হেভীৱেট নেতাৰ উপস্থিতিত ৰঙিয়াত পৌৰ নিৰ্বাচনৰ মনোনয়ন দাখিল
নিয়মীয়া বাৰ্তা, ১৫ ফেব্ৰুৱাৰীঃ ৰাজ্যত এতিয়া পৌৰ নিৰ্বাচনৰ বতাহ। ব্যতিক্ৰম নহয় ৰঙিয়াতো । মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিনা ৰঙিয়াত বিভিন্ন দলৰ প্ৰাৰ্থীসকলৰ মাজত দেখা গল সীমাহীন ব্যস্ততা। প্ৰাৰ্থীসকলে দাখিল কৰিলে নিজ নিজ মনোনয়ন। বিজেপিৰ প্ৰাৰ্থীৰ মনোনয়ন দাখিলৰ সময়ত উপস্থিত থাকে ৰাজ্যিক সভাপতি ভৱেশ কলিতা, সাংসদ দিলীপ শইকীয়া, সাংসদ ভুৱনেশ্বৰ কলিতা, কমলপুৰৰ বিধায়ক দিগন্ত কলিতা প্ৰমুখ্যে শীৰ্ষ নেতাসকল।
মনোনয়ন দাখিলৰ পূৰ্বে বিজেপিৰ দলীয় কৰ্মী আৰু প্ৰাৰ্থীসকলৰ মাজত অনুষ্ঠিত এক সভাত সভাপতি কলিতাই সমাগত নিৰ্বাচনত বিজেপি দলে বিজয় ধ্বজা উৰুৱাব বুলি মন্তব্য কৰে। লগতে এইবাৰ বিশেষকৈ ৰঙিয়াত মহিলা প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়া বুলি দোহাৰে। এই নিৰ্বাচনত বিৰোধী দলসমুহে প্ৰতিদ্বন্দিতাত তিষ্ঠি থাকিব নোৱাৰিব বুলি কটাক্ষ কৰে।
আনহাতে সাংসদ দিলীপ শইকীয়াই অসমত বিজেপি চৰকাৰে কৰা কামৰ প্ৰতি সন্তুষ্ট হৈ পৌৰসভাৰ নিৰ্বাচনত অসমৰ ৰাইজে দলৰ প্ৰক্ষেপিত প্ৰাৰ্থীক ভোট দিব বুলি মন্তব্য কৰে। লগতে টিকটকেন্দ্ৰীক সংঘাট সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সাংসদজনে কয় যে ই এক দলীয় সিদ্ধান্ত , সেয়ে টিকটৰ পৰা বঞ্চিত সকলে দলীয় সিদ্ধান্ত মানি লোৱা উচিত। ইফালে মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিনা অন্যান্য দলৰ প্ৰাৰ্থীসকলেও মনোনয়ন পত্ৰ দাখিল কৰা দেখা যায় ।
প্ৰেৰক ফাৰুক আহমেদ