কুঠৰী কাণ্ডত মৃত্যু হোৱা বৰছিং তিছোৰ ঘৰত মন্ত্ৰী পীয়ূষ হাজৰিকাঃ আগবঢ়ালে ১ লাখ টকাৰ সাহায্য
নিয়মীয়া বাৰ্তা, ১৭ ফেব্ৰুৱাৰী: জাগীৰোড থানাৰ অন্তৰ্গত অসম-মেঘালয় সীমান্তৱৰ্তী কুঠৰী গাঁৱত ১৫ ফেব্ৰুৱাৰীত বনকৰ্মীৰ গুলীত মৃত্যু হোৱা বৰছিং তিছোৰ পৰিয়ালৰ বুজ লোৱাৰ উদ্দেশ্যে বৃহস্পতিবাৰে তিছোৰ গৃহত উপস্থিত হয় জাগীৰোডৰ বিধায়ক তথা ৰাজ্য চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী পীয়ূষ হাজৰিকা। দুৰ্ভগীয়া পৰিয়ালটিক সমবেদনা জ্ঞাপন কৰি মন্ত্ৰী পীয়ূষ হাজৰিকাই এক লাখ টকাৰ আৰ্থিক সাহাৰ্য আগবঢ়োৱাৰ লগতে ঘটনাৰ উচিত তদন্ত কৰি দোষীক উপযুক্ত শাস্তি প্ৰদানৰ আশ্বাস দিয়ে পৰিয়ালটিক। আনহাতে সাংবাদিকৰে হোৱা বাৰ্তালাপত মন্ত্ৰী পীয়ূষ হাজৰিকাই কয়- প্ৰত্যেকটো মৃত্যুৱেই মোৰ বাবে কষ্টদায়ক। মোৰ সমষ্টিৰ ব্যক্তি এজন বনকৰ্মীৰ গুলীত মৃত্যু হোৱাত মই অত্যন্ত দুঃখিত। এই ঘটনাৰ উচিত তদন্ত কৰা হ’ব।
প্ৰেৰক হৰি প্ৰসাদ মল্লিক