নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বজালী জিলাত নতুনকৈ অন্তৰ্ভুক্ত সৰুক্ষেত্ৰী সমষ্টিৰ গাঁও পৰিদৰ্শন জিলা উপায়ুক্তৰ

নিয়মীয়া বাৰ্তা, ২৩ ফেব্ৰুৱাৰীঃ বজালী জিলাত নতুনকৈ অন্তৰ্ভুক্ত হোৱা সৰুক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত উত্তৰ পাকা গাঁও পঞ্চায়ত, পূব পাকা গাঁও পঞ্চায়ত, উত্তৰ পূব পাকা গাঁও পঞ্চায়ত আৰু মধ্য পাকা গাঁও পঞ্চায়ত এলেকাৰ শৈক্ষিক অনুষ্ঠান, চিকিৎসালয়, গাঁও পঞ্চায়তৰ কাৰ্যালয়, সুলভ মূল্যৰ দোকান, আৰক্ষী চকী আদি বজালীৰ জিলাধিপতি ভাৰত ভূষণ দেৱ চৌধুৰীয়ে আজি পৰিদৰ্শন কৰি অঞ্চলটোৰ সামগ্ৰিক বুজ লয়৷ এই সময়ছোৱাত তেওঁ স্থানীয় ৰাইজৰ লগতো মত বিনিময় কৰে৷ উক্ত অঞ্চলৰ বিভিন্ন সমস্যা, বাট পথৰ অৱস্থা, ৰাইজৰ অভাৱ-অভিযোগ, সুলভ মূল্যৰ দোকানৰ স্বৰূপ, শৈক্ষিক অনুষ্ঠানৰ ৰূপৰেখা আদি স্বচক্ষে বুজ লোৱাৰ উদ্দেশ্যে জিলাধিপতিগৰাকী আজি উক্ত অঞ্চলত উপস্থিত হয়৷ জিলাধিপতিগৰাকীয়ে প্ৰথমতে উপস্থিত হয় আমদহ মজলীয়া বিদ্যালয়ত। ইয়াত তেওঁ বিদ্যালয়খনৰ বিভিন্ন দিশৰ বুজ লোৱাৰ উপৰি শিক্ষাৰ্থীৰ সতেও শ্ৰেণীকোঠাত মত বিনিময়ত কৰে৷ ইয়াৰ পাছত আমদহ ক্ষুদ্ৰ স্বাস্থ্যকেন্দ্ৰ, আৰক্ষী চকী, বজাৰ, গাওঁ পঞ্চায়তৰ কাৰ্যালয় পৰিদৰ্শন কৰাৰ উপৰি সুলভ মূল্যৰ দোকান পৰিদৰ্শন কৰ মজুতকৰণ খাদ্য সামগ্ৰীৰ তালিকাৰ তন্ন তন্নকৈ বুজ লয়৷ আজি জিলাধিপতিৰ এই পৰিদৰ্শন কাৰ্যসূচীত অঞ্চলটোৰ ৰাইজ সুখী হোৱাৰ লগতে একাংশ ৰাইজে কয় যে প্ৰশাসনিক বিষয়াসকল সঘনে এই অঞ্চললৈ আহিলে অঞ্চলটোৰ ক্ষিপ্ৰ উন্নয়ন হোৱাৰ লগতে কাৰ্যদিনত কেতিয়াবা কেতিয়াবা বন্ধ থকা কাৰ্যালয়বোৰ আৰু বন্ধ হৈ নাথাকিব৷ জিলাধিপতি দেৱ চৌধুৰীয়ে ৰাইজৰ কথা অন্তৰঙ্গতাৰে শুনি ৰাইজক আশ্বাস দি কয় যে বজালী জিলাৰ এই অঞ্চলবোৰক জাকত জিলিকা কৰি নিৰ্মাণ কৰাই, ইয়াৰ আৰ্থ সামাজিক দিশটো উন্নয়ন কৰাটোৱে হব বজালী জিলা প্ৰশাসনৰ অন্যতম সংকল্প৷ তেওঁ ৰাইজক কয় যে এতিয়াৰ পৰা ৰাইজৰ ওচৰলৈ প্ৰশাসনিক বিষয়াসকল সঘনে আহিব আৰু ৰাইজে নিজৰ সমস্যাৰ কথা নিজৰ অঞ্চলতে প্ৰশাসনক কব পাৰিব৷
প্ৰেৰক কল্য়াণ কলিতা

You might also like