নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বগৰীবাৰীৰ যজ্ঞানুষ্ঠান-নসত্ৰৰ কৃষ্ণগুৰু সেৱাশ্ৰমত অংশগ্ৰহণঃ মিত্ৰজোঁটৰ ধৰ্ম অনুসৰি ৰাজ্যসভাৰ এখন আসন পোৱাৰ আশা প্ৰমোদ বড়োৰ

মিত্ৰজোঁ‌টৰ ধৰ্ম অনুসৰি আমি আশাবাদী: প্ৰমোদ বড়ো
কৃষ্ণগুৰু সেৱাশ্ৰমত আশিস গ্ৰহণ বিটিআৰপ্ৰধানৰ

নিয়মীয়াবাৰ্তা ১৪ ফেব্ৰুৱাৰী : ৰাজ্য সভাৰ নিৰ্বাচনক লৈ চলি থকা জল্পনা কল্পনাৰ মাজতে ৰাজ্যসভাৰ এখন বিচাৰিছে ইউপিপিএলে। দুখন আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হব লগা ৰাজ্যসভাৰ এখন আসনক লৈ আজি গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে বিটিআৰ চীফ প্ৰমোদ বড়োই। মিত্ৰজোঁ‌টৰ ধৰ্ম অনুসৰিয়েই ইউপিপিএলক লাগে ৰাজ্যসভাৰ এখন আসন। এখন আসন পাব বুলি আশাবাদী বিটিআৰৰ চীফ প্ৰBTRমোদ বড়ো।আজি পুৱা ৮-৩০ বজাত সৰ্থেবাৰীৰ নসত্ৰস্থিত কৃষ্ণগুৰু সেৱাশ্ৰমত উপস্থিত হৈ এই মন্তব্য প্ৰকাশ কৰে বিটিআৰ চীফ প্ৰমোদ বড়োই। ৰাজ্যসভাৰ দুখন আসনৰ বাবে হব লগা নিৰ্বাচন সম্পৰ্কত জল্পনা-কল্পনা চলি থকা সময়তে ৰাজ্য সভাৰ দুখন আসনৰ নিৰ্বাচন সন্দৰ্ভত বিটিআৰৰ চীফ প্ৰমোদ বড়োই গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰাত এতিয়া ৰাজ্য সভাৰ নিৰ্বাচনক লৈ নতুন সমীকৰণ দেখা দিছে।ইউপিপিএলৰ মুৰব্বী প্ৰমোদ বড়োই এই দাবী কৰি সংবাদ মাধ্যমৰ আগত কয় যে মিত্ৰজোঁ‌টৰ ধৰ্ম অনুসৰিয়েই ইউপিপিএলে পাব লাগে ৰাজ্য সভাৰ এখন আসন।উল্লেখ্য যে আজি পুৱাই নসত্ৰস্থিত কৃষ্ণগুৰু সেৱাশ্ৰমত উপস্থিত হয় বিটিআৰ চীফ প্ৰমোদ বড়ো। উল্লেখ্য যে নসত্ৰস্থিত কৃষ্ণ গুৰু সেৱাশ্ৰমত চলি আছে অখণ্ড এক নাম কীৰ্ত্তন।কালি প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত হোৱাৰ পিছত আজি পুৱাই কৃষ্ণগুৰু সেৱাশ্ৰমত উপস্থিত হৈ আশ্ৰমৰ আধ্যাত্মিক গুৰু গুৰুকৃষ্ণ প্ৰেমানন্দ প্ৰভূক সাক্ষাত কৰে প্ৰমোদ বড়োই।আধ্যাত্মিক গুৰুগৰাকীক সাক্ষাত কৰি আশিস গ্ৰহণ কৰাৰ লগতে সেৱাশ্ৰমত সেৱা আগবঢ়াই প্ৰমোদ বড়োই কয় যে আধ্যাত্মিক চিন্তাৰে সমাজ গঢ়িলে জীৱনটো শান্তিৰে পাৰ কৰিব পাৰি।আনহাতে হাগ্ৰামা মহিলাৰী সম্পৰ্কত মন্তব্য প্ৰকাশ কৰি প্ৰমোদ বড়োই কয়- হাগ্ৰামা মহিলাৰীৰ লগতে পৰিয়ালৰো শান্তি হওক।একেদৰেই বড়োভূমিত নতুনকৈ প্ৰকট হোৱা ছাত্ৰ সংগঠন সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰমোদ বড়োই কয় যে এইবিলাক সময়ৰ ঢৌৰ লগত বিলীন হৈ যাব।                                                                 প্ৰেৰক নকুল তালুকদাৰ

