ঐতিহ্যমণ্ডিত ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষকৰ অভাৱ
নিয়মীয়া বাৰ্তা, ৯ ফেব্ৰুৱাৰী: ১৯০৫ চনৰ বংগ বিভাজনৰ সময়তে স্থাপন হোৱা নগাঁও জিলাৰ অন্যতম উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ে শেহতীয়াকৈ কিছুবছৰৰ পৰা শিক্ষকৰ অভাৱে শৈক্ষিক দিশত অতিকৈ প্ৰভাৱ পেলাইছে বুলি অভিযোগ উঠিছে। উল্লেখ্য যে বৃহত্তৰ ৰহা অঞ্চল তথা নগাঁও জিলাৰ ভিতৰতে অতিকৈ পুৰণি তথা শতবৰ্ষ গৰকা শিক্ষানুষ্ঠান হিচাপে চিহ্নিত ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয়খনৰ বৰ্তমান শিক্ষকৰ অভাৱত পয়ালগা পৰিৱেশ সৃষ্টি হোৱাৰ অভিযোগ তুলি নামভৰ্তিৰ বাবে অনীহা প্ৰকাশ কৰিছে বহু অভিভাৱকে।
স্থানীয় বহু অভিভাৱকৰ অভিযোগ অনুসৰি বৃহত্তৰ ৰহা অঞ্চলৰ উচ্চ শিক্ষাৰ শৈক্ষিক প্ৰতিষ্ঠান হিচাপে ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ দাঁতিকাষৰীয়া প্ৰায় কেইবাশ গাঁৱৰ ছাত্ৰ-ছাত্ৰীয়ে উচ্চ শিক্ষা গ্ৰহণৰ বাবে ঢাপলি মেলে। শৈক্ষিক প্ৰতিষ্ঠানটোৰ পূৰ্ব ইতিহাস অনুসৰি এইখন চৰকাৰী তথা ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰাই কেইবাজনো কৃতি ছাত্ৰ-ছাত্ৰীয়ে অসমৰ ভিতৰত স্থান লাভ কৰিবলৈ সক্ষম হৈছে।
তদুপৰি এইখন বিদ্যালয়ত অধ্যয়ন কৰিয়েই হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে উচ্চ শিক্ষাৰে শিক্ষিত হৈ দেশ-বিদেশৰ উচ্চ আসনত অধিষ্ঠিত হৈছিল আৰু বৰ্তমানেও হৈ আছে। পূৰ্বৰ ইতিহাস অনুসৰি কঠোৰ অনুশাসন, নিয়ম শৃংখলা আৰু শৈক্ষিক বাতাবৰণৰ বাবে ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ে গঢ়িছিল সুকীয়া কৃতি। কিন্তু সময় বাগৰাৰ লগে লগে যেন ম্লান পৰি আহিব ধৰিছে ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উজ্জ্বল জ্যোতি।
ইয়াৰ মূল কাৰণ হৈছে যে, আজি বছৰ বছৰ ধৰি খালী হৈ পৰি আছে বিষয় আৰু সহকাৰী শিক্ষকৰ পদ। যাৰ ফলত বিদ্যালয়খনত উচ্চতৰ কলা, বিজ্ঞান আৰু বাণিজ্য শাখাত দিনক দিনে নামভৰ্তিৰ সংখ্যাও কমিব ধৰিছে। প্ৰাপ্ত তথ্য অনুসৰি বিগত ২০০২ চনৰ ২৮ফেব্ৰুৱাৰীতে সংস্কৃত বিভাগৰ বিষয় শিক্ষক ভগৱান চন্দ্ৰ গোস্বামীয়ে অৱসৰ গ্ৰহণ কৰা পাছৰে পৰা খালী হৈ আছে এই পদটি।
