নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাংছু পাছ সীমান্তত ১,৬৪৩ কিঃমিঃ বেৰ ভাৰতৰ, ম্যানমাৰ ব’ৰ্ডাৰ সুৰক্ষিত কৰিবলৈ দৃঢ় পদক্ষেপ দিল্লীৰ

ডিজিটেল ডেস্ক, ডিব্রুগড, ৭ জুন : পাংছু পাছত ভাৰত–ম্যানমাৰ সীমান্তৰ বেৰা নির্মাণকার্য ক্ষিপ্রগতিত আগবাঢ়িছে৷ ভাৰত–ম্যানমাৰ সীমান্তৱর্তী অঞ্চল পাংছু পাছত দীর্ঘকালৰে পৰা অঞ্চলটোত সক্রিয় হৈ থকা উগ্রপন্থী সংগঠনসমূহৰ ভাবুকি, অবৈধ সামগ্রীৰ সৰবৰাহ এতিয়াৰে পৰা ব্যাপক প্রত্যাহ্বান হৈ পৰিব৷ কিয়নো এতিয়া ভাৰত–ম্যানমাৰৰ আন্তঃৰাষ্ট্রীয় সীমান্তত বেৰা নির্মাণকাৰ্য ক্ষিপ্রগতিত আগবাঢ়িছে৷ প্রতিকূল বতৰ সত্ত্বেও অৰুণাচল প্রদেশৰ চাংলাং জিলাৰ পাংছু পাছত ভাৰত–ম্যানমাৰ সীমান্তৰ বেৰ নির্মাণকার্যৰ ক্ষেত্রত ইতিপূর্বে গ্রহণ কৰা পদক্ষেপক বাস্তৱ ৰূপ দিয়াৰ কাম ক্ষিপ্রতাৰে আগবাঢ়িছে বুলি চৰকাৰী বিষয়াসকলে জানিবলৈ দিছে৷

অৰুণাচল প্রদেশৰ উগ্রপন্থী জর্জৰিত টিৰাপ, চাংলাং আৰু লংডিং অঞ্চলৰ অন্তর্গত পাংছু পাছৰ এই কাম ২০২৫ চনৰ নৱেম্বৰ মাহত আৰম্ভ হৈছিল৷ ব’ৰ্ডাৰ ৰোডছ অর্গেনাইজেচন (বিআৰঅ’)ৰ এজন বিষয়াৰ মতে বর্তমানলৈকে দুই কিলোমিটাৰ বেৰা নির্মাণৰ কাম সম্পূর্ণ হৈছে৷ ইয়াৰ লগতে বেৰাৰ কাষে কাষে এটা নতুন পথো নির্মাণ কৰা হৈছে, যাৰ বর্তমানলৈকে পাঁচ কিলোমিটাৰ কাম সম্পূর্ণ হৈ উঠিছে৷ আজি বি আৰ অ’ৰ বিষয়াগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয়- ‘২০২৫ চনৰ নৱেম্বৰ মাহত পাংছু পাছত কাম আৰম্ভ হৈছিল আৰু দুর্গম ভূখণ্ড তথা প্রতিকূল বতৰ সত্ত্বেও আমি দুই কিলোমিটাৰ বেৰা নির্মাণৰ কাম সম্পূর্ণ কৰিছোঁ৷ ইয়াৰ উপৰি সীমান্তৰ বেৰাৰ কাষে কাষে পাঁচ কিলোমিটাৰৰ এটা দীঘল নতুন পথো নির্মাণ কৰা হৈছে৷’

