নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱত যুৱ-ছাত্ৰ পৰিষদৰ সাংগঠনিক সভা

বিশেষ বাৰ্তা, ১৩ ফেব্ৰুৱাৰী: পূৰ্ণ-স্বায়ত্ত শাসন, দ্বি-নাগৰিকত্ব আৰু আন্ত:ৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা প্ৰৱৰ্তনৰ দাবীৰে গঠিত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ অন্তৰ্গত আঞ্চলিক সমিতিৰ এলেকাধীন বিভিন্ন অঞ্চলত আজি দিনজোৰাকৈ সাংগঠনিক সভা অনুষ্ঠিত হয়। সংগঠনটোৰ পৰিষদৰ তথা ব্যাপ্তি আৰু জনমুখী কৰি সাম্প্ৰতিক সময়ৰ স্থানীয় সমস্যাৰ সমাধানসূত্ৰ নিৰ্ণয় তথা জাতিটোৰ সৰ্বাংগীণ উন্নয়নৰ স্বাৰ্থত সাংগঠনিক সভা আয়োজন কৰা হৈছে বুলি পৰিষদৰ নগাঁও জিলা সমিতিৰ সভাপতি দীপমণি বড়া আৰু সাধাৰণ সম্পাদক প্ৰাগজ্যোতিষ বণিয়াই জানিবলৈ দিছে। লগতে নেতাদ্বয়ে উল্লেখ কৰি কয় যে নগাঁৱৰ উৰিয়াগাঁও, দক্ষিণপাট, বালিগাঁও,হাতীগড়, জাগীয়াল, তেলীয়াপহুকটা, ৰাইদঙীয়া, পানীগাঁও, পুৰণিগুদাম, মৰিকলং বেঙেনাআটী, জলাহ বেবেজীয়া, কাটনীগাঁও আদি বিভিন্ন অঞ্চলত আজি সংগঠনৰ প্ৰচাৰ-প্ৰসাৰত গুৰুত্ব আৰোপ কৰা হৈছে। সংগঠনৰ সাংগঠনিক দিশ শক্তিশালী কৰাৰ স্বাৰ্থতেই এই পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি জানিবলৈ দিছে।
প্ৰেৰক কনক হাজৰিকা

You might also like