সেই দৰে ২০০৬ চনৰ ৩১ডিচেম্বৰত অসমীয়া বিভাগৰ বিষয় শিক্ষয়িত্ৰী দুলু বৰা অৱসৰ গ্ৰহণ; ২০১৩ চনৰ ২৮ ফেব্ৰুৱাৰীত ভূগোল বিভাগৰ বিষয় শিক্ষক মনমোহন ডেকাৰ অৱসৰ, ২০১৫ চনৰ ৬ অক্টোবৰত গণিত বিভাগৰ বিষয় শিক্ষয়িত্ৰী ৰূপাঞ্জলী গোস্বামীৰ পদ ইস্তফা, ২০১৫ চনৰ ৩১জানুৱাৰীত ৰাজনীতি বিজ্ঞানৰ বিষয় শিক্ষক নলিনী ডেকাৰ অৱসৰ, ২০১৭ চনৰ৩১ মাৰ্চত জীৱবিদ্যা বিভাগৰ বিষয় শিক্ষয়িত্ৰী বিজয়া গগৈৰ অৱসৰ, ২০১৯ চনৰ ৬জুনত পদাৰ্থবিজ্ঞান বিভাগৰ বিষয় শিক্ষয়িত্ৰী ৰূপৰেখা বৰাৰ বদলিকৰণ, ২০১৯ বৰ্ষৰ ৩১মাৰ্চত বাণিজ্য বিভাগৰ বিষয় শিক্ষক ৰুবুল ভট্টাচাৰ্যৰ অৱসৰ, ২০১৯ চনৰ ৩১আগষ্টত বাণিজ্য বিভাগৰ বিষয় শিক্ষক সিঙ্ঘেশ্বৰ বৰুৱাৰ অৱসৰ , ২০১৯ বৰ্ষৰ৩০ নবেম্বৰত বাণিজ্য বিভাগৰ বিষয় শিক্ষক দিলীপ ভৰালীৰ অৱসৰ , ২০২০ চনৰ ৩০এপ্ৰিলত অসমীয়া বিভাগৰ বিষয় শিক্ষয়িত্ৰী ৰাজকুমাৰী ফিলিমিনা অঞ্জিলাৰ অৱসৰ, ২০২০ বৰ্ষৰ ৩১ডিচেম্বৰত কাৰিকৰী বিভাগৰ বিষয় শিক্ষক সুভাষ মেধিৰ অৱসৰ আৰু ২০২০ বৰ্ষৰ ১০অক্টোবৰত কাৰিকৰী বিভাগৰ বিষয় শিক্ষক প্ৰবীণ চন্দ্ৰ নাথৰ মৃত্যুৰ পাছৰে পৰা সুদীৰ্ঘদিন ধৰি উক্ত পদ সমূহ খালী হৈ আছে।
এই সমূহ বিষয় শিক্ষকৰ পদ খালী হৈ থকাৰ অন্যহাতে বিদ্যালয় খনত খালী হৈ আছে আন ১১টাকৈ সহকাৰী শিক্ষকৰ পদ। তথ্য অনুসৰি ২০০৯ চনৰ ৩০ জুনত অৱসৰ গ্ৰহণ কৰা মোহন চন্দ্ৰ নাথ,২০১২ চনৰ ২৬ আগষ্টৰ পৰা কেশৱ বৰদলৈ, ২০১৪ চনৰ ৩ ডিচেম্বৰৰ পৰা কুলদীপ বৰা, ২০১৫ চনৰ ৩০ নবেম্বৰত অজিত সিংহ ডেকা, ২০১৫ চনৰ ৩১ নবেম্বৰত বুদ্ধেশ্বৰ নাথ , ২০১৬ চনৰ ৩১ জানুৱাৰীত গোপাল ভূঞা, ২০১৭ চনৰ ২৭ জুলাইৰ পৰা ৰূমী বৰদলৈ, ২০১৮ চনৰ ৩১জানুৱাৰীৰ পৰা ক্ষীৰ শইকীয়া, ২০১৯ চনৰ ৩১জানুৱাৰীৰ পৰা বিনোৱা ৰাজবংশী, ২০২০চনৰ ৩১ মাৰ্চৰ পৰা অনিমা দাস আৰু ২০২১ চনৰ ৩১ আগষ্টৰ পৰা সবিতা মেধি অৱসৰ গ্ৰহণৰ পাছৰ পৰাই সহকাৰী শিক্ষকৰ পদ সমূহ খালী হৈ আছে।
