নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

Factor X (ten) ৰোগত আক্ৰান্ত গহপুৰৰ মেধাৱী ছাত্ৰী আৰতি দেৱী নিৰলা

গহপুৰ সমজিলাৰ হেলেম ৰাজহ চক্ৰৰ অন্তৰ্গত ডিপৰা পুখুৰীৰ এগৰাকী মেধাৱী ছাত্ৰী Factor X ( ten) ৰ দৰে এক জটিল ৰোগত আক্ৰান্ত হৈ আছে। ছাত্ৰীগৰাকীৰ নাম আৰতি দেৱী নিৰলা। ডিপৰা পুখুৰী নিবাসী টিউটৰ শিক্ষক তীৰ্থ নিৰলা আৰু সবিতা নিৰলাৰ জ্যেষ্ঠ কন্যা আৰতি দেৱী নিৰলা গহপুৰৰ ছয়দুৱাৰ মহাবিদ্যালয়ৰ স্নাতক প্ৰথম ষান্মাসিকৰ ছাত্ৰী।

বুৰঞ্জী বিষয়ক মুখ্য বিষয় হিচাপে লৈ অধ্যয়ন কৰা আৰতি দেৱী নিৰলাই উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাৰ ফলাফলত ৮০ শতাংশ নম্বৰ লাভ কৰি মেধাৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে।

দুৰ্ভাগ্যজনক কথা এয়ে যে এটা অতি সাধাৰণ পৰিয়ালৰ জীয়ৰী আৰতি দেৱী নিৰলা আক্ৰান্ত হৈছে Factor X (ten) নামৰ এটা জটিল ৰোগত। দশম শ্ৰেণীত অধ্যয়ন কৰি থকা অৱস্থাত তেওঁ উক্ত ৰোগত আক্ৰান্ত হোৱা বুলি ধৰা পৰে। তেতিয়াৰ পৰা একেলেথাৰিয়ে চিকিৎসাৰ ব্যৱস্থা কৰি এতিয়া সৰ্বস্বান্ত হৈ পৰিছে দুৰ্ভগীয়া পৰিয়ালটো।

ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজ, গুৱাহাটী মেডিকেল কলেজ,এইমছ গুৱাহাটী, বৰগাঙৰ কেথলিক হস্পিতাল, ধেমাজিৰ বিচিবি কেয়াৰ হস্পিটেল, তেজপুৰ মেডিকেল কলেজ, বি বৰুৱা কেন্সাৰ হস্পিতালকে ধৰি অসমৰ বিভিন্ন চিকিৎসালয়ত চিকিৎসা গ্ৰহণ কৰি অহা আৰতি দেৱী নিৰলাক এই ৰোগৰ উপশমৰ বাবে প্ৰয়োজন হৈছে উন্নত চিকিৎসাৰ।

উন্নত আৰু উপযুক্ত চিকিৎসাৰ বাবে আৰতিক বহি:ৰাজ্যৰ আগশাৰীৰ চিকিৎসা প্ৰতিষ্ঠানলৈ নিয়াৰ বাবে পিতৃ মাতৃৰ যথেষ্ট ইচ্ছা প্ৰকাশ কৰিছে যদিও আৰ্থিক অনাটনৰ বাবে থমকি ৰ’ব লগীয়া হৈছে পৰিয়ালটো।

ইপিনে উক্ত ৰোগ নিয়ন্ত্ৰণৰ বাবে নিয়মীয়াকৈ যি ঔষধ সেৱন কৰিব লাগে সেই ঔষধৰো দাম যথেষ্ট বেছি। তেনেক্ষেত্ৰত ছাত্ৰীগৰাকীয়ে ধনৰ অভাৱত নিয়মীয়াকৈ ঔষধ ক্ৰয়ৰ বাবেও অসমৰ্থ হৈ পৰিছে। বৰ্তমান তেজপুৰ মেডিকেল কলেজ এণ্ড হাস্পাতালত চিকিৎসাধীন অৱস্থাত থকা আৰতি দেৱী নিৰলাক চিকিৎসকে উন্নত আৰু উপযুক্ত চিকিৎসাৰ বাবে অসমৰ বাহিৰলৈ যোৱাৰ পৰামৰ্শ দিছে।

কিন্তু পৰিয়ালটোৰ আৰ্থিক অনাটনৰ বাবে তেওঁক অসমৰ বাহিৰলৈ নি চিকিৎসা কৰাৰ ক্ষেত্ৰত তেওঁলোক মুঠেই সমৰ্থ নহয়। উক্ত ৰোগত আক্ৰান্ত হোৱাৰ বাবে ছাত্ৰীগৰাকী প্ৰায়েই চিকিৎসাধীন হ’বলগীয়া হোৱাত পঢ়া শুনাৰ ক্ষেত্ৰতো তেওঁ যথেষ্ট বাধাৰ সন্মুখীন হ’বলগীয়া হৈছে।

ছাত্ৰী গৰাকীৰ লগতে ছাত্ৰী গৰাকীৰ পৰিয়ালটোৱে এইক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰী‌ ড০ হিমন্ত বিশ্ব শৰ্মাৰ সহায় বিচাৰি কাতৰ আহ্বান জনাইছে। কোনো সদাশয় লোকে ছাত্ৰীগৰাকীৰ চিকিৎসাৰ ক্ষেত্ৰত সহায়ৰ হাত আগবঢ়াব বিচাৰিলে ৯৩৬৫৭-৬১৬৩৯ নম্বৰত যোগাযোগ কৰিব পাৰিব।

বিশেষ বাৰ্তা, গহপুৰ, ৮ জুন

You might also like