কংগ্ৰেছত খহনীয়া অব্যাহতঃ ৰহাত বিজেপিলৈ ধাৱমান অৰ্ধশতাধিক কংগ্ৰেছী
নিয়মীয়া বাৰ্তা, ১১ ফেব্ৰুৱাৰী:- বিগত পোন্ধৰ বছৰীয়া ধাৰাবাহিক কাৰ্যকালৰ পাছত ক্ৰমাত সাধাৰণ ভোটাৰৰ পৰা হেৰাই যাব ধৰা ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰতি পুনৰ ভাবুকি কঢ়িয়াই আজি নগাঁও জিলাৰ ৰহাত কংগ্ৰেছ দল ত্যাগ কৰিলে অৰ্ধশতাধিক তৃণমূল কৰ্মীয়ে।
ভাৰতীয় জনতা পাৰ্টীৰ নীতি আৰু আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ আজি মৰিগাঁও তিৱা স্বায়ত্ত পৰিষদৰ ২১নং টোপাকুছি সমষ্টিৰ কাৰ্যবাহী সদস্য সৰোজ কোঁৱৰৰ উদ্যোগত ভাৰতীয় জনতা পাৰ্টীৰ ৰহা গ্ৰাম্য মণ্ডলৰ সভাপতি ভূপেন শইকীয়া, উপ-সভাপতি শ্ৰীধৰ কোঁৱৰ, ৰহা গ্ৰাম্য মণ্ডলৰ কিচান মৰ্চাৰ সভাপতি জিতু ডেকা, ৰহা গ্ৰাম্য মণ্ডলৰ অ’বিচি মৰ্চাৰ সাধাৰণ সম্পাদক ৰূপকোঁৱৰ মেধিৰ লগতে বুথ সভাপতি আৰু দলীয় বিষয়ববীয়াসকলৰ উপস্থিতিত ৰণথলি মণ্ডল যুৱ কংগ্ৰেছৰ সভাপতি ৰিবুল কোঁৱৰ, তিৱা ঐক্যমঞ্চৰ টোপাকুছি সমষ্টি সমিতিৰ সম্পাদক পুনেশ্বৰ কোঁৱৰ, সক্ৰিয় সদস্য দুৰ্গাচৰণ কোঁৱৰ, ৰিপু ডেকা, ৰাজু পাটৰ, বুবু ডেকাৰ লগতে ৫২জন নেতা-কৰ্মীয়ে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে।
উল্লেখ্য যে, অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰখনে দুৰ্নীতিৰ বিৰুদ্ধে গ্ৰহণ কৰা নীতিৰ লগতে অসমৰ উন্নয়ন আৰু বিকাশৰ ধাৰা অব্যাহত ৰাখি অসমক দেশৰ ভিতৰতে প্ৰথম স্থানত ৰখাৰ প্ৰয়াসক সহযোগিতা আগবঢ়াব বুলি মন্তব্য কৰে।
প্ৰেৰক ভৱজ্যোতি ডেকা