বজালী জিলা বাৰ্তাজীৱী সংঘৰ দ্বিতীয় দ্বি-বাৰ্ষিক অধিৱেশনখন সম্পন্ন
নিয়মীয়া বাৰ্তা, ১৩ ফেব্ৰুৱাৰীঃ আমাৰ সৰ্বসাধাৰণ ৰাইজে হয়তো বিশ্বাস কৰিবলৈ টান পাব, কিন্তু প্ৰকৃত সত্য এয়াই যে আজিৰ সমাজত সকলোতকৈ শোষিত-বঞ্চিত শ্ৰেণীটোৱেই হৈছে সাংবাদিকসকল৷ আৰু অসম বাৰ্তাজীৱী সংঘই ডাঁৰৰ খবৰ ডাঁৰে ডাঁৰে প্ৰচাৰ কৰি অহা সাংবাদিকসকলৰ উমৈহতীয়া স্বাৰ্থত প্ৰতিপল সাংবাদিকৰ ন্যায়, অধিকাৰ আৰু সুৰক্ষাৰ হকে মাত মাতি আহিছে৷ -এই মন্তব্য অসম বাৰ্তাজীৱী সংঘৰ সম্পাদক মুকুট ৰাজ শৰ্মাৰ৷
আজি বজালী জিলা সদৰ পাঠশালাত অনুষ্ঠিত বজালী জিলা বাৰ্তাজীৱী সন্থাৰ দ্বিতীয় দ্বি-বাৰ্ষিক অধিৱেশনত উপস্থিত থাকি উক্ত মন্তব্য কৰে সংঘৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদকগৰাকীয়ে৷ পাঠশালাৰ আনন্দৰাম বৰুৱা একাডেমিত অনুষ্ঠিত অধিৱেশনৰ কাৰ্যসূচীৰ আৰম্ভণিতে পতাকা উত্তোলন কৰে বজালী জিলা বাৰ্তাজীৱী সংঘৰ সভাপতি নৱকান্ত কলিতাই৷
গছপুলি ৰোপন কৰে গ্ৰীন মিছন, বজালীৰ সঞ্চালক আনন্দ খাটনিয়াৰে৷ বন্তি প্ৰজ্বলন কৰে অসম বাৰ্তাজীৱী সংঘৰ সম্পাদক মুকুট ৰাজ শৰ্মাই৷ ইয়াৰ পিছতে নৱকান্ত কলিতাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাখন উদ্বোধন কৰি বিশিষ্ট সমাজকৰ্মী, অধিবক্তা তথা পাঠশালা বজাৰ কমিটীৰ সভাপতি গিৰিধৰ চৌধুৰীয়ে সংবাদ পত্ৰৰ ইতিহাস সন্দৰ্ভত তথ্যসমৃদ্ধ বক্তব্য আগবঢ়াই আনৰ প্ৰাপ্যৰ বাবে মাত মাতি অহা সাংবাদিকসকল কিন্তু নিজৰ প্ৰাপ্য অধিকাৰ আৰু নিৰাপত্তাৰ পৰা প্ৰায়েই বঞ্চিত হৈ অহাৰ বিষয়ে উল্লেখ কৰি খেদ ব্যক্ত কৰে৷
বজালী জিলা বাৰ্তাজীৱী সংঘৰ সম্পাদক কল্যাণ কলিতাই উদ্দেশ্য ব্যাখ্যা কৰি আঁত ধৰা সভাখনত উপস্থিত থাকি অসম বাৰ্তাজীৱী সংঘৰ সাংগঠনিক সম্পাদক কিশোৰজ্যোতি শৰ্মাই ১৯৭৪ চনৰ পৰাই বাৰ্তাজীৱী সংঘই ৰাজ্যৰ সাংবাদিকৰ হকে সংঘবদ্ধ হৈ মাত মাতি, কাম কৰি অহা সন্দৰ্ভত বিশদ বিবৰণ দাঙি ধৰে৷
সভাত বাৰ্তাজীৱী সংঘৰ উত্তৰ-পূব মণ্ডলৰ উপ-সভাপতি অখিল কলিতাই ভাষণ প্ৰদান কৰি কয় যে একো একোগৰাকী সাংবাদিকে একোটা অঞ্চলক প্ৰতিনিধিত্ব কৰিব পাৰে৷ কিন্তু আমাৰ একাংশ সংবাদকৰ্মীয়ে কৰি অহা কিছু কৰ্মকাণ্ডৰ বাবে আমি লজ্জিত হবলগীয়াত পৰোঁ৷ গতিকে আমি সংবাদকৰ্মীসকলে এই দিশত সচেতন হোৱা উচিত আৰু সমাজৰ লগতে নিজৰ ন্যায্য প্ৰাপ্যৰ বাবেও মাত মাতি অহা প্ৰয়োজন বুলি তেওঁ দোহাৰে৷
শিল্পী খৰ্গেশ্বৰ তালুকদাৰৰ পৰিচালনাত কণ কণ শিশুৰ এটি দলে বীৰনাম পৰিৱেশন কৰি সকলোকে আপ্লুত কৰা অনুষ্ঠানটোত শলাগৰ শৰাই জ্ঞাপন কৰে সাংবাদিক হীৰেন কলিতাই৷ মুকলি সভাৰ পিছতে নৱকান্ত কলিতাৰ সভাপতিত্বত অনুষ্ঠিত হয় বিষয়বাছনি সভা৷
বাৰ্তাজীৱী সংঘৰ উত্তৰ-পশ্চিম মণ্ডলৰ প্ৰাক্তন সম্পাদক ধ্ৰুৱ শৰ্মাকে প্ৰমুখ্য কৰি সংবাদসেৱাৰ সতে জড়িত ভালেসংখ্যক লোক উপস্থিত থকা বিষয়বাছনি সভাত বজালী জিলা বাৰ্তাজীৱী সংঘৰ পুৰণি সমিতিখন ভংগ কৰি সাংবাদিক ক্ৰমে কৈলাস চৌধুৰীক সভাপতি, কাশ্যপ চৌধুৰীক উপ-সভাপতি, কল্যাণ কলিতাক সম্পাদক, ৰঞ্জিত দাস আৰু সঞ্জীৱ সাগৰ দাসক সহকাৰী সম্পাদক, অখিল কাকতিক সাংগঠনিক সম্পাদক, আমিনুল হকক কোষাধ্যক্ষ, গণেশ আগৰৱালাক কাৰ্যালয় সম্পাদক, নিৰ্মল ৰয়, ৰঞ্জন বৰ্মন আৰু বনজিৎ পাটগিৰিক প্ৰচাৰ সম্পাদক তথা নৱকান্ত কলিতা, হীৰেন কলিতা, ৰাজীৱ তালুকদাৰ আৰু গিৰিজা মোহন কলিতাক উপদেষ্টা হিচাপে লৈ বজালী জিলা বাৰ্তাজীৱী সংঘৰ নতুন সমিতিখন গঠন কৰা হয়৷
প্ৰেৰক কল্যাণ কলিতা