নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাৱধানে চলাওক গাড়ীঃ গাডী়ৰ গতিবেগ নিয়ন্ত্ৰণত ৰাজ্যিক কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত

নিয়মীয়া বাৰ্তা, ১০ ফেব্ৰুৱাৰীঃ ৰাজ্য চৰকাৰৰ আজি অনুষ্ঠিত কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। তাৰ ভিতৰত গাড়ীৰ গতিবেগ নিয়ন্ত্ৰণৰ ক্ষেত্ৰতো কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰা হয়। কিন্তু এই সিদ্ধান্ত কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত ৰাইজৰ মতামত হৈ পৰিছে গুৰুত্বপূৰ্ণ।

ব্যক্তিগত বাহনৰ ক্ষেত্ৰত

  • ৰাষ্ট্ৰীয় ঘাইপথত (ফৰলেন) সৰ্বোচ্চ ১০০ কিলোমিটাৰ বেগত প্ৰতিঘণ্টাত
  • অন্যান্য পথত সৰ্বাধিক ৭০ কিলোমিটাৰ বেগত প্ৰতিঘণ্টাত
  • পৌৰসভা এলেকাত ৬০ কিলোমিটাৰ বেগত প্ৰতিঘণ্টাত

ব্যৱসায়িক বাহনৰ ক্ষেত্ৰত
(আঠজন যাত্ৰী পৰিবাহী বাহনৰ ক্ষেত্ৰত)

  • ৰাষ্ট্ৰীয় ঘাইপথত (ফৰলেন) সৰ্বোচ্চ ৮০ কিলোমিটাৰ বেগত প্ৰতিঘণ্টাত
  • অন্যান্য পথত সৰ্বাধিক ৬০ কিলোমিটাৰ বেগত প্ৰতিঘণ্টাত
  • পৌৰসভা এলেকাত ৫০ কিলোমিটাৰ বেগত প্ৰতিঘণ্টাত

ব্যৱসায়িক বাহনৰ ক্ষেত্ৰত
(৯জনতকৈ বেছি যাত্ৰী পৰিবাহী বাহনৰ ক্ষেত্ৰত)

  • ৰাষ্ট্ৰীয় ঘাইপথত (ফৰলেন) সৰ্বোচ্চ ৭০ কিলোমিটাৰ বেগত প্ৰতিঘণ্টাত
  • অন্যান্য পথত সৰ্বাধিক ৬০ কিলোমিটাৰ বেগত প্ৰতিঘণ্টাত
  • পৌৰসভা এলেকাত ৪০ কিলোমিটাৰ বেগত প্ৰতিঘণ্টাত

মালবাহী বাহনৰ বাবে

  • ৰাষ্ট্ৰীয় ঘাইপথত (ফৰলেন) সৰ্বোচ্চ ৬০ কিলোমিটাৰ বেগত প্ৰতিঘণ্টাত
  • অন্যান্য পথত সৰ্বাধিক ৫০ কিলোমিটাৰ বেগত প্ৰতিঘণ্টাত
  • পৌৰসভা এলেকাত ৪০ কিলোমিটাৰ বেগত প্ৰতিঘণ্টাত

মটৰচাইকেলৰ বাবে

  • ৰাষ্ট্ৰীয় ঘাইপথত (ফৰলেন) সৰ্বোচ্চ ৬০ কিলোমিটাৰ বেগত প্ৰতিঘণ্টাত
  • অন্যান্য পথত সৰ্বাধিক ৫০ কিলোমিটাৰ বেগত প্ৰতিঘণ্টাত
  • পৌৰসভা এলেকাত ৫০ কিলোমিটাৰ বেগত প্ৰতিঘণ্টাত

তিনিচকীয়া বাহনৰ বাবে

  • ৰাষ্ট্ৰীয় ঘাইপথত (ফৰলেন) সৰ্বোচ্চ ৪০ কিলোমিটাৰ বেগত প্ৰতিঘণ্টাত
  • অন্যান্য পথত সৰ্বাধিক ৪০ কিলোমিটাৰ বেগত প্ৰতিঘণ্টাত
  • পৌৰসভা এলেকাত ৪০ কিলোমিটাৰ বেগত প্ৰতিঘণ্টাত

উল্লেখ্য যে কেবিনেটৰ এই নতুন সিদ্ধান্ত কাৰ্যকৰী কৰাৰ বাবে ১৫ দিনৰ বাবে জনসাধাৰণৰ মতামত গ্ৰহণ কৰা হব। জনসাধাৰণৰ মতামতৰ ভিত্তিত এই সিদ্ধান্ত পৰৱৰ্তী সময়ত কাৰ্যকৰী কৰা হব।

You might also like