নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাইলৈৰ পৰা ঐতিহ্যমণ্ডিত সৰ্থেবাৰীৰ জগন্নাথ মহাপ্ৰভুৰ সভা মহোৎসৱ

নিয়মীয়া বাৰ্তা, ১৪ ফেব্ৰুৱাৰী:সমগ্ৰ অসমতে এখন লেখত লবলগীয়া সভা মহোৎসৱ হৈছে ঐতিহাসিক সৰ্থেবাৰীৰ শ্ৰীশ্ৰীজগন্নাথ মহাপ্ৰভুৰ সভা মহোৎসৱ।আধ্যাত্মিক ধ্যান-ধাৰণাৰে উদযাপন কৰা এই সভা মহোৎসৱ হৈছে ঐতিহাসিক সৰ্থেবাৰীৰ লগতে সমগ্ৰ অঞ্চলটোৰ প্ৰাণৰ উৎসৱ।কাইলৈৰ পৰা ২২ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হব এই সভা মহোৎসৱ।উল্লেখ্য যে সৰ্থেবাৰীৰ সংগ্ৰামী ইতিহাস বিজড়িত এই সভা মহোৎসৱ প্ৰতিবছৰে পৱিত্ৰ কলিযুগাব্দ্যা মাঘী পূৰ্ণিমা তিথিক কেন্দ্ৰ কৰি উদযাপন কৰি অহা হৈছে।এইবাৰো আঠদিনীয়াকৈ কাইলৈৰ পৰা শ্ৰীশ্ৰীজগন্নাথ মহাপ্ৰভুৰ ১৫৬সংখ্যক সভা মহোৎসৱৰ আয়োজন কৰা হৈছে।

সৰ্থেবাৰী পাঁচখেল গঞা গয়ৰহৰ লগতে সৰ্থেবাৰী পাঁচখেল উন্নয়ন সমিতিৰ উদ্যোগত ইতিমধ্যেই সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে। কাৰ্যসূচী অনুসৰি কাইলৈ ঐতিহাসিক সৰ্থেবাৰীৰ সভা মহোৎসৱৰ গন্ধ। কাইলৈ গোসাঁই উলিওৱা উৎসৱ উপলক্ষ্যত পুৱা সৰ্থেবাৰী পাঁচখেল গঞা গয়ৰহৰ সমাজভুক্ত সমূহীয়া ৰাইজৰ শ্ৰমদানেৰে ৰভা সজা হব। নিশা আঠ বজাত ধৰ্মীয় পৰম্পৰাৰ লগতে সাংস্কৃতিক শোভাযাত্ৰাৰে সৰ্থেবাৰীৰ চুবুৰিয়ে চুবুৰিয়ে থকা গোসাঁই বিগ্ৰহসমূহ উলিয়াই আনি সৰ্থেবাৰীৰ বৰনামঘৰত স্থাপন কৰা হব আৰু ভকতৰ দ্বাৰা থিয়নাম পৰিৱেশন কৰা হব। এই গোসাঁই উলিওৱা উৎসৱ এক আকৰ্ষণীয় উৎসৱ হিচাপে পৰিচিত।একেদৰে নিশা ৰূপদিগাৰ ৰূপজোতি নাট্য সমাজৰ দ্বাৰা নাট পৰিৱেশন কৰা হব।

১৬ ফেব্ৰুৱাৰীৰ পুৱাৰে পৰা বৰনামঘৰত সমূহীয়া বন্তি প্ৰজ্বলন,জাগৰণ আৰু ভকতনীৰ নাম-প্ৰসংগ অনুষ্ঠিত হব।ইয়াৰ পিছতেই সভা মহোৎসৱৰ আটাইকে আকৰ্ষণীয় অংশ হোমযজ্ঞৰ প্ৰক্ৰিয়া আৰম্ভ হব। ভিন্ন প্ৰান্তৰ পৰা আমন্ত্ৰণ কৰি অনা ১০৮গৰাকী বিজ্ঞ ব্ৰাহ্মণ পুৰোহিতৰ জৰিয়তে মংগল পাঠ, শিৱ পাঠ, চণ্ডী পাঠ, বাতুক পাঠ আদি ভিন্ন শ্লোকৰ মাজেৰে পূৰ্ণাহুতি প্ৰদান কৰি এই হোমযজ্ঞ সমাপন কৰা হব। হোমযজ্ঞৰ সমান্তৰালকৈ ৰাজহুৱা চামিয়ানাৰ তলত ভাগৱত পাঠ আৰু হোমৰ নাম-কীৰ্ত্তন অনুষ্ঠিত হব। এই হোমৰ নামত হাজাৰ হাজাৰ ভকতৰ সমাৱেশ ঘটে। আবেলি চাৰি বজাত ভকতনীৰ নাম-প্ৰসংগ, সন্ধিয়া ৬ বজাত ভকতৰ নাম-প্ৰসংগ অনুষ্ঠিত কৰা হব। নিশা দহ বজাৰ পৰা কৈহাটীৰ কামৰূপীয়া ঢুলীয়াৰ দ্বাৰা ঢুলীয়া প্ৰদৰ্শন কৰাৰ লগতে নিশা পাঠশালাৰ বামাখাটাৰ শংকৰ মাধৱ নাট্য পৰিষদৰ দ্বাৰা নাট পৰিৱেশন কৰা হব।

১৭ ফেব্ৰুৱাৰীৰ পুৱা ৬ বজাত জাগৰণ আৰু ভকতনীৰ নাম প্ৰসঙ্গ, পুৱা ১০ বজাত ভকতৰ নাম প্ৰসঙ্গ, পুৱা ১১ বজাত ধৰ্মালোচনী সভা,আবেলি ৩ বজাত কামৰূপীয়া ঢুলীয়াৰ ঢুলীয়া প্ৰদৰ্শন আৰু নিশা মুগকুছি মিলন নাট্য গোষ্ঠীৰ দ্বাৰা নাট পৰিবেশন কৰা হব।

