নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বেবেজীয়াত তিনিখন হাতেলিখা আলোচনী উন্মোচন

নিয়মীয়া বাৰ্তা, বেবেজীয়া, ১৬ জানুৱাৰীঃ সমাজলৈ আমি আহিলো যেতিয়া সমাজত জীয়াই থাকি কিবা অকণমান কৰি যাবলৈ সকলোৱে যত্ন কৰা ভাল ৷ পূৰ্বজন্মৰ কথা নাজানো বা আকৌ যে জন্ম ল’ম সিও এক কল্পনাহে মাথোন ৷ গতিকে জীৱনকালত আমি যদি টু-থ্ৰি পাৰ্চেণ্টও সমাজক দি যাব পাৰো তাৰ বাবে আমি যত্ন কৰিব লাগে ৷ আনহাতে  জীৱনত চেলেণ্জ মনোভাৱেৰে  ছাত্ৰ-ছাত্ৰী সকল আগবাঢ়ি গৈ লক্ষ্য সাধনত উপনীত হ’বলৈ পাৰিব লাগিব ৷ নিজৰ মাজত থকা চেলেণ্জ মনোভাৱে ছাত্ৰ-ছাত্ৰীক উন্নতিৰ জখলাত আৰোহণ কৰাই ৷ এই মন্তব্য নগাঁও জিলা সংমণ্ডলৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক মৃদুল কুমাৰ নাথৰ ৷ যোৱা ১৫ ফেব্ৰুৱাৰীত বেবেজীয়া ভোগেশ্বৰ হাজৰিকা ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হাতেলিখা আলোচনী উন্মোচনী অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে যোগদান কৰি পৰিদৰ্শকগৰাকীয়ে  ভাষণ আগবঢ়ায়।

বিদ্যালয়খনৰ অধ্যক্ষ উপেন বৰাই আকৰ্ষণীয়কৈ পৰিচালনা কৰা অনুষ্ঠানটিত নগাঁও জিলা সাহিত্য সভাৰ সভাপতি পৰাণ কুমাৰ বৰুৱাই বিশিষ্ট অতিথি হিচাপে অংশ গ্ৰহণ কৰি ছাত্ৰী সকলক উদ্দেশ্যি  কবিতা শব্দ আৰু বাক্যৰ সমষ্টি নহয় আৰু পাঠকতকৈ ডাঙৰ সমালোচকো কোনো নাই বুলি বক্তব্য দাঙি ধৰি অধ্যয়নত মনোনিৱেশ কৰি সৃষ্টিশীল কৰ্মত আগবাঢ়ি যাবলৈ ছাত্ৰীসকলক পৰামৰ্শ আগবঢ়াই ৷  শিক্ষক নয়নজ্যোতি শইকীয়া ৰচনা আৰু সুৰাৰোপিত সমবেত সংগীত পৰিবেশনেৰে ছাত্ৰী সকলে পৰিবেশন কৰা সমবেত সংগীতেৰে আৰম্ভ হোৱা অনুষ্ঠানটিত বিশিষ্ট অতিথি ৰূপে নগাঁও ছোৱালী মহাবিদ্যালয়ৰ হিন্দী বিভাগৰ সহযোগী অধ্যাপিকা ড° মনিকা শইকীয়া উপস্থিত থাকি  লেখন কলা সম্পৰ্কে বক্তব্য দাঙি ধৰি তেওঁ  ছাত্ৰী সকলক সাহিত্য সৃষ্টিৰ বাবে সাধনালব্ধ জ্ঞানেৰে আগবাঢ়ি যাবলৈ আহ্বান জনায় ৷  অনুষ্ঠানটোত ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীৰ ছাত্ৰী সকলে ‘ৰ’দ কাঁচিয়লি’, নৱমৰ পৰা দশম শ্ৰেণীৰ ছাত্ৰী সকলে ‘প্ৰভাতী সুৰুয’ আৰু একাদশৰ পৰা দ্বাদশ মানৰ ছাত্ৰী সকলে ‘সৃষ্টিৰ সোপান’ নামৰ হাতেলিখা আলোচনীকেইখন প্ৰকাশ কৰি উলিওৱাৰ লগতে দুগৰাকীকৈ ছাত্ৰী সম্পাদকে আলোচনীকেইখন সম্পাদনা কৰে ৷ আলোচনীকেইখনৰ সম্পাদকদ্বয় সকল ক্ৰমে কৃষ্ণাক্ষী দীৱী আৰু গায়ত্ৰী দেৱী, কৰিষ্মা মেধী আৰু টিনাশ্ৰী দেৱী, অংকিতা দেৱী আৰু পূজা বৰা ৷

You might also like