নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এজাক মহিলাৰ বিয়া নামৰে মুখৰিত জামুগুৰিহাট

হেৰাই যাবলৈ ধৰা পৰম্পৰা ৰক্ষাৰ চেষ্টা জামুগুৰিহাটৰ মহিলাৰ

নিয়মীয়া বাৰ্তা,জামুগুৰিহাট,১৩ ফেব্ৰুৱাৰীঃ অসমৰ লোক সংস্কৃতিৰ এক এৰাব নোৱাৰা উপাদান হ’ল বিয়া নাম। এখন বিবাহৰ জোৰোণ আৰু বিয়াত মহিলাসকলে গোৱা বিয়ানামে বিবাহস্থলীত সুকীয়া মাদকতা প্ৰদান কৰে। কিন্তু সময়ৰ লগে লগে আমাৰ মাজৰ পৰা এই বিয়া নাম সমূহ হেৰাই যোৱাৰ উপক্ৰম হৈছে। অসমৰ লোক সংস্কৃতিৰ এই চহকী উপাদান বিয়া নাম যাতে সময়ৰ সোঁতত হেৰাই যাব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি অসম সাংস্কৃতিক সঞ্চালকালয়ৰ জামুগুৰি সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত অনুষ্ঠিত হোৱা বিয়ানামৰ প্ৰশিক্ষণ কৰ্মশালাত জামুগুৰিহাটৰ ৩০ গৰাকীৰো অধিক মহিলাই অংশ গ্ৰহণ কৰে।

জামুগুৰিহাটৰ বাপুজী ভৱণত ১০ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা কৰ্মশালাৰ কালি বিয়লি অন্তিম দিনা মহিলাসকলে জাক জাক বিয়া নাম পৰিবেশন কৰি অঞ্চলটো মুখৰ কৰি তোলা দেখিবলৈ পোৱা যায়। উল্লেখ্য যে এখন বিবাহৰ জোৰোণ, পানী তোলা, দৰা-কইনা নোওৱা,অধিবাস,গাঠিয়ন খুন্দা, দৈয়ন দিয়া, সজোৱা, খোবা-খুবীকে ধৰি বিভিন্ন সময়ত কোন খিনি বিয়া নাম গাব লাগে তাৰ ওপৰত সম্পূৰ্ণ ৰূপে প্ৰশিক্ষণ দিয়া হয় এই কৰ্মশালাত। অঞ্চলটোৰ বিশিষ্ট গায়িকা দীপা তামুলীৰ প্ৰশিক্ষণত অংশ লোৱা মহিলা সকলে এখন বিয়াৰ পৃথক পৃথক সময় আৰু পৰিবেশত উপস্থাপন কৰা বিয়া নাম সমুহ দৃশ্য সহিতে কৰ্মশালাৰ সামৰণি অনুষ্ঠানত পৰিবেশন কৰি সকলোকে মুগ্ধ কৰে।

You might also like