১৮ ফেব্ৰুৱাৰীৰ পুৱা ভকতনীৰ নাম প্ৰসঙ্গ আৰু জাগৰণ, পুৱা ১০ বজাত ভকতৰ নাম প্ৰসঙ্গ, পুৱা ১১ বজাত কুইজ প্ৰতিযোগিতা,আবেলি তিনি বজাত ৰৌমাৰীৰ গোপাল সেৱক ঢুলীয়া দলৰ ঢুলীয়া প্ৰদৰ্শন,আবেলি চাৰি বজাত ভকতনীৰ নাম প্ৰসঙ্গ,সন্ধিয়া ৬ বজাত ভকতৰ নাম প্ৰসঙ্গ,সন্ধিয়া ৬ বজাৰ পৰা সাংস্কৃতিক অনুষ্ঠান,নিশা দহ বজাত গোপাল সেৱক ঢুলীয়া দলৰ ঢুলীয়া প্ৰদৰ্শন আৰু নিশা ১২ বজাত সমগ্ৰ অসমতে বিশেষ ভাবে চৰ্চিত সৰ্থেবাৰীৰ ৰাজনন্দিনী ভ্ৰাম্যমাণ নাট্যদলৰ নাট অৱতাৰ পৰিবেশন কৰা হব।

১ঌ ফেব্ৰুৱাৰীৰ পুৱা জাগৰণ আৰু ভকতনীৰ নাম প্ৰসঙ্গ,পুৱা ১০ বজাত ভকতৰ নাম প্ৰসঙ্গ,পুৱা ১১ বজাত চিত্ৰাঙ্কন আৰু ৰচনা প্ৰতিযোগিতা,আবেলি তিনি বজাত কামৰূপৰ নতুন পাৰাকুছিৰ শ্ৰীকৃষ্ণ ঢুলীয়া দলৰ দ্বাৰা ঢুলীয়া প্ৰদৰ্শন নিশা আঠ বজাত সাংস্কৃতিক অনুষ্ঠান আৰু নিশা ১২ বজাত বিজয় নগৰৰ ন আদিত্য নাট্যদলৰ নাট প্ৰদৰ্শন কৰিব।

২০ ফেব্ৰুৱাৰীত পুৱা জাগৰণ আৰু ভকত ভকতনীৰ নাম প্ৰসঙ্গ, পুৱা ১১ বজাত আকস্মিক বক্তৃতা প্ৰতিযোগিতা,আবেলি মদন মোহন ঢুলীয়া দলৰ ঢুলীয়া প্ৰদৰ্শন,আবেলি চাৰি বজাত ভকতনীৰ নাম প্ৰসঙ্গ,সন্ধিয়া ৬ বজাত ভকতৰ নাম প্ৰসঙ্গ,সন্ধিয়া ৭ বজাত সাংস্কৃতিক অনুষ্ঠান,নিশা মদনমোহন ঢুলীয়া দলৰ দ্বাৰা ঢুলীয়া প্ৰদৰ্শন আৰু নিশা ১২ বজাত ৰামপুৰৰ পাপৰি মিনি থিয়েটাৰৰ দ্বাৰা নাট পৰিবেশন কৰা হব।

২১ ফেব্ৰুৱাৰীৰ পুৱা জাগৰণ আৰু ভকত ভকতনীৰ নাম প্ৰসঙ্গ, পুৱা ১১ বজাত স্মৃতি পৰীক্ষা,আবেলি ৩ বজাত বিষ্ণুজোতি ঢুলীয়া দলৰ দ্বাৰা ঢুলীয়া প্ৰদৰ্শন,আবেলি চাৰি বজাত ভকতনীৰ নাম প্ৰসঙ্গ,সন্ধিয়া ৪ বজাত ভকতৰ নাম প্ৰসঙ্গ,সন্ধিয়া ৬ বজাত গোসাঁই বিগ্ৰহ নিজ নিজ চুবুৰীৰ নামঘৰলৈ ঘুৰাই নিয়া হব,নিশা দহ বজাত বিষ্ণুজোতি কামৰূপীয়া ঢুলীয়া দলৰ দ্বাৰা ঢুলীয়া প্ৰদৰ্শন আৰু নিশা ১২ বজাত গামোচা মিনি থিয়েটাৰৰ দ্বাৰা নাট পৰিবেশন কৰা হব।

২২ ফেব্ৰুৱাৰীৰ পুৱা ভকতনীৰ নাম প্ৰসঙ্গ অনুস্থিত কৰাৰ লগতে সন্ধিয়া ৬ বজাত সাংস্কৃতিক অনুষ্ঠান আৰু নিশা ১২ শংকৰজোতি নাট্য পৰিষদৰ দ্বাৰা নাট পৰিবেশন কৰা হব।ইপিনে এই সভা মহোৎসৱ উপলক্ষ্যত এখন বিশাল বাণিজ্য মেলাও অনুস্থিত হব বুলি জানিব পৰা গৈছে। সৰ্থেবাৰীৰ সভা মহোৎসৱৰ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হল এই আঠদিনীয়া বিশাল বাণিজ্য মেলা।এই বিশাল বাণিজ্য মেলাত সকলো ধৰণৰ সামগ্ৰীয়ে উপলব্ধ হয়।সভা মহোৎসৱৰ লগত সঙ্গতি ৰাখি মীনাবজাৰৰো আয়োজন কৰা হৈছে।
প্ৰেৰক নকুল তালুকদাৰ

You might also like