নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বজালীত জীৱিকাৰ বাবে দক্ষতা বিকাশ আৰু জ্ঞান আহৰণ অনুষ্ঠান সম্পন্ন

নিময়ীয়া বাৰ্তা, ২৭ ফেব্ৰুৱাৰীঃ পাঠশালাৰ চৌখুটিস্থিত বজালী খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয় চৌহদত শনিবাৰে বজালী জিলা প্ৰশাসনে দক্ষতা বিকাশ আৰু সংস্থাপনৰ বাবে এক দিনজোৰা অনুষ্ঠানৰ আয়োজন কৰা হয়। ভাৰত চৰকাৰৰ দক্ষতা বিকাশ আৰু উদ্যোগ মন্ত্ৰালয়ৰ ‘সংকল্প’ আঁচনিৰ অধীনত অনুষ্ঠিত এই অনুষ্ঠানৰ মূল উপজীৱ্য হ’ল ‘জীৱিকাৰ বাবে দক্ষতা বিকাশ আৰু জ্ঞান আহৰণ’।

উল্লেখ্য যে দুগ্ধ আৰু পশুপালন, উদ্যোগিক প্ৰশিক্ষণ কেন্দ্ৰ, ৰেচম, কৃষি, হস্ততাঁত আৰু বস্ত্ৰ, অসম গ্ৰামীণ জীৱিকা অভিযান, সমাজ কল্যাণ আদি কেবাটাও বিভাগে অংশগ্ৰহণ কৰা প্ৰদৰ্শনী মুকলি কৰে ৰাজ্যৰ কেবিনেট মন্ত্ৰী তথা পাটাছাৰকুছি সমষ্টিৰ বিধায়ক ৰণজিৎ কুমাৰ দাসে। এক্দৰে শিক্ষা, দক্ষতা আৰু ভৱিষ্যতৰ সংস্থাপনৰ দিশত আলোকপাত কৰি কৰ্মশালা মুকলি কৰে বজালী জিলাৰ উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীয়ে৷

কৰ্মশালাখনত সমল ব্যক্তি হিচাপে উপস্থিত থাকে ক্ৰমে ড° বিনীতা বৰা দেৱচৌধুৰী, পৰাগ বৰ্মন, বনজিৎ দাস, ড° হিতেশ পাঠক, ড° প্ৰতুল বৰ্মন, মুনীন্দ্ৰ কুমাৰ বৰ্মন, চন্দন তালুকদাৰ আৰু বেদাংগ কাশ্যপে৷ তাৰোপৰি অনুষ্ঠানৰ অন্যতম আকৰ্ষণ আছিল ‘সাফল্যৰ আঁৰৰ কাহিনী’ শীৰ্ষক অন্তৰংগ আলাপৰ অনুষ্ঠান৷ এই অনুষ্ঠানটোৰ যোগেৰে উপস্থিত দৰ্শক-শ্ৰোতাৰ মনত উদয় হোৱা সংশয় আঁতৰ হোৱাৰ লগতে সম্ভাৱনাৰ এখন দুৱাৰো মুকলি হয় বুলি উপস্থিত সকলে মত ব্যক্ত কৰে৷

প্ৰেৰক- কল্যাণ কলিতা

You might also like