেৰে নিৰ্মাণ কৰা সিদ্ধান্ত লোৱা হৈছে। আৰু ৰাইজে সহযোগ কৰিব লাগে। অৱশ্যে যিসকল লোক ক্ষতিগ্ৰস্ত হৈছে তেওঁলোকৰ খেতি বাতিৰ পৰা ভূমি বা আন সম্পত্তিৰ মুল্য আইনমতে লাভ কৰিব।

সেউজীয়া খেতি পথাৰ সমূহ নষ্ট হোৱাত একাংশ কৃষকে দুখত উচুপি উঠে। ফলত কৃষক সকলৰ মাজত এক শোকাকুল পৰিবেশৰ সৃষ্টি হয়। কৃষকসকলৰ কৃষিসমূহ চপোৱাত আনকি ভূৰাগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰুদ্ৰকান্ত বৰদলৈকে প্ৰমুখ্যে কৰি ভূৰাগাঁও থানা আৰক্ষী বাহিনীয়ে হাতে কামে লাগি সহায় কৰি দিয়া দৃশ্যই সকলোকে আশ্বস্ত কৰে।
প্ৰেৰক আবুল কালাম

You might also like