বীৰ দ’দান সমন্বয় ক্ষেত্ৰৰ পৰা বাপন শৰ্মাঃ কাইলৈৰ পৰা আৰম্ভ হ’ব নিখিল ৰাভা ছাত্র সন্থা আৰু মহিলা পৰিষদৰ যুটীয়া দ্বি -বাৰ্ষিক অধিৱেশন। ওদালগুৰি জিলাৰ সদৰ ভেৰগাঁওৰ বীৰ দ’দান সমন্বয় ক্ষেত্ৰত তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব লগা অধিৱেশন সুচাৰুৰূপে পৰিচালনা কৰিবলৈ ইতিমধ্যে ক্ষুদ্ৰ চাহ খেতিয়ক, যুৱ সমাজকৰ্মী তথা যুৱনেতা জৌৰশ্ৰাং বড়োক সভাপতি, শশীন্দ্ৰ ৰাভাক কায্যকৰী সভাপতি, ধৰ্মকান্ত ৰাভাক মুখ্য সম্পাদক হিচাপে লৈ এখনি শক্তিশালী আদৰণি সমিতি গঠন কৰাৰ লগতে কেইবাখনো আদৰণি সমিতি গঠন কৰিছে। নিখিল ৰাভা ছাত্র সন্থা আৰু নিখিল ৰাভা মহিলা পৰিষদৰ যৌথ উদ্যোগত, ওদালগুৰি জিলা ৰাভা ছাত্র সন্থাৰ সহযোগত ১৮ফেব্ৰুৱাৰীৰ পৰা ২০ফেব্ৰুৱাৰীলৈ তিনিদিনীয়াকৈ অনুষ্ঠিত হব লগা নিখিল ৰাভা ছাত্র সন্থাৰ ১৮সংখ্যক আৰু মহিলা পৰিষদৰ ১১সংখ্যক যুটীয়া দ্বি-বাৰ্ষিক অধিৱেশন উপলক্ষে ইতিমধ্যে ৬০ বিঘা মাটি কালিক সামৰি বিশাল প্ৰস্তুতি চলাইছে। তিনিও দিনৰ কায্যসূচীত উপস্থিত হ’বলগীয়া ২০০০ প্ৰতিনিধি আৰু ২০হাজাৰ লোকক আদৰিবলৈ ৫০০ স্বেচ্ছা সেৱক বাহিনী সাজু হৈ উঠিছে।১২০ ফুট দীঘলৰ ৮০ফুট পুতলৰ মূল ৰভাৰ লগতে ৫০/৩০আৰু ৫০/২৫ দীঘল -পুতলৰ দুখনকৈ মঞ্চ সাজি উলিয়াইছে।
তিনিদিনৰ কায্যসূচীত ৰাইজৰ সুবিধাৰ বাবে এখন বিশাল মুকলি মেলাৰো আয়োজন কৰিছে। ৰাভা জনগোষ্ঠীৰ ধৰ্মীয় পৰম্পৰা ৰীতি -নীতি ধৰি ৰখাৰ উদ্যেশ্য আটক ধুনীয়াকৈ সাজি উলিওৱা হৈছে এটা বাইখু মন্দিৰ। আদৰণি সমিতিয়ে জানিবলৈ দিয়ামতে তিনিওটা দিনত ১০হাজাৰ ভক্তপ্ৰাণ ৰাইজে শৰাই, নৈবদ্য আগবঢ়াব। অধিবেশনত উৰিব লগীয়া নিখিল ৰাভা ছাত্র সন্থাৰ ১৮ খনকৈ পতাকাৰ বাবে পতাকা বেদী, স্মৃতি তৰ্পৰ বেদী, শ্বহীদ বেদী, অতিথিশালা, মুকলি মেলা, মুখ্য প্ৰবেশ দ্বাৰ, তোৰণ, ভোজনালয়, মুল ৰভা, মঞ্চ,আদি সম্পূৰ্ণ কৰি তলি কেৱল মাত্ৰ প্ৰতিনিধি আৰু ৰাইজক আদৰিবলৈ সাজু হৈ উঠিছে আদৰণি সমিতি। মুকলি সভাত ৰাভা হাচং স্বায়ত্ব পৰিষদৰ মুখ্য কায্যবাহী সদস্য টংকেশ্বৰ ৰাভা,বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰী, বিটিচিৰ মুখ্য কায্যবাহী সদস্য প্ৰমোদ বড়ো, মঙ্গলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া, ৰাজ্যিক শিক্ষা মন্ত্ৰী ৰণোজ পেগুৰ উপৰিও নিখিল ৰাভা ছাত্র সন্থাৰ কেন্দ্ৰীয় নেতৃত্ব, মহিলা পৰিষদৰ কেন্দীয় বিষয় ববীয়া, সমাজকৰ্মীৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ জাতীয় ছাত্র সংগঠনৰ নেতৃবৃন্দই অংশগ্ৰহণ কৰিব।