বগৰীবাৰীৰ মা মহামায়া স্নানঘাট মন্দিৰৰ মহাশক্তি যজ্ঞানুষ্ঠানত অংশগ্ৰহণ বিটিআৰপ্ৰধান প্ৰমোদ বড়োৰ

নিয়মীয়া বাৰ্তা, ১৪ ফেব্ৰুৱাৰী : পৰ্বতঝোৰা মহকুমাৰ অন্তৰ্গত বগৰীবাৰীৰ খোৰাঘাটত থকা ঐতিহাসিক মা মহামায়া স্নানঘাট মন্দিৰৰ বিশ্ব শান্তিৰ বাবে আয়োজিত মহাশক্তি যজ্ঞানুষ্ঠানৰ শুভাৰম্ভণি দিনা আজি বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো উপস্থিত হৈ যজ্ঞানুষ্ঠান অংশগ্ৰহণ কৰি পূজা অৰ্চনা কৰে। উল্লেখযোগ্য যে পৰ্বতঝোৰাৰ মা মহামায়া স্নানঘাট মন্দিৰত প্ৰতি বছৰে মাঘ মাহৰ পূৰ্ণিমা তিথিত এই মহাশক্তি যজ্ঞানুষ্ঠান  অনুষ্ঠিত হয় । কিন্তু এইবেলি চৰকাৰে বান্ধি দিয়া কভিড প্ৰটোকল মানি এইবোৰৰ যজ্ঞানুষ্ঠানটো সীমিত ব্যবস্থাপনাৰ মাজেদি আয়োজক কমিটিয়ে অনুষ্ঠিত কৰিছে। আজিৰ এই মহাশক্তি যজ্ঞানুষ্ঠানত বিটিআৰৰ মূখ্য কাৰ্যবাহী সদস্য  প্ৰমোদ বড়োয়ে যজ্ঞানুষ্ঠান উপস্থিত হৈ মা মহামায়াৰ ওচৰত সেবা আগবঢ়ায় । পিছত অতিকৈ পূৰণি চাৰিশ বছৰীয়া মা মহামায়াৰ ঐতিহাসিক ঘটনা বিজৰিত হৈ থকা এই তীৰ্থস্থানৰ পৰিকাঠামগত দিশসমূহ পৰ্য্যবেক্ষণ কৰে। আজিৰ এই কাৰ্যসূচীত বিটিআৰৰ চীপ প্ৰমোদ বড়োৰ লগত সংগ দিয়ে বিটিআৰৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে , পৰ্বতঝোৰাৰ বিশিষ্ট শিক্ষাবিদ তথা জনতা কলেজৰ অধ্যাপক ডঃ মিহিৰ কুমাৰ ব্ৰক্ষ্ম,  বিশিষ্ট সমাজ সেবক মনেশ্বৰ দৈমাৰী,  ইউপিপিএল দলৰ চিডাব্লিউচি সদস্য আশীষ কুমাৰ সাহা, মহামায়া স্নানঘাট মন্দিৰৰ পৰিচালনা সমিতিৰ সভাপতি তথা বিশিষ্ট সমাজ সেবক বিভীষন ব্ৰহ্ম, পৰিচালনা সমিতিৰ বিশিষ্ট কাৰ্যকৰ্তা আনন্দ বৰ্মন আদিয়ে ।                                                   প্ৰেৰক পাৰ্থসাৰথি চক্ৰৱৰ্তী

You might also like