এই তথ্য অনুসৰি বিদ্যালয়খনত ১৩জন গৰাকী বিষয় শিক্ষক আৰু ১১ গৰাকী সহকাৰী শিক্ষকৰ পদ বৰ্তমানে খালী হৈ থকাত উচ্চ শিক্ষাৰ বাবে ভাবুকি কঢ়িয়াইছে ঐতিহ্যমণ্ডিত বিদ্যালয় খনলৈ। মনকৰিবলগীয়া যে, বিদ্যালয় পৰিচালনা সমিতিৰ প্ৰচেষ্টাত কেইবাগৰাকী শিক্ষকে অংশকালীন ভাৱেও শিক্ষাদান কৰি আহিছে। ইয়াৰ লগতে ২০১৬ চনৰ ১১এপ্ৰিলৰ পৰা এজন পৰীক্ষাগাৰৰ সহায়ক আৰু ২০১১ চনৰ ৩০চেপ্তেম্বৰৰ পৰা চতুৰ্থবৰ্গৰ এটি পদ খালী হৈ আছে । উল্লেখ্য বিষয় যে, ৰহা সমষ্টিত উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান হিচাপে ৰহা উচ্চতৰ মাধ্যমিক বিদ্যাদলয়ৰ লগতে ৰহা মহাবিদ্যালয়তে নামভৰ্তিৰ বাবে ভিৰ হোৱা পৰিলক্ষিত হয় যদিও শেহতীয়াকৈ শিক্ষকৰ অভাৱত পঁয়া লাগিব ধৰা ৰহা উচ্চতৰ মাধ্যমিক বিজ্ঞান, কলা আৰু বাণিজ্য শাখাত আগ্ৰহ কমিছে ছাত্ৰ- ছাত্ৰীৰ লগতে অভিভাৱকৰ।
যিটো সময়ত নগাঁও জিলাৰ ভিতৰত ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ে উন্নতমানৰ শৈক্ষিক প্ৰতিষ্ঠান হিচাপে উজলি উঠিছিল, সেই শতবৰ্ষ অতিক্ৰম কৰি প্ৰতিষ্ঠানটো শিক্ষকৰ অভাৱত বৰ্তমান পঁয়া লাগিব ধৰা কাৰ্যত তীব্ৰ ক্ষোভিত হৈছে স্থানীয় অভিভাৱক তথা বিভিন্ন দল, সংগঠন। কেৱল সেয়াই নহয়, উন্নত পৰ্যায়ৰ বিজ্ঞানগাৰ, পৰীক্ষাগাৰ নোহোৱাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে ব্যৱহাৰিক পৰীক্ষাও সুকলমে সম্পন্ন কৰিবলৈ সমস্যাৰ সন্মুখীন হৈ আহিছে। পৰিতাপৰ বিষয় যে, ইতিপূৰ্বে বিদ্যালয় পৰিচালনা সমিতি তথা কৰ্তৃপক্ষই বহুবাৰ লিখিতভাৱে ঊৰ্ধ্বতন কৰ্তৃপক্ষক শিক্ষক নিযুক্তি দিবলৈ আহ্বান জনাইছে যদিও শিক্ষা বিভাগে বৰ্তমানলৈকে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত বিপাঙত পৰিছে অধ্যক্ষৰ লগতে পৰিচালনা সমিতি। এনে বিভিন্ন সমস্যাৰে পূৰ্ণ শতবৰ্ষীয় ঐতিহ্যমণ্ডিত ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয়খনত শীঘ্ৰে শিক্ষকৰ খালী পদ পূৰণেৰে ছাত্ৰ-ছাত্ৰীসকলক উচ্চ শিক্ষালাভৰ সুবিধা প্ৰদানৰ বাবে মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মাৰ হস্তক্ষেপ বিচাৰি দাবী জনাইছে ৰহাৰ সচেতন মহলে।
প্ৰেৰকঃ ভৱজ্যোতি ডেকা