নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যুদ্ধবিধ্বস্ত ইউক্রেইনত এতিয়াও আবদ্ধ ৰাজ্যৰ বহু শিক্ষার্থী

নিয়মীয়া বাৰ্তা,২৫ ফেব্ৰুৱাৰীঃ যুদ্ধবিধ্বস্ত ইউক্রেইনৰ পৰা সুকলমে দেশলৈ উভতি আহিবলৈ সক্ষম হৈছে অসমৰ পাঁচ চিকিৎসা বিজ্ঞানৰ শিক্ষার্থী৷ ভাৰত চৰকাৰে প্রেৰণ কৰা বিশেষ বিমানেৰে অন্য ভাৰতীয়সকলৰ লগতে বৃহস্পতিবাৰে দিল্লীত উপস্থিত হোৱা শিক্ষার্থীকেইগৰাকী হ’ল– ডেইজী মেধি, হার্বি দত্ত, চিৰঞ্জীৱ ডেকা, ছবিৰ হক আৰু স্নেহ অধ্যাপক৷

উল্লেখ্য যে ৰাছিয়াই ইউক্রেইনৰ ওপৰত আক্রমণ কৰাৰ সম্ভাৱনাই ইতিপূর্বে দেশখনৰ ওপৰত সৃষ্টি কৰা আতংকই অসমৰ শিক্ষার্থীসকলকো শংকিত কৰি তুলিছিল৷ এনে শংকাৰ মাজতে কালি বৈদেশিক মন্ত্রালয়ে ইউক্রেইনত থকা ভাৰতীয়সকলক উদ্ধাৰৰ বাবে বিশেষ বিমান প্রেৰণ কৰে৷ এই বিমানতে উভতি আহিবলৈ সক্ষম হ’ল এই পাঁচগৰাকী শিক্ষার্থী৷ বৃহস্পতিবাৰে নতুন দিল্লীত উপস্থিত হোৱাৰ পাছত বিমানেৰে নিশাৰ ভাগত অসমলৈ আহে৷

ইফালে, বৃহস্পতিবাৰে ৰাছিয়াই ইউক্রেইনৰ ওপৰত আক্রমণ আৰম্ভ কৰাৰ ফলত দেশখনত আবদ্ধ হৈ পৰিছে অসমৰ আন বহু শিক্ষার্থী৷ বিশেষকৈ ভাৰতলৈ আহিবলগা বিমানসমূহ বাতিল কৰাৰ পাছত ক্রমাৎ চিন্তা বঢ়াই তুলিছে এই শিক্ষার্থীসকলৰ পিতৃ–মাতৃৰ৷

এই সন্দর্ভত নগাঁৱৰ নিকটা জয়ন্ত নামৰ ছাত্রীগৰাকীয়ে ফোনযোগে পিতৃ–মাতৃক জানিবলৈ দিয়া মতে, ক্রমাৎ পৰিস্থিতি জটিল হৈ পৰাত অসমৰ শিক্ষার্থীসকল ক’লৈ যাব অথবা দেশখনত সুৰক্ষিত হৈ থাকিবনে নাই, তাক লৈ শংকা বৃদ্ধি হৈছে৷ ছাত্রীগৰাকীয়ে প্রকাশ কৰা মতে, সমগ্র দেশখনতে জৰুৰী অৱস্থা ঘোষণা কৰাৰ ফলত বেংকসমূহত গ্রাহকৰ ভিৰ বৃদ্ধি পাইছে৷ পৰিতাপৰ বিষয়টো হ’ল ইউক্রেইনত এতিয়া সকলোধৰণৰ এটিএম বন্ধ কৰি দিয়া হৈছে আৰু অন্য দেশৰ বেংকৰ কার্ডসমূহ ব্লক কৰি দিয়া হৈছে৷ সমান্তৰালভাৱে ৰাছিয়াৰ মিছাইল আক্রমণৰ সম্ভাৱনাৰ প্রতি লক্ষ্য ৰাখি চহৰ অঞ্চলসমূহত ৱাংকাৰ প্রস্তুত কৰা হৈছে আৰু ছাইৰেন বাজিলেই নাগৰিকসকলক ৱাংকাৰলৈ যাবলৈ নির্দেশ দিছে৷ কার্যতঃ এক আতংকময় পৰিস্থিতি বিৰাজ কৰিছে সমগ্র দেশখনতে৷

ছাত্রী ডেইজী জয়ন্তৰ মতে, চহৰখনৰ পশ্চিম অঞ্চলত থকা টান’পিনত এতিয়াও ৰাছিয়াৰ আক্রমণৰ প্রভাৱ পৰা নাই যদিও এই টান’পিন নেচনেল মেডিকেল কলেজতে আবদ্ধ হৈ পৰিছে অসমৰ বহু শিক্ষার্থী৷ ইয়াৰ বিপৰীতে কিন্তু পূব প্রান্তত থকা চুমি ষ্টেট মেডিকেল ইউনিভার্ছিটীৰ শিক্ষার্থীসকল যথেষ্ট সমস্যাত পৰিছে৷ ৰাছিয়াৰ সীমান্তত লাগি থকা এই বিশ্ববিদ্যালয়খনৰ বহু ছাত্র–ছাত্রী ইতিমধ্যে দেশলৈ ঘূৰি যাবলৈ ৰাজধানী কিয়েভ’ত বাহৰ পাতিছে যদিও বিমানসমূহ বাতিল কৰাত ৰাজধানী চহৰখনৰ ৰাজপথতে নিশা অতিবাহিত কৰিবলগা হৈছে৷ ইফালে, এক জটিল পৰিস্থিতিৰ মাজত সোমাই পৰা অসমৰ ছাত্র–ছাত্রীসকলক লৈ অভিভাৱক তথা পিতৃ–মাতৃও উদ্বিগ্ন হৈ পৰিছে৷

You might also like