দীর্ঘদিন ধৰি উগ্রপন্থীৰ কার্যকলাপৰ দ্বাৰা প্রভাৱিত জিলাকেইখনৰ উগ্রপন্থী সমস্যাৰ স্থায়ীভাৱে সমাধান কৰাৰ বাবে কেন্দ্রীয় চৰকাৰৰ পৃষ্ঠপোষকতাত গ্রহণ কৰা এক বৃহৎ আঁচনিৰ অংশ হৈছে এই সীমান্ত বেৰা প্রকল্প৷ অৰুণাচল প্রদেশ, মণিপুৰ, মিজোৰাম আৰু নাগালেণ্ডৰ মাজেৰে যোৱা সমগ্র ১,৬৪৩ কিলোমিটাৰ দৈর্ঘ্যৰ ভাৰত–ম্যানমাৰ সীমান্তত বেৰা দিবলৈ কেন্দ্রই ৩১,০০০ কোটি টকা মঞ্জুৰ কৰিছে৷ ইয়াৰ ভিতৰত অৰুণাচল প্রদেশে আটাইতকৈ দীঘল ৫২০ কিলোমিটাৰ সীমান্ত ভগাই লৈছে, ইয়াৰ পিছতে আছে মিজোৰাম (৫১০ কিলোমিটাৰ), মণিপুৰ (৩৯৮ কিলোমিটাৰ) আৰু নাগালেণ্ড (২১৫ কিলোমিটাৰ)৷ সশস্ত্র বাহিনীয়ে যোগান ধৰা সুৰক্ষা বেষ্টনীৰ মাজত বিআৰঅ’ই এই বেৰা নির্মাণৰ কাম চলাই আছে৷ নির্মাণকার্যত নিয়োজিত শ্রমিকসকলক সুৰক্ষা প্রদান কৰা সুৰক্ষা কর্মীসকলৰ ওপৰত উগ্রপন্থী সংগঠনে আক্রমণ চলোৱাৰো ঘটনা ঘটিছে৷

সুৰক্ষা সংস্থাসমূহৰ মতে এই অঞ্চলত সক্রিয় হৈ থকা উগ্রপন্থী সংগঠনসমূহে এই প্রকল্পৰ তীব্র বিৰোধিতা কৰিছে৷ কাৰণ ই সম্পূর্ণ হ’লে উগ্রপন্থীসকলৰ সীমান্ত পাৰাপাৰ হোৱাৰ সহজ যাতায়াত বন্ধ হৈ পৰিব আৰু তেওঁলোকৰ যোগান ব্যৱস্থা বিচ্ছিন্ন হ’ব৷ এজন বিষয়াই কয়, ‘এই প্রকল্পটো সম্পূর্ণ হ’লে দশক দশক ধৰি সুৰুঙা থকা সীমান্তৰ সুযোগ লৈ অহা উগ্রপন্থী সংগঠনসমূহৰ কার্যক্ষমতা উল্লেখনীয়ভাৱে হ্রাস পাব৷’ অৰুণাচল প্রদেশৰ উল্লিখিত জিলাকেইখন ঐতিহাসিকভাৱে উত্তৰ–পূবৰ আটাহতকৈ বেছি উগ্রপন্থী জর্জৰিত অঞ্চলসমূহৰ ভিতৰত অন্যতম, য’ত ম্যানমাৰ সীমান্তৰ ঘন হাবিৰ মাজত কেইবাটাও সশস্ত্র সংগঠনে এই পর্যন্ত কার্যকলাপ চলাই আহিছে৷ চলিত বর্ষৰ মার্চ মাহত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে উল্লেখ কৰিছিল যে মণিপুৰত ৩০ কিলোমিটাৰ সীমান্তৰ বেৰা নির্মাণৰ কাম সম্পূর্ণ হৈছে৷ ইয়াৰ দ্বাৰা ম্যানমাৰৰ সৈতে সীমান্ত ভাগ কৰা আটাইকেইখন ৰাজ্যতে কাম ক্ষিপ্রতৰ কৰাৰ বাবে কেন্দ্রীয় চৰকাৰৰ তৎপৰতা প্রকাশ পাইছে৷

বিষয়াসকলে জনোৱা মতে, অঞ্চলটোত দীর্ঘম্যাদী শান্তি আৰু স্থিৰতা নিশ্চিত কৰাৰ বাবে সীমান্ত ছীল কৰাৰ কৌশলগত তথা সুৰক্ষাজনিত গুৰুত্বক প্রাধান্য দি কেন্দ্রই এই কাম সোনকালে সম্পূর্ণ কৰিবলৈ স্পষ্ট নির্দেশ দিছে৷

You might also like