নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হোজাই-মৰিগাঁৱত বিজেপিৰ, ঢকুৱাখনাত কংগ্ৰেছে ঘোষণা কৰিলে পৌৰসভা নিৰ্বাচনৰ প্ৰাৰ্থীৰ তালিকা

হোজাই পৌৰসভাৰ বিজেপিৰ প্ৰাৰ্থী তালিকা প্ৰকাশ:

নিয়মীয়া বার্তা,১৪ ফেব্ৰুৱাৰী :- অশেষ জল্পনা-কল্পনাৰ অন্তত আজি হোজাই জিলা বিজেপিৰ সভাপতি অনুপ দেবে হোজাইৰ ১৯খন আসনৰ লগতে ডবকা পৌৰসভাৰ পাঁচখন, লংকা পৌৰসভাৰ এঘাৰখন আৰু লামডিং পৌৰসভাৰ তেৰখন আসনৰ বাবে প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰে। বিজেপিৰ মিত্ৰ দল অগপই পূৰ্বতে বিজেপিলৈ ডবকা পৌৰসভাৰ পাঁচখন আসন এৰি দিছিল যদিও বিজেপি দলে হোজাই আৰু লংকা পৌৰসভাত মিত্ৰজোঁটৰ অংশীদাৰ অগপ দললৈ এখনো আসন এৰি নিদি নিজৰ দলৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰে । জিলা সভাপতিয়ে প্ৰকাশ কৰা হোজাই পৌৰসভাৰ ১৯খন আসনৰ বাবে ১নং ৱাৰ্ডত সুৰজিত শিল, ২নং ৱাৰ্ডত মীনাক্ষি লাংথাচা, ৩নং ৱাৰ্ডত সুস্মিতা বচাক, ৪নং ৱাৰ্ডত চতুৰ্থীৰাণী বিশ্বাস, ৫নং ৱাৰ্ডত প্ৰবীৰ সৰকাৰ, ৬নং ৱাৰ্ডত দিপালী দাস সৰকাৰ, ৭নং ৱাৰ্ডত প্ৰণৱ ঘোষ, ৮নং ৱাৰ্ডত অমিত দাস, ৯নং ৱাৰ্ডত উত্তম দাস, ১০নং ৱাৰ্ডত ৰীণা দত্ত, ১১নং ৱাৰ্ডত পায়েল ভাৱাল, ১২নং ৱাৰ্ডত দিলীপ ধৰ, ১৩নং ৱাৰ্ডত প্ৰীতি দাস, ১৪নং ৱাৰ্ডত প্ৰমিতা সাহা, ১৫নং ৱাৰ্ডত ইম্মাল ফাতিমা, ১৬নং ৱাৰ্ডত বাপ্পি দাস, ১৭নং ৱাৰ্ডত শিপ্ৰা নাথ, ১৮নং ৱাৰ্ডত নিৰ্মলজ্যোতি পাল আৰু ১৯নং ৱাৰ্ডত নচিৰ উদ্দিনক দলীয় প্ৰাৰ্থী হিচাপে ঘোষণা কৰে। ইফালে বিজেপি দলৰ প্ৰকাশিত এই তালিকাৰ পিছতেই হোজাইৰ বহুকেইটা ৱাৰ্ডত বিক্ষোভৰ উকমুকনি ঘটিছে। বিজেপিৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী বহুতে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দিতা কৰাৰ সংকল্প গ্ৰহণ কৰিছে । ইফালে জিলা সভাপতিয়ে ডবকা পৌৰসভাৰ পাঁচ আসনৰ বাবে ক্ৰমে ২নং ৱাৰ্ডৰ বাবে মুন মুন বৰা, ৪নং ৱাৰ্ডৰ প্ৰভামণি কাকতি বৰা, ৬নং ৱাৰ্ডত জুমা মজুমদাৰ, ৭নং ৱাৰ্ডত শিবু ৰঞ্জন দত্ত আৰু ৯নং ৱাৰ্ডত পিংকি দাসক দলীয় প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছে ।               প্ৰেৰক কিশলয় ডি গোস্বামী

হোজাই-মৰিগাঁও জিলা বিজেপিয়ে প্ৰকাশ কৰিলে পৌৰসভা নিৰ্বাচনৰ প্ৰাৰ্থী তালিকা

নিয়মীয়া বার্তা,১৪ ফেব্ৰুৱাৰী :- আগন্তুক পৌৰসভা নিৰ্বাচনৰ মনোনয়ন দাখিলৰ বাবে ২ দিন বাকী সময়তে মৰিগাঁও জিলা বিজেপিয়ে আজি প্ৰকাশ কৰিলে দলীয় প্ৰাৰ্থী তালিকা। মৰিগাঁও জিলা বিজেপিৰ সভাপতি প্ৰবীণ মেধিৰ উপস্থিতিত আজি জিলা বিজেপি কাৰ্যলয়ত অনুষ্ঠিত হোৱা সংবাদ মেলত ৯জনীয়া প্ৰাৰ্থী তালিকা ঘোষণা কৰি বিজেপি সভাপতি প্ৰবীণ মেধিয়ে ক/ যে এইবাৰ দলে মৰিগাঁও পৌৰসভাৰ মুঠ ১১’ ৱাৰ্ডৰ ভিতৰত ৯টাত প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে আৰু ২আৰু ১১নং ৱাৰ্ড দুটা অগপলৈ এৰি দিছে। সেই অনুসৰি ১নং ৱাৰ্ডত যোগেশ তামুলী, ৩নং ৱাৰ্ডত হিমা দাস, ৪নং ৱাৰ্ডত মমী কলিতা, ৫নং ৱাৰ্ডত পিংকূমণি দাস, ৫নং ৱাৰ্ডত মানসী দাস, ৭নং ৱাৰ্ডত ৰিমি চুলতানা, ৮নং ৱাৰ্ডত প্ৰবীণ চন্দ্ৰ মেধি, ৯নং ৱাৰ্ডত সুদক্ষিণা ডেকা আৰু ১০নং ৱাৰ্ডত পূৰ্বৰ পৌৰপতি অৰ্চনা বৰদল ক দলীয় প্ৰাৰ্থীত্ব প্ৰদান কৰা হৈছে। আনহাতে মিত্ৰ দল অগপৰে কোনো বিবাদ নাই হোৱা বুলি প্ৰকাশ কৰিছে জিলা সভাপতি গৰাকীয়ে। কিন্তু ইয়াৰ বিপৰীতে অগপ শিবিৰত আসন বুজাবুজিক লৈ এক নিমিলা অংক চলি থকাৰ লগতে দুইটা দলৰ মাজত মতানৈক্যৰ সৃষ্টি হৈছে। কাৰণ আসন বুজাবুজিৰ হেতু অগপ দলে দুটা ৱাৰ্ড লাভ কৰিছে কিন্তু অগপই বিচাৰিছিল তিনিটা ৱাৰ্ড । তদুপৰি ১১নং ৱাৰ্ড ত বিজেপিৰ গণ ভিত্তি নথকা বাবে অগপলৈ এৰি দিয়া হৈছে যত অগপৰো কোনো জয়লাভৰ সম্ভাৱনা নাই। ইয়াকে সংঘাত সৃষ্টি হৈছে দুইটা দলৰ মাজত। অগপই ইটিমৈধ্যে ১০নং ৱাৰ্ড বিজেপি বিৰুদ্ধে প্ৰাৰ্থী প্ৰক্ষেপৰো যোজা চলোৱা বুলি জানিব পৰা গৈছে।

ঢকুৱাখনা পৌৰসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ

নিয়মীয়া বাৰ্তা, ১৪ ফেব্ৰুৱাৰী : পৌৰসভা নিৰ্বাচন অনুষ্ঠিত হবলগীয়া ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে ঢকুৱাখনাতো নিৰ্বাচনৰ বতাহ বলিছে। নগৰ সমিতিৰ পৰা পৌৰসভালৈ উন্নীত হোৱা ১০টা ৱাৰ্ডৰে নৱগঠিত ঢকুৱাখনা পৌৰসভা নিৰ্বাচনলৈ ইতিমধ্যে ৰাজনৈতিক দলসমূহে কুচ-কাৱাজ অব্যাহত ৰাখিছে। মনোনয়ন পত্ৰ দাখিলৰ বাবে মাজত মাথোঁ এটা দিন বাকী থকা অৱস্থাত আজি ঢকুৱাখনাত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰে। ঢকুৱাখনা ব্লক কংগ্ৰেছৰ কাৰ্যালয়ত এক সংবাদমেলযোগে সভাপতি তৰুণ চেতিয়াই ঘোষণা কৰে প্ৰাৰ্থী সকলৰ নাম ।ঘোষণা কৰা প্ৰাৰ্থীৰ তালিকা অনুসৰি ঢকুৱাখনা পৌৰসভাৰ ১নং ৱাৰ্ডত সুৰজিত কোঁৱৰ, ২নং ৱাৰ্ডত দীপালী লাগাছু, ৩নং ৱাৰ্ডত মিতালী গগৈ, ৪নং ৱাৰ্ডত অৰবিন্দ সূত, ৫নং ৱাৰ্ডত প্ৰসন্ন বৰা, ৬নং ৱাৰ্ডত ললিত দাস, ৭নং ৱাৰ্ডত জাহ্নৱী বৰা, ৮নং ৱাৰ্ডত পুষ্পা বৰা, ৯নং ৱাৰ্ডত প্ৰতিমা চুতীয়া আৰু ১০নং ৱাৰ্ডত যতীন বৈশ্য। আজি সন্ধিয়া মনোনীত প্ৰাৰ্থীসকলৰ মাজত দলীয় টিকটসমুহ বিতৰণ কৰা হব বুলি ঢকুৱাখনা ব্লক কংগ্ৰেছৰ নেতৃত্বই সংবাদমেলত প্ৰকাশ কৰে৷ প্ৰেৰক পুলকজ্যোতি বৰা